IIT Guwahati Scientists Develop Sunlight-Driven Catalyst To Convert CO₂ Into Methanol Fuelআইআইটি গুৱাহাটীৰ চমক: সূৰ্যৰ পোহৰৰ সহায়ত কাৰ্বন-ডাই-অক্সাইডৰ পৰা উৎপাদন হ’ব মিথানল ইন্ধন

গুৱাহাটী: দেশৰ ভিতৰতে বিখ্যাত আৰু শীৰ্ষস্থানীয় ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান আইআইটি গুৱাহাটী (IIT Guwahati)ৰ বিজ্ঞানীসকলে গৱেষণাৰ ক্ষেত্ৰত শেহতীয়াকৈ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি কাৰ্বন ডাই-অক্সাইড (CO₂)মিথানল ইন্ধনলৈ ৰূপান্তৰ কৰিব পৰা এক নতুন ফটোক্যাটালিষ্ট (photocatalyst) বিকশিত কৰি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে (Green Energy India)। এই গৱেষণা পৰিবেশ সুৰক্ষা আৰু টেকসই শক্তিৰ (Sustainable Energy) ক্ষেত্ৰত এক বৈপ্লৱিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

এই গৱেষণাটোৰ মুখ্য লক্ষ্য হৈছে—পৰিৱেশৰ ক্ষতি নকৰাকৈ বৰ্ধিত শক্তিৰ প্ৰয়োজনসমূহ পূৰণ কৰা। এই গুৰুত্বপূৰ্ণ অধ্যয়নটো শেহতীয়াকৈ ‘জাৰ্নেল অৱ মেটেৰিয়েলছ ছায়েন্স’ (Journal of Materials Science) নামৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনীত প্ৰকাশ পাইছে।”

CO₂ নিঃসৰণ আৰু ইন্ধনৰ সমস্যাৰ সমাধানৰ প্ৰয়াস

আইআইটি গুৱাহাটীৰ (IIT Guwahati) ৰাসায়নিক অভিযান্ত্ৰিক (Chemical Engineering) বিভাগৰ অধ্যাপিকা মহুৱা দে-য়ে কয়:

“পেট্ৰ’লিয়াম-ভিত্তিক ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতাৰ ফলত অধিক মাত্ৰাত CO₂ নিৰ্গত হয়, যিয়ে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে গোলকীয় উষ্ণতা (Global Warming) বৃদ্ধি কৰে। এই সমস্যাৰ সমাধান হিচাপে ফটোক্যাটালিটিক (Photocatalytic) পদ্ধতিৰে CO₂-ক পৰিষ্কাৰ ইন্ধনলৈ ৰূপান্তৰ কৰাৰ দিশত গৱেষণা চলাই থকা হৈছে।”

বিশ্বজুৰি বিজ্ঞানীসকলে ইতিপূৰ্বেই ‘গ্ৰাফাইটিক কাৰ্বন নাইট্ৰাইড’ (Graphitic Carbon Nitride) নামৰ এবিধ কম খৰচী, ধাতুমুক্ত আৰু বিষমুক্ত পদাৰ্থ ব্যৱহাৰ কৰি এই সমস্যাৰ সমাধানৰ পথ বিচাৰি আহিছে। কিন্তু ইয়াৰ অধিক শক্তি ক্ষয় আৰু ইন্ধন উৎপাদনৰ নিম্ন হাৰৰ বাবে এতিয়ালৈকে কোনো উল্লেখনীয় সফলতা লাভ কৰা নাছিল।

গ্ৰাফিন সংযোজনেই সাফল্যৰ চাবিকাঠি

এই সমস্যাৰ সমাধান হিচাপে আইআইটি গুৱাহাটীৰ (IIT Guwahati) গৱেষক দলটোৱে ‘ফিউ-লেয়াৰ গ্ৰাফিন’ক (few-layer graphene) ‘গ্ৰাফাইটিক কাৰ্বন নাইট্ৰাইড’ৰ সৈতে সংযুক্ত কৰে। গ্ৰাফিন ইয়াৰ উচ্চ বিদ্যুৎ পৰিবাহী ক্ষমতা আৰু দ্ৰুত শক্তি স্থানান্তৰ গুণৰ বাবে জনাজাত।

এই সংযোজনৰ ফলত তলত দিয়া পৰিৱৰ্তনসমূহ দেখা গৈছে—

  • অনুঘটক বা ‘কেটা লিষ্ট’ৰ (Catalyst) ভিতৰত শক্তিৰ অপচয় বা ক্ষয় হ্ৰাস পালে
  • সূৰ্যৰ পোহৰ অধিক সময় ধৰি ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধি পালে
  • আধান সৃষ্টি (Charge generation) আৰু পোহৰ শোষণৰ (Light absorption) ক্ষমতা বৃদ্ধি পালে

১৫ শতাংশ গ্ৰাফিনযুক্ত অনুঘটক আটাইতকৈ কাৰ্যক্ষম

গৱেষণাটোত পৰীক্ষা কৰা বিভিন্ন সংমিশ্ৰণৰ ভিতৰত ১৫ শতাংশ (weight percentage) গ্ৰাফিনযুক্ত অনুঘটকটোৱে কাৰ্বন ডাই-অক্সাইডক (CO₂) মিথানললৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত আটাইতকৈ আশাপ্ৰদ ফলাফল দেখুৱাইছে।

ইয়াৰ উপৰিও—

  • এই অনুঘটকটো দীৰ্ঘ সময় ধৰি সক্ৰিয় হৈ থাকে
  • ইয়াৰ স্থায়িত্ব (Stability) অত্যন্ত উচ্চ
  • ই ব্যৱহাৰিক প্ৰয়োগৰ বাবে সম্পূৰ্ণ উপযোগী বুলি প্ৰমাণিত হৈছে

উদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰৰ সম্ভাৱনা

অধ্যাপিকা মহুৱা দেয়ে কয়—

“এই প্ৰযুক্তিয়ে তাপ বিদ্যুৎ প্ৰকল্প (Thermal power plant), চিমেন্ট ফেক্টৰী, তীখা উদ্যোগ আৰু পেট্ৰ’কেমিকেল ৰিফাইনেৰী আদি উদ্যোগৰ পৰা হোৱা CO₂ নিঃসৰণ হ্ৰাস কৰাত বিশেষ সহায় কৰিব। ই এক ‘চাৰ্কুলাৰ কাৰ্বন ইকনমি’ (Circular carbon economy) আৰু পৰিষ্কাৰ শক্তিৰ ভৱিষ্যত গঢ়াৰ পথ প্ৰশস্ত কৰিব।”

পৰৱৰ্তী লক্ষ্য

গৱেষক দলটোৱে এতিয়া এই প্ৰযুক্তিক উদ্যোগিক পৰ্যায়লৈ লৈ যোৱাৰ (Scale up) লক্ষ্য স্থিৰ কৰিছে। লগতে, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা CO₂-ক দীৰ্ঘ সময় ধৰি নিৰন্তৰভাৱে স্বচ্ছ ইন্ধনলৈ ৰূপান্তৰ কৰিব পৰা এক শক্তিশালী ‘ফটোক্যাটালিটিক চিষ্টেম’ (Photocatalytic system) বিকাশ কৰাৰ ওপৰত কাম কৰি আছে।

লগতে পঢ়ক: ৰাছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত থাকিলে ভাৰতৰ ওপৰত আৰু অধিক বৃদ্ধি হ’ব শুল্ক


Advertisement