জ্যোতিকা বৰা লংকা: হোজাই জিলাত আজি বিৰাজ কৰিছৈ এক উৎসৱ মুখৰ পৰিবেশে। আজি হোজাই জিলা শ্ৰীমন্ত শঙ্কৰদেৱনগৰত এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে দশম জিলা দিৱস (Hojai District Day)। জিলা দিৱস উপলক্ষে পুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ অংশগ্ৰহণেৰে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা।সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী বৰ্নালী কলিতাই। প্ৰায় পাঁচ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাত লামডিং সমষ্টিৰ বিধায়ক শিৱু মিশ্ৰ,হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী উপস্থিত থাকে।
শংকৰদেৱ নগৰৰ কাছাৰী ময়দানত দশম ‘হোজাই জিলা দিৱস’ৰ মূল সভাখন দিনৰ প্ৰায় ১১ বজাত অনুষ্ঠিত হয়। জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত হোজাইৰ সন্মানীয় জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, হোজাই সমষ্টিৰ সন্মানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ সন্মানীয় বিধায়ক শিবু মিশ্ৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰফেছৰ মানবেন্দ্ৰ দত্ত চৌধুৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।
সভাত আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে হোজাই জিলাৰ গৌৰৱোজ্জ্বল ইতিহাসৰ পৰা বৰ্তমানৰ উন্নয়নৰ ধাৰালৈকে এক আলোকপাত কৰে।
সভাৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী আছিল জিলাখনৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলৰ লগতে নৱ-প্ৰজন্মৰ উদীয়মান প্ৰতিভাসকলক জনোৱা ৰাজহুৱা সম্বৰ্ধনা।
ইয়াৰোপৰি, জিলা দিৱসৰ বিশেষ ক্ষণটো স্মৰণীয় কৰি ৰাখিবলৈ জিলা প্ৰশাসনে পোনপ্ৰথম বাৰৰ বাবে প্ৰস্তুত কৰি উলিওৱা “বৈচিত্ৰতাৰ মাজত ঐক্য: আমাৰ হোজাই” শীৰ্ষক এখন আকৰ্ষণীয় ‘কফি টেবুল বুক’ (Coffee Table Book) আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
উল্লেখযোগ্য যে ২০১৫ চনৰ ১৫ আগষ্টত হোজাই জিলা গঠন হৈছিল । জিলাখনত তিনিটা বিধানসভা সমষ্টি আছে। সেই কেইটা হৈছে হোজাই, বিন্নাকাণ্ডি আৰু লামডিং।
জিলাখনত তিনিটা ৰাজহ চক্ৰ আছে। সেই কেইটা হৈছে হোজাই, ডবকা আৰু লংকা। হোজাই জিলাৰ সৰ্বমুঠ জনসংখ্যা হৈছে ৯ লাখ ৩১ হাজাৰ ২১৮জন। ইয়াৰে হিন্দু ধৰ্মাৱলম্বী লোক হৈছে ৪ লাখ ২৪ হাজাৰ ৬৫ জন আৰু মুছলমান ধৰ্মাৱলম্বী লোক হৈছে ৪ লাখ ৯৯ হাজাৰ ৫৬৫ জন
জিলাখনত বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকে বসবাস কৰে।এক অৰ্থত হোজাই জিলা হৈছে ক্ষুদ্ৰ অসম।এই ক্ষুদ্ৰ অসম হোজাই জিলাৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে জিলাখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে।
জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ সুমধুৰ গীতৰ শৰাই আছিল জিলা দিৱসৰ অনুষ্ঠানৰ এক গুৰুত্বপূৰ্ণ আকৰ্ষণ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত মুখৰিত হোৱা এই অনুষ্ঠানটোৰ অৱশেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰে সফল সামৰণি মৰা হয়।
উল্লেখযোগ্য যে জিলা দিৱসৰ সৈতে সংগতি ৰাখি ইতিমধ্যেই যোৱা ২২ জানুৱাৰী তাৰিখে জিলা প্ৰশাসনে মুকলি কৰিছিল জিলাখনৰ জিলা সংগীত ।
লগতে পঢ়কঃ ক্ৰিকেটত সফলতা বুটলি মধ্য অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে তিনি কিশোৰীয়ে
