India Signs EU Free Trade Agreement Amid Trump’s Tariff Threatsট্ৰাম্পৰ ভাবুকিলৈ কেৰেপ নকৰিলে মোদীয়ে

নেশ্যনেল ডেস্কঃ ভাৰতৰ পৰা ক্ৰমশঃ দূৰত্ব বাঢ়িছে নেকি আমেৰিকাৰ। প্ৰায় এক মাহ পূৰ্বে ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি অব্যাহত ৰখাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতৰ পৰা আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল (India EU Free Trade Agreement)। শেহতীয়াকৈ পুনৰ ৫০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকি দিছিল (Trump Tariff Threat India)।

আমেৰিকাৰ এই আগ্ৰাসী নীতিৰ মাজতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাবুকিলৈ কেৰেপ নকৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মংগলবাৰে ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰে। মঙলবাৰে পুৱা ইউৰোপীয়ান কাউন্সিলৰ অধ্যক্ষা এন্তনিও কস্তা আৰু ইউৰোপীয় কমিছনৰ মুখ্য উৰসুলা ভন ডেৰ লায়েনৰ উপস্থিতিত এই ঐতিহাসিক চুক্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাক্ষৰ কৰে ।

কি এই ইউৰোপীয় সংঘ

ইউৰোপীয় সংঘ হৈছে এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সন্মিলন অৰ্থাৎ যোট বন্ধন। এই সংগঠনত ২৭ খন দেশ আছে। সেই দেশ সমূহ হৈছে- অষ্ট্ৰিয়া, বেলজিয়াম, বুলগেৰিয়া, ক্ৰৱেছিয়া, চাইপ্ৰাছ, চেক প্ৰজাতন্ত্ৰ, ডেনমাৰ্ক, এস্তোনিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীছ, হাংগেৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মাল্টা, নেডাৰলেণ্ড, পলেণ্ড, পৰ্টুগাল, ৰোমানিয়া, শ্লোভাকিয়া, শ্লভেনিয়া, স্পেইন আৰু চুইডেন (European Union Trade Bloc)। এই ইউনিয়নৰ অধীনৰ মুঠ মাটিকালি হৈছে ৪,২৩৩, ২৫৫ বৰ্গকিলোমিটাৰ।
ইউৰোপত শান্তি আৰু শৃংখলা বৰ্তাই ৰখাৰ বাবে ২০১২ চনত ইউৰোপীয় সংঘই শান্তিৰ নোবেল বঁটা লাভ কৰিছিল।

এই চুক্তিৰ পৰা ভাৰতৰ কি বিচাৰেঃ

ভাৰতে বিচাৰে যাতে তাৰ শ্ৰম-নিবিড় উদ্যোগসমূহে ইউৰোপীয় বজাৰত অধিক সুলভ আৰু শক্তিশালী প্ৰৱেশাধিকাৰ লাভ কৰে। ইয়াৰ ভিতৰত বস্ত্ৰ উদ্যোগ, তৈয়াৰী পোছাক, চামৰা উদ্যোগ, ৰত্ন আৰু গহনাৰ ব্যৱসায়, অভিযান্ত্ৰিক সামগ্ৰী তথা প্ৰক্ৰিয়াজাত খাদ্য সামগ্ৰীৰ দৰে খণ্ডসমূহ অন্তৰ্ভুক্ত (India Europe Trade Deal)। ২০২৩ চনত ইউৰোপীয় সংঘই জেনাৰেলাইজড প্ৰেফাৰেন্স স্কিম (জিএছপি)-ৰ অধীনত দিয়া শুল্ক ৰেহাই প্ৰত্যাহাৰ কৰাৰ পিছত এই খণ্ডসমূহ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছিল।

মুক্ত বাণিজ্য চুক্তিৰ (এফটিএ) অধীনত শুল্ক হ্ৰাস বা সম্পূৰ্ণৰূপে অপসাৰণ কৰা হ’লে ভাৰতীয় ৰপ্তানিকাৰকসকল ইউৰোপৰ বিশাল আৰু ব্যয়সাপেক্ষ ভোক্তা বজাৰত এক দৃঢ় প্ৰতিযোগিতামূলক সুবিধা লাভ কৰিব পাৰে। ইয়াৰ উপৰিও ভাৰতে ঔষধ আৰু ৰাসায়নিক খণ্ডৰ বাবে সহজ নীতি-নিয়ম, তথ্য-প্ৰযুক্তি (আইটি) আৰু পেচাদাৰী সেৱাসমূহত অধিক প্ৰৱেশাধিকাৰ, দক্ষ কৰ্মচাৰীৰ সহজ গতি-চলাচল, লগতে দুয়োখন দেশৰ মাজত দ্বৈত সামাজিক সুৰক্ষা প্ৰদানৰ পৰা ৰেহাই বিচাৰিছে। তথাপি দেশীয় কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ কৃষি আৰু দুগ্ধজাত সামগ্ৰীৰ দৰে সংবেদনশীল খণ্ডসমূহক সম্প্ৰতি এই চুক্তিৰ বাহিৰত ৰখা হৈছে।

এই চুক্তিৰ পৰা ইউৰোপীয় সংঘৰ কি সুবিধা লাভ কৰিবঃ

ইউৰোপীয় সংঘৰ দৃষ্টিত, এই চুক্তিয়ে বিশ্বৰ সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা মুখ্য অৰ্থনীতিসমূহৰ এখন দেশ—ভাৰতত নিজৰ উপস্থিতি অধিক মজবুত কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব।

বৰ্তমান ১৫০ শতাংশৰ পৰা ২০০ শতাংশলৈকে আমদানী শুল্কৰ সন্মুখীন হোৱা ইউৰোপীয় সুৰা আৰু স্পিৰিটৰ সামগ্ৰীসমূহৰ ক্ষেত্ৰত ধীৰে ধীৰে কৰ হ্ৰাস আৰু প্ৰমাণপত্ৰ (চাৰ্টিফিকেশন) প্ৰক্ৰিয়া সহজ কৰাৰ সম্ভাৱনা আছে বুলি আশা কৰা হৈছে (Foreign Liquor Car Price India)। ইয়াৰ ফলত ইউৰোপীয় পানীয় সামগ্ৰীয়ে ভাৰতীয় বজাৰত অধিক প্ৰতিযোগিতামূলক অৱস্থান লাভ কৰিব পাৰে। ফলত ভাৰতীয় বজাৰত বিদেশী সুৰা অধিক সস্তা হ’ব বুলি অনুমান কৰা হৈছে।

ইয়াৰ উপৰিও বিলাসবহুল গাড়ী, যন্ত্ৰপাতি, ৰাসায়নিক সামগ্ৰী, চিকিৎসা সঁজুলি আৰু ইলেক্ট্ৰনিক্স খণ্ডসমূহেও কম শুল্কৰ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। যিসসূহ গাড়ীৰ আমদানিমূল্য ১৫ হাজাৰ ইউৰো (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৬ লাখ ২৬ হাজাৰ টকা)-ৰ অধিক, সেই সকলো গাড়ীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত ভাৰতীয় বজাৰত বিএমডব্লিউ, মাৰ্সিডিজ-বেঞ্জ আদি ইউৰোপীয় কোম্পানীৰ গাড়ীৰ দাম কমিব পাৰে। বৰ্তমান ইউৰোপৰ পৰা আমদানিকৃত গাড়ীৰ ওপৰত প্ৰায় ১১০ শতাংশ শুল্ক আৰোপ কৰা হৈছে। জানিব পৰা মতে এই চুক্তি কাৰ্যকৰী হোৱাৰ পিছত এই শুল্ক হ্ৰাস পাই প্ৰায় ৪০ শতাংশৰ ওচৰ-পাজৰলৈ নামি আহিব পাৰে।

এইদৰে এই মুক্ত বাণিজ্য চুক্তিয়ে ইউৰোপীয় উদ্যোগসমূহৰ বাবে ভাৰতীয় বজাৰ অধিক সুলভ আৰু লাভজনক কৰি তুলিব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে এই চুক্তিৰ আওতাৰ পৰা ভাৰতৰ গাখীৰ, দুগ্ধজাত সামগ্ৰী আৰু কৃষিখণ্ডক বাহিৰত ৰখা হৈছে বুলি জানিব পৰা গৈছে। তাৰ বিপৰীতে উৎপাদন, প্ৰযুক্তি, শক্তিসম্পদ আৰু ঔষধ উদ্যোগ আদি ক্ষেত্ৰসমূহক এই চুক্তিৰ অন্তৰ্ভুক্ত কৰা হৈছে।
যদিও চুক্তিত স্বাক্ষৰ সম্পন্ন হৈছে, তথাপি ইয়াক সম্পূৰ্ণ ৰূপে কাৰ্যকৰী কৰিবলৈ কিছু সময় লাগিব বুলি জানিব পৰা গৈছে। অনুমান কৰা হৈছে যে ২০২৭ চনৰ পৰা ভাৰত-ইউৰোপ মুক্ত বাণিজ্য চুক্তি পূৰ্ণ ৰূপে কাৰ্যকৰী হ’ব।

চুক্তি স্বাক্ষৰৰ পিচত কি কলে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে

চুক্তি স্বাক্ষৰৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক বিশাল আৰু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হৈছে। বিশ্বই এই চুক্তিক ‘মাদাৰ অৱ অল ডিলছ’ বুলি অভিহিত কৰিছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ” এই চুক্তিয়ে ভাৰত আৰু ইউৰোপৰ নাগৰিকসকলৰ বাবে এক বিশাল সুযোগ সৃষ্টি কৰিব। ই বিশ্বৰ দুটা মুখ্য অৰ্থনীতিৰ মাজত অংশীদাৰিত্বৰ এক অনন্য উদাহৰণ।”
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “এই চুক্তিৰ জৰিয়তে সমগ্র বিশ্বৰ মুঠ জিডিপিৰ প্ৰায় ২৫ শতাংশ আৰু বিশ্ব বাণিজ্যৰ এক-তৃতীয়াংশৰ প্ৰতিনিধিত্ব হ’ব।”

দীৰ্ঘ ১৮ বছৰৰ প্ৰচেষ্টাৰ ফলঃ

ইউৰোপীয় সংঘৰ সৈতে এই চুক্তি এদিনতে সম্ভৱ হোৱা নাই। ই দীৰ্ঘ ১৮ বছৰীয়া প্ৰচেষ্টাৰ ফল। ২০০৭ চনৰ পৰা ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত এই চুক্তি সন্দৰ্ভত আলোচনা চলি আহিছিল।

ইউৰোপীয় কমিছনৰ অধ্যক্ষাৰ মন্তব্য

ইউৰোপীয় কমিছনৰ অধ্যক্ষা উৰসুলা ভন ডাৰ লিয়েনে এই চুক্তিক ‘মাদাৰ অৱ অল ডিলছ’ বুলি অভিহিত কৰিছে।

দূৰত্ব বাঢ়িব নেকি আমেৰিকাৰ লগত

উল্লেখযোগ্য যে আমেৰিকাৰ সৈতে ভাৰতৰ বাণিজ্যিক চুক্তি সম্পন্ন নোহোৱা আৰু তাৰ পাছতেই বিশাল শুল্কবাণ আহি পৰাৰ ফলত ভাৰতীয় বজাৰ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। এই লোকচান চম্ভালিবলৈ ভাৰতে বিকল্প বজাৰৰ সন্ধানত নামিছে।

ইফালে গ্ৰীণলেণ্ড বিষয়ক প্ৰসংগত ইউৰোপৰ একাধিক দেশৰ সৈতে শুল্কযুদ্ধত জড়িত হৈছে ডোনাল্ড ট্ৰাম্প। ইয়াৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ওপৰত ইউৰোপীয় নেতৃত্বৰ আস্থা ক্ৰমাৎ হ্ৰাস পাইছে। এই ৰাজনৈতিক আৰু কূটনৈতিক অস্থিৰতাৰ মাজতে ভাৰত আৰু ইউৰোপৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাত কাৰ্যতঃ ট্ৰাম্প ‘এঘৰীয়া’ হোৱা বুলি বিশেষজ্ঞ মহলে মত প্ৰকাশ কৰিছে। তদুপৰি এই চুক্তিয়ে নিশ্চিতভাবে ভাৰত-আমেৰিকাৰ দূৰত্ব বৃদ্ধি কৰিব।

লগতে পঢ়কঃ পবিতৰাৰ নান্দনিক দৃশ্য উপভোগ কৰি অভিভুত বিশ্বৰ কুৰিখনতকৈ অধিক দেশৰ চাৰি কুৰি প্ৰৱাসী অসমীয়া


Advertisement