নেশ্বনেল ডেস্ক: ভেনিজুৱেলাত সৃষ্টি হোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক আৰু সুৰক্ষা পৰিস্থিতিৰ প্ৰেক্ষাপটত ভাৰত চৰকাৰে ভাৰতীয় নাগৰিকসকলক দেশখনলৈ কোনো অতি-আৱশ্যক নোহোৱা ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ আগবঢ়াইছে(India advisory on Venezuela travel) । বিদেশ মন্ত্ৰালয়ে উল্লেখ কৰা অনুসৰি, ভেনিজুৱেলাত বৰ্তমান অৱস্থাই অধিক জটিল ৰূপ ধাৰণ কৰিছে।
বিদেশ মন্ত্ৰালয়ে ভেনেজুৱেলাত বসবাস কৰি থকা সকলো ভাৰতীয় নাগৰিকক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আৰু অতি প্ৰয়োজন নাথাকিলে বাহিৰলৈ ওলাই নাহি নিজৰ চলাচল সীমিত ৰাখিবলৈ আহ্বান জনাইছে। লগতে কাৰাকাছস্থিত ভাৰতীয় দূতাবাসৰ সৈতে প্ৰতি মুহূৰ্তত যোগাযোগত থাকিবলৈও অনুৰোধ জনোৱা হৈছে।
উল্লেখযোগ্য যে, আমেৰিকাই সামৰিক অভিযান চলাই ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক আটক কৰি আমেৰিকালৈ লৈ গৈছে। আমেৰিকাই মাদুৰোৰ বিৰুদ্ধে বহুদিন ধৰি ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ আনিছিল, যদিও মাদুৰোৱে এই অভিযোগসমূহ সম্পূৰ্ণৰূপে নাকচ কৰি আহিছিল।
আমেৰিকাৰ এই সামৰিক অভিযানৰ পাছতেই ভেনিজুৱেলাই ইতিমধ্যে দেশজুৰি ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণা কৰে।
বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে, “ভেনিজুৱেলাত শেহতীয়া ঘটনাক্ৰমৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিকসকলক দেশখনলৈ সকলো ধৰণৰ অতি-আৱশ্যক নোহোৱা ভ্ৰমণ এৰাই চলিবলৈ পৰামৰ্শ দিয়া হৈছে।”
মন্ত্ৰালয়ে আৰু কয় যে, কোনো কাৰণত ভেনিজুৱেলাত উপস্থিত থকা সকলো ভাৰতীয় নাগৰিকে অধিক সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু নিজৰ চলাচল সীমিত ৰাখিব লাগিব। কাৰাকাছস্থিত ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগৰ বাবে ফোন নম্বৰ +58-412-9584288 (WhatsApp কলৰ বাবেও) আৰু ই-মেইল আইডি cons.caracas@mea.gov.in ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে।
কাৰাকাছৰ ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি, বৰ্তমান ভেনিজুৱেলাত প্ৰায় ৫০গৰাকী প্ৰৱাসী ভাৰতীয় আৰু প্ৰায় ৩০ গৰাকী ভাৰতীয় মূলৰ লোক বাস কৰি আছে।
আমেৰিকাৰ শেহতীয়া এই পদক্ষেপে দক্ষিণ আমেৰিকাৰ দেশখনত গভীৰ ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি কৰিছে। ৰাছিয়া আৰু চীনসহ কেইবাখনো শক্তিশালী দেশে মাদুৰো আৰু তেওঁৰ পত্নীক আটক কৰাৰ বিষয়ত আমেৰিকাক কঠোৰ সমালোচনা কৰিছে।
ভেনিজুৱেলাত হোৱা এই অভিযানৰ কেই ঘণ্টামানৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যুদ্ধজাহাজ USS Iwo Jima ত থকাৰ অৱস্থাত মাদুৰোৰ এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে। আমেৰিকান বিষয়াসকলৰ মতে, মাদুৰোক নিউয়ৰ্কলৈ লৈ যোৱা হৈছে, য’ত তেওঁৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহত সহায় কৰাৰ অভিযোগত গোচৰ চলোৱা হ’ব।
ট্ৰাম্পে এখন সংবাদমেলত কৈছে যে, ক্ষমতাৰ সুৰক্ষিত আৰু সঠিক হস্তান্তৰ সম্পন্ন নহোৱা পৰ্যন্ত আমেৰিকাই ভেনেজুৱেলাৰ প্ৰশাসন পৰিচালনা কৰিব। তেওঁ কয়, “এই অভিযানটো অত্যন্ত সফল আছিল আৰু ই আমেৰিকাৰ সাৰ্বভৌমত্ব বা নাগৰিকৰ জীৱন বিপন্ন কৰা সকলো শক্তিৰ বাবে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী।”
এই ঘটনাক্ৰম সন্দৰ্ভত ভাৰত চৰকাৰে এতিয়ালৈকে আমেৰিকাৰ কাৰ্যকলাপৰ ওপৰত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ইফালে এই বিষয়টো বৰ্তমান আন্তঃৰাষ্ট্ৰীয় মহলত তীব্ৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

