Indian Army Apache AH-64E attack helicopters final batch deployed in Jodhpurভাৰতীয় সেনাক Apache AH-64E attack helicopters ৰ অন্তিমটো কিস্তি প্ৰদান

তুন দিল্লী: ভাৰতীয় সেনাই Apache AH-64E attack helicopters ৰ বাবে নিৰ্ধাৰিত অন্তিম তিনিখন অত্যাধুনিক এপাচি আক্রমণাত্মক হেলিকপ্টাৰ লাভ কৰিছে। এই হেলিকপ্টাৰকেইখন শীঘ্ৰেই যোধপুৰস্থিত ভাৰতীয় সেনাৰ ৪৫১ আৰ্মি এভিয়েশ্যন স্কুৱাড্ৰনত মোতায়েন কৰা হ’ব।

সেনা বাহিনীৰ তথ্য মতে, হেলিকপ্টাৰসমূহক একত্ৰিকৰণ, যৌথ পৰিদৰ্শন আৰু আন প্ৰশাসনিক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত যোধপুৰত কাৰ্যক্ষমভাৱে মোতায়েন কৰা হ’ব (Indian Army Aviation Corps)। এই হেলিকপ্টাৰকেইখন ৰাছিয়ান নিৰ্মিত Antonov An-124 বিমানেৰে ভাৰতলৈ অনা হৈছিল।

উল্লেখযোগ্য যে, ভাৰতীয় সেনাই ইয়াৰ আগতে এই বছৰৰ জুলাই মাহত প্ৰথম কিস্তিত তিনিখন Apache AH-64E attack helicopters লাভ কৰিছিল। শেষৰ কিস্তিৰ আন তিনিখন হেলিকপ্টাৰ মঙলবাৰে ভাৰতলৈ অনা হয়।

এই এপাচি হেলিকপ্টাৰকেইখনে এই বছৰৰ আৰম্ভণিতে অনুষ্ঠিত Exercise Maru Jwala শীৰ্ষক সামৰিক অনুশীলনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। বৃহৎ ত্ৰি-সেৱা সামৰিক মহড়া Exercise Trishul ৰ অংশ আছিল এই অনুশীলন ।

ভাৰতীয় সেনাই আক্রমণাত্মক হেলিকপ্টাৰ ক্ষেত্ৰত নিজৰ ক্ষমতা লাহে লাহে বৃদ্ধি কৰি আহিছে। ইয়াৰ অংশ হিচাপে পৰৱৰ্তী সময়ত ৯০খন দেশীয়ভাৱে নিৰ্মিত Light Combat Helicopter Prachand সংযোজন কৰাৰো পৰিকল্পনা আছে। ইয়াৰ উপৰিও সেনাৰ এভিয়েশ্যন কৰ্পছে অস্ত্ৰ-সংযুক্ত Advanced Light Helicopter ৰ Rudra সংস্কৰণো ব্যৱহাৰ কৰি আছে (ALH Rudra helicopter)।

সেনাই পূৰ্বে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছিল যে এই হেলিকপ্টাৰসমূহৰ অন্তৰ্ভুক্তিয়ে সেনাৰ আঘাত আৰু পুনৰীক্ষণ সক্ষমতা বহুগুণে বৃদ্ধি কৰিব।

অৱশ্যে এই প্ৰদান প্ৰক্ৰিয়াত বহুখিনি পলম হোৱা পৰিলক্ষিত হৈছিল। পূৰ্বতে ২০২৩ চনতে ছখন হেলিকপ্টাৰৰ আটাইকেইখনেই আহি পাব বুলি ধৰা হৈছিল যদিও এই সময়সূচী প্ৰথমে ২০২৪লৈ আৰু তাৰ পিছতো আৰু অধিক সময় পিছুৱাই গৈছিল।

X (পূৰ্বৰ টুইটাৰ) ত এক প’ষ্টত ভাৰতীয় সেনাই এই অন্তৰ্ভুক্তিক “এটা মাইলষ্টোন মুহূৰ্ত” বুলি উল্লেখ কৰি কৈছে যে Apache AH-64E attack helicopters ৰ আগমনে সেনাৰ অপাৰেচনেল সক্ষমতা উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব।

উল্লেখযোগ্য যে, ভাৰতীয় বায়ুসেনাই ইতিমধ্যে ২২খন Apache হেলিকপ্টাৰ ব্যৱহাৰ কৰি আছে, যাক লাডাখ আৰু পশ্চিম সীমান্তত মোতায়েন কৰা হৈ আছে।

Boeing নিৰ্মিত Apache AH-64E হেলিকপ্টাৰে Hellfire air-to-ground মিছাইল, ৭০ মিমি Hydra ৰকেট, Stinger air-to-air মিছাইলৰ লগতে ১,২০০ ৰাউণ্ডসহ ৩০ মিমি চেইন গান বহন কৰিব পাৰে (Boeing Apache helicopter)। ইয়াত সংযোজিত Longbow fire control radar এ ৩৬০ ডিগ্ৰী লক্ষ্য নিৰ্ণয় ক্ষমতা প্ৰদান কৰে।

AH-64E Version 6 হ’ল এপাচি হেলিকপ্টাৰৰ আটাইতকৈ উন্নত সংস্কৰণ, যাক আধুনিক Multi-Domain Operations যুদ্ধক্ষেত্ৰৰ বাবে ডিজাইন কৰা হৈছে। উন্নত সেন্সৰ, চফ্টৱেৰ, নেটৱৰ্ক সংযোগ আৰু দূৰপাল্লাৰ অস্ত্ৰ ব্যৱস্থাৰে সজ্জিত এই হেলিকপ্টাৰসমূহ ভবিষ্যৎ যুদ্ধৰ বাবে সম্পূৰ্ণ ৰূপে উপযোগী বুলি কোৱা হৈছে।

লগতে পঢ়ক: The Great Honour Nishan of Ethiopia: প্ৰধানমন্ত্ৰী মোদীক ইথিওপিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান


Advertisement