India Condemns Violence Against Minorities in Bangladesh After Killing of Dipu DasViolence Against Minorities in Bangladesh: ডিপু দাসৰ নৃশংস হত্যাক লৈ বাংলাদেশক কঠোৰ ভাষাৰে নিন্দা ভাৰত চৰকাৰৰ

নেশ্যনেল ডেস্ক: শেহতীয়াকৈ বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি বাংলাদেশৰ মৈমনসিং জিলাত সংঘটিত ডিপু চন্দ্ৰ দাস নামৰ যুৱকজনৰ নৃশংস হত্যাক কঠোৰ ভাষাৰে নিন্দা কৰিছে ভাৰত চৰকাৰে(Violence Against Minorities in Bangladesh)। শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত সাপ্তাহিক সংবাদ মাধ্যমৰ ব্ৰিফিঙত এই মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে (India Condemns Bangladesh Violence)।

জয়ছৱালে কয় যে, মুহাম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰৰ কাৰ্যকালত বাংলাদেশত ২,৯০০ টাৰো অধিক সংখ্যালঘুৰ বিৰুদ্ধে হিংসাত্মক ঘটনা নথিভুক্ত হৈছে। তেওঁ স্পষ্ট কৰে যে, এই ঘটনাসমূহক কেৱল সংবাদ মাধ্যমৰ অতিৰঞ্জন বাতৰি বা ৰাজনৈতিক হিংসা বুলি উলাই কৰিব নোৱাৰি ।

তেওঁ কয়, “আমি মৈমনসিঙত সংঘটিত এজন হিন্দু যুৱকৰ হত্যাৰ ঘটনাক তীব্ৰ নিন্দা জনাইছো(Dipu Das Killing)। অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আমি আশাবাদী।” লগতে তেওঁ উল্লেখ কৰে যে হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ সম্প্ৰদায়কে ধৰি বিভিন্ন সংখ্যালঘুৰ ওপৰত চলি থকা শত্রুতামূলক কাৰ্যকলাপৰ প্ৰতি ভাৰতে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে (Minority Violence Bangladesh)।

ভাৰত চৰকাৰে বাংলাদেশত প্ৰচাৰিত তথাকথিত anti-India narrativeকো সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। জয়ছৱালে কয় যে, আইন-শৃংখলা আৰু নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাটো বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য দায়িত্ব (India Bangladesh relations)।

উল্লেখযোগ্য যে, কাৰখানাত কৰ্মৰত কৰ্মী ২৫ বছৰীয়া ডিপু চন্দ্ৰ দাসক ধৰ্ম অবমাননাৰ অভিযোগত উত্তেজিত জনতাই প্ৰহাৰ কৰে । পৰৱৰ্তী সময়ত তেওঁক গছত ওলমাই নৃশংসভাৱে হত্যা কৰাৰ লগতে দেহত অগ্নিসংযোগ কৰা হয় (Hindu killing in Bangladesh)। এই ঘটনাৰ সৈতে জড়িত অভিযোগত ইতিমধ্যে কমেও ১০ জনক গ্ৰেপ্তাৰ কৰা হৈছে ।

আন এক প্ৰসংগত, পলাতক অৰ্থনৈতিক অপৰাধী ললিত মোদী আৰু বিজয় মালিয়াৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰন্ধীৰ জয়ছৱালে কয় যে, ভাৰত চৰকাৰ সকলো অৰ্থনৈতিক পলাতকক দেশলৈ ঘূৰাই আনিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ (MEA statement)। বিভিন্ন দেশৰ সৈতে এই সন্দৰ্ভত আলোচনা অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, সামাজিক মাধ্যমত ভাইৰেল হোৱা এক নতুন ভিডিঅ’ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদী আৰু পলাতক ব্যৱসায়ী বিজয় মালিয়াক বিদেশত এটা ব্যক্তিগত পাৰ্টিত দেখা গৈছিল। এই ঘটনাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: India Bangladesh border security: ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতি ভাৰতীয় সেনাৰ সতৰ্ক দৃষ্টি


Advertisement