নিউজ ডেস্কঃ আজি ভাৰতীয় সেনা দিৱস। প্ৰতিবছৰে ১৫ জানুৱাৰী দিনটো সেনা দিৱস হিচাপে উদযাপন কৰা হয় (Indian Army Day)।
কি এই সেনা দিৱস
ভাৰতীয় সেনাৰ লেফটেনেন্ট জেনেৰেল কে এ চাৰিআপাই ১৯৪৯ চনত আৰম্ভ কৰা সেনা দিৱস পৰৱৰ্তী সময়ত প্ৰতিবছৰে উদযাপন হয় ((Indian Army Parade)। পৰৱৰ্তী সময়ত তেওঁ ফিল্ড মাৰ্চেল হয়। তেওঁ ভাৰতীয় সেনাৰ প্ৰথমজন কমাণ্ডাৰ ইন চীফ। ১৯৪৯ চনৰ ১৫ জানুৱাৰীত বৃটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ফ্ৰান্সিছ ৰয় বুচাৰৰ পৰা ভাৰতীয় সেনাৰ দায়িত্ব লৈছিল কে এ চাৰিআপাই (Indian Army History)।
ভাৰতীয় সেনাৰ সকলো মুখ্য কাৰ্যালয় বিশেষকৈ দিল্লীত আড়ম্মৰপূৰ্ণভাবে ভাৰতীয় সেনা দিৱস উদযাপন হয়। এই অনুষ্ঠানত সেনাৰ পেৰেড লোৱা হয় আৰু ভাৰতীয় সেনাৰ অন্য কাৰিকৰী কৌশল সমূহ প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানততে ভাৰতীয় সেনাৰ বীৰত্ব আৰু গৌৰৱৰ বাবে প্ৰদান কৰা পৰমবীৰ চক্ৰ আৰু অশোক চক্ৰ দিয়া হয়। চলিত বৰ্ষত ভাৰতীয় সেনাই আনুষ্ঠানিক ভাবে জয়পুৰত সেনা দিৱস উদযাপন কৰিছে।
কোন এই কে এ চাৰিআপা
কে এ চাৰিআপাই ১৯৪৯ চনত ভাৰতীয় সেনাৰ কমাণ্ডাৰ ইন চীফৰ দায়িত্ব লৈছিল (Field Marshal Cariappa)। তেওঁ ১৯৪৭ চনৰ ভাৰত পাকিস্তান যুজৰ নেতৃত্ব লৈছিল।Five star rank পোৱা তেওঁ ভাৰতৰ দ্বিতীয়জন সেনা বিষয়া। তেওঁ জেনেৰেল চাৰ্ভিছ মেডেল ১৯৪৭, ভাৰতীয় স্বাধীনতা মেডেল, অৰ্ডাৰ অৱ দ্যা বৃটিছ এম্পায়াৰ, ১৯৩৯- ১৯৪৫ ষ্টাৰ, বাৰ্মা ষ্টাৰ, ১৯৩৯ চনৰ পৰা ১৯৪৫ চনৰ ৱাৰ মেডেল, ইণ্ডিয়ান চাৰ্ভিছ মেডেল, লিজিঅন অৱ মেৰিট আদি সন্মান লাভ কৰিছিল। ১৯৭৩ চনত ৰাষ্ট্ৰপতিয়ে তেওঁক ফিল্ড মাৰ্চেল সন্মানৰে সন্মানিত কৰে।
ভাৰতীয় সেনাৰ ভৈৰৱ বেটেলিয়ন
ভাৰতীয় সেনাই নতুনকৈ গঠন কৰিছে ভৈৰৱ সেনা। ভৈৰৱ সেনাই সেনা দিৱসত তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিব। এই ভৈৰৱ সেনা AK-203 ৰাইফলেৰে সু সজ্জিত (Bhairav Battalion Indian Army)। এই বাহিনী চীন–পাক সীমান্ত আৰু অন্য গুৰুত্বপূৰ্ণ অভিযানৰ বাবে সম্পূৰ্ণৰূপে সক্ষম। প্ৰায় ২৫০ জন সৈনিক থকা এই দলটোত ইনফেণ্ট্ৰি, আৰ্টিলাৰী, এয়াৰ ডিফেন্স, ছিগনেল আৰু অন্যান্য সহায়ক ইউনিটৰ জোৱানসকল অন্তৰ্ভুক্ত আছে। এই পেৰেডত এডভান্সড টোড আৰ্টিলাৰী গান ছিষ্টেম (ATAGS) আৰু আমেৰিকাৰ পৰা আমদানি কৰা M777 আল্ট্ৰা-লাইট হাউইটজাৰকে ধৰি অত্যাধুনিক আৰ্টিলাৰী প্লেটফৰ্মসমূহো অন্তৰ্ভুক্ত থাকিব। ইয়াৰ লগতে শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা স্যাপাৰ স্কাউট মানৱবিহীন স্থল বাহন (Unmanned Ground Vehicle), AEGMA ES 500, এয়াৰাৱাত 1000 আৰু লজিষ্টিক সহায়ৰ বাবে ব্যৱহৃত অন্যান্য মানৱবিহীন স্থল বাহনসমূহ (UGVs) পেৰেডত প্ৰদৰ্শিত হ’ব ।
ইয়াৰ উপৰিও পেৰেডত লাডাখ, কুমাউঁ, ছিক্কিম, ডোগৰা আৰু গঢ়ৱাল স্কাউটছ বেটেলিয়নৰ বীৰ জোৱানসকলে প্ৰথমবাৰৰ বাবে একেলগে মাৰ্চ কৰিব।
ভাৰতীয় সেনালৈ অভিনন্দন
সেনা দিৱসত ভাৰতীয় সেনাৰ প্ৰতিজন জোৱানলৈ thenewssource.inৰ তৰফৰ ৰা অভিনন্দন জনোৱা হৈছে। ভাৰতীয় সাহসী সেনা জোৱানসকলৰ অতুলনীয় সাহস, অটল নিষ্ঠা আৰু মহান ত্যাগক আমি সশ্ৰদ্ধ প্ৰণাম জনাওঁ। দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে তেওঁলোকৰ নিৰলস সেৱা অনুকৰণীয়। হে মহান সৈনিক সকল তোমালোকক প্ৰণাম। আমিও কও সেনা তোমাৰ বীৰত্ব দেশৰ গৌৰৱ।
লগতে পঢ়কঃ ভাৰতীয় সেনাক Apache AH-64E attack helicopters ৰ অন্তিমটো কিস্তি প্ৰদান
