শিলচৰঃ চুবুৰীয়া বাংলাদেশত একাংশ কট্টৰপন্থীৰ উচতনিমূলক মন্তব্যৰ পৰিপ্ৰেক্ষিতত ক্ৰমে ভাৰত বিদ্বেষে গা কৰি উঠাৰ সময়তে সীমান্তৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ ভাৰতীয় সেনাই মিজোৰাম আৰু শিলচৰত সামৰিক ঘাটি স্থাপনৰ চিন্তা কৰিছে (India Bangladesh border security)। Hindustan Times বাংলা সংবাদ মাধ্যমত উল্লেখ থকা মতে ১৭ মাউন্ট ষ্ট্ৰাইক কোৰ-ক এই ঘাটি স্থাপনৰ দায়িত্ব অৰ্পণ কৰা হৈছে । উল্লেখ থকামতে শিলচৰ আৰু মিজোৰাম Frontier ৰ অধীনত থকা তিনিটা স্থানত বাংকাৰ আদি নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে (Border Security India)।
Hindustan Times বাংলাত উল্লেখ থকামতে বি এচ এফ আৰু অসম ৰাইফলচৰ বিষয়াৰ সৈতে ভাৰতীয় সেনাৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ লেফটেনেন্ট জেনেৰেল ৰামচন্দ্ৰ তিৱাৰী বৈঠকত মিলিত হৈছে (BSF Assam Rifles coordination) । অসম ৰাইফলচৰ বিশেষ শিবিৰত এই বৈঠক অনুষ্ঠিত হয় । বৈঠকত ভাৰত-বাংলাদেশ সীমাৰ ওপৰত সতৰ্ক দৃষ্টি ৰখাৰ ওপৰত আলোচনা হয় । ডিজিটেল সংবাদ মাধ্যমটোত উল্লেখ থকামতে ভাৰত-বাংলাদেশ সীমাত কাঁটা তাৰ বহোৱাত বাংলাদেশৰ সীমাৰক্ষীয়ে (BGB) বাধা দিছে । ফলত বি এচ এফ (BSF)ৰ লগত ২০২৪ বৰ্ষৰ আগষ্টৰ পৰা একাধিক সংঘৰ্ষৰ সৃষ্টি হৈছে ।
তদুপৰি শেহতীয়াকৈ বাংলাদেশৰ একাংশ কট্টৰপন্থী নেতাই উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিছে (Northeast security threat)। এনে পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ সীমান্তত সতৰ্ক দৃষ্টি ৰখাৰ বাবেই সেনাৰ ঘাটি স্থাপনৰ প্ৰয়োজন হৈছে । অন্যহাতেদি এই ঘাটি স্থাপনৰ পিচত ভাৰতলৈ বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ সংখ্যা কমাৰ সম্ভাৱনা আছে (Illegal infiltration control) ।
উল্লেখযোগ্য যে যোৱা নৱেম্বৰ মাহত ভাৰত-বাংলাদেশ সীমাৰ প্ৰতি দৃষ্টি ৰাখিবৰ বাবেই ধুবুৰীত ভাৰতীয় সেনাই এটা চকী স্থাপন কৰিছে । এই চকীৰ নামাকৰণ কৰা হৈছে অসমৰ বীৰ লাচিত বৰফুকনৰৰ নামত । এই সামৰিক চকীৰ পৰা chicken neck ৰ প্ৰতি সেনাই দৃষ্টি ৰাখিব পাৰিব । এই চকীটো বাংলাদেশ সীমাৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ নিলগত। ধুবুৰীৰ বামুণী পাৰ্ট ১ আৰু বামুণী পাৰ্ট ২ নামৰ দুখন গাঁৱত এই সামৰিক চকী স্থাপন কৰা হৈছে ।
উল্লেখিত গাঁও দুখনৰ ভূমি বেদখলৰ কবলত আছিল । প্ৰশাসনে উচ্ছেদ কৰি সামৰিক চকী স্থাপন কৰে । এই সামৰিক চকীত ১৫০০ সেনা জোৱান, পেৰা নিৰাপত্তা ৰক্ষী থাকিব । পূৰ্বতে শিলচৰৰ মাচিমপুৰত স্থাপিত সামৰিক চকীটোৱেই সীমান্তত থকা চকী । এই চকী ভাৰত-বাংলা সীমাৰ পৰা ৮০ কিলোমিটাৰ নিলগত ।
লগতে পঢ়ক: Anti-India Sentiment Rises in Bangladesh: কট্টৰপন্থী নেতাৰ উচতনি, হিন্দুৰ ওপৰত ভয়ংকৰ অত্যাচাৰ

