Amit Shah Signals Himanta Biswa Sarma as Next Assam Chief Minister from Dibrugarhসৰ্বাৰ বৰঘৰৰ পৰাই হিমন্তক পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ডিব্ৰুগড়ঃ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে কাক প্ৰক্ষেপ কৰিব এই জল্পনা কল্পনা চলি থকাৰ মাজতেই শুক্ৰবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৰঘৰ ডিব্ৰুগড়ৰ পৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ডঃ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে আওপকীয়াকৈ ঘোষণা কৰে (Himanta Biswa Sarma next Assam Chief Minister)।

উল্লেখযোগ্য যে, ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজয়ী হ’লে মুখ্যমন্ত্ৰী হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভিতৰত কোনজনক প্ৰক্ষেপ কৰিব ইয়াকলৈ ৰাজনৈতিক মহলত চৰ্চা চলি আছিল। ইয়াৰ মাজতেই আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে তৃতীয়বাৰৰ বাবে বিজেপি জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, “কংগ্ৰেছ চৰকাৰে অসমত অনুপ্ৰৱেশকাৰীৰ জৰিয়তে ভোটবেংক সুৰক্ষিত কৰি শাসনৰ গাদী দখলৰ চেষ্টা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰক ধন্যবাদ দিব বিচাৰো যে অনুপ্ৰৱেশকাৰীয়ে জনগাঁথনি পৰিবৰ্তন কৰিব বিচৰা ষড়যন্ত্ৰ বন্ধ কৰিলে। বিজেপি চৰকাৰে ১ লাখ ২৪ হাজাৰ হেক্টৰ একৰ ভূমি বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিলে।মই আজি অসমৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড়ৰ পৰা প্ৰতিশ্ৰুতি দিছো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয় বাৰৰ বাবে বিজেপি চৰকাৰ জয়ী কৰাওক এজন এজন অনুপ্ৰৱেশকাৰীক বিচাৰি বিচাৰি অসমৰ পৰা বহিস্কাৰ কৰিম।”

লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়, “অনুপ্ৰৱেশকাৰীয়ে অসম আৰু দেশৰ উপকাৰ কৰা নাই। আমাৰ দুখীয়াৰ অধিকাৰ কাঢ়িছে। আমাৰ জনগাঠনিৰ পৰিবৰ্তন সাধন কৰিছে আনকি দেশৰ নিৰাপত্তাৰ প্ৰতিও অনুপ্ৰৱেশকাৰীয়ে ভাবুকি আনিছে। অনুপ্ৰৱেশকাৰীয়ে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানকো এৰা নাই। আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি গঁড় হত্যা কৰিছিল। জনগাঠনিৰ পৰিবৰ্তন যদি ৰখোৱা নাযায় অসম সমস্যাত পৰিব। অনুপ্ৰৱেশকাৰীক বহিস্কাৰ কৰাৰ কাম কেৱল মাত্ৰ বিজেপি চৰকাৰেহে কৰিব পাৰে।”

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, কংগ্ৰেছে অসমক কি দিছিল? গুলী, বোমা বিস্ফোৰণ আৰু যুৱকৰ মৃত্যু দিছিল। কিন্তু বিজেপি চৰকাৰৰ কাৰ্যকালত, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ ২০ খনৰো অধিক চুক্তি হৈছে আৰু ১০ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ পথলৈ আহিছে। এসময়ত গুলীৰ শব্দ, বোমাৰ শব্দ আছিল আৰু বৰ্তমান ভূপেন হাজৰিকাৰ সংগীত সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। ডঃ ভূপেন হাজৰিকা, কংগ্ৰেছ বিশিষ্ট নেতা লোকপ্ৰিয় গোপীনাথ বৰদলৈকো ভাৰত ৰত্ন সন্মান প্ৰদানৰ কাম বিজেপি চৰকাৰে কৰিছে।

সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ” কংগ্ৰেছে মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাবে অসমখন ভাৰতবৰ্ষৰ বুকুত পিচুৱাই থাকিবলগীয়া হ’ল। দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু বঞ্চনাৰে কংগ্ৰেছে অসমক প্ৰতাৰণা কৰিলে।

সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকি চৰকাৰৰ উন্নয়নমুলক আচঁনি সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

লগতে পঢ়কঃ মিঞাসকল কষ্ট পায়েই থাকিব: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা


Advertisement