ইণ্টাৰনেশ্যনেল ডেস্ক: বাংলাদেশৰ কট্টৰপন্থী নেতা ওচমান হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি শুকুৰবাৰে উত্তপ্ত হৈ পৰে বাংলাদেশ । শুকুৰবাৰে পুৱতি নিশা বাংলাদেশৰ চট্টগ্ৰামত থকা ভাৰতীয় সহকাৰী উচ্চায়ুক্ত (Assistant High Commissioner)ৰ বাসভৱনত কট্টৰপন্থী বিক্ষোভকাৰীয়ে সমদল উলিয়াই । সেই স্থানত আক্ৰমণৰ চেষ্টাও কৰে । নিৰাপত্তাৰক্ষীয়ে বিক্ষোভকাৰীক নিয়ন্ত্ৰণৰ চেষ্টা কৰে । কিন্তু বেৰিকেড ভাঙি বিক্ষোভকাৰী আগুৱাই যায় । যোৱা ১৮ ডিচেম্বৰত বাংলাদেশৰ ৰাজসাহীত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত কট্টৰপন্থী বিক্ষোভকাৰীয়ে আক্ৰমণৰ চেষ্টা কৰিছিল(Indian Mission Attack Bangladesh) । সন্ধ্যা ওচমান হাদিৰ মৃত্যু খবৰ লাভ কৰাৰ পিচতেই চট্টগ্ৰামস্থিত ভাৰতীয় সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বাসভৱনৰ দিশে বিক্ষোভকাৰীয়ে সমদলৰ চেষ্টা কৰে । সেই স্থানত আক্ৰমণৰো চেষ্টা কৰে । ইয়াৰ ফলত চট্টগ্ৰামৰ পথ উত্তপ্ত হৈ পৰে(Indian Assistant High Commission Bangladesh Attack)।
বাংলাদেশৰ ঢাকাত অৱস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় বন্ধৰ ভাবুকিঃ
কট্টৰপন্থী বাংলাদেশী নেতা ওচমান হাদিৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ঢাকাত অৱস্থিত ভাৰতীয় আয়ুক্তৰ কাৰ্যালয় বন্ধৰ ভাবুকি প্ৰদান কৰিছে এন সি পি নেতা সাৰজিস আলমে । তেওঁ কয় যে-যেতিয়ালৈকে ভাৰতে ওচমান হাদিৰ হত্যাকাৰীক বাংলাদেশক ওভতাই নিদিয়ে, তেতিয়া পৰ্যন্ত ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় বন্ধ থাকিব।
উল্লেখযোগ্য যে যোৱা ১২ ডিচেম্বৰত ওচমান হাদিক গুলীয়াই গুৰুতৰভাৱে অহত কৰা হৈছিল । পৰৱৰ্তী সময়ত চিংগাপুৰস্থিত এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছিল(Osman Hadi death Bangladesh) । ওচমান হাদিৰ হত্যাকাৰী ফয়সল কৰিম ভাৰতলৈ পলাই যোৱা বুলি প্ৰকাশ যদিও ইয়াৰ কোনো প্ৰমাণ নাই । কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত বাংলাদেশত বিক্ষোভৰ সৃষ্টি হয় । ভাৰত বিদ্বেষেও গা কৰি তুলে(India Bangladesh diplomatic tension) ।
ইনকালাব মঞ্চৰ সমৰ্থক তথা বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শেখ হাসিনা বিৰোধী সকলে ঢাকা, ৰাজশাহী আদিত বিক্ষোভ প্ৰদৰ্শন কৰে । ঢাকাৰ ৩২ নম্বৰ বংগবন্ধুৰ বাসভৱনৰ ধ্বংসস্তুপত পুনৰ আক্ৰমণ হয় ।
যোৱা জুলাই মাহত বিক্ষোভকাৰীৰ আক্ৰমণৰ ফলত এই বাসভৱনটো ধ্বংসস্তুপত পৰিণত হৈছিল । বংগবন্ধুৰ বাসভৱনত বিক্ষোভকাৰীয়ে জুই লগাই দিয়ে । ৰাজশাহীত আবামী লীগৰ কাৰ্যালয় ভাঙি চূড়মাৰ কৰা হয় । ঢাকা বিশ্ববিদ্যালয়, শাহবাগ আদিৰ পৰা বিক্ষোভকাৰী সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অন্যাহাতেদি বাংলাদেশৰ সংবাদপত্ৰ ‘প্ৰথম আলো’ আৰু ‘ডেইলি ষ্টাৰ’ৰ কাৰ্যালয়ত তাণ্ডৱ চলাই বিক্ষোভকাৰীয়ে। ভাৰত বিৰোধী শ্লোগান দিয়ে। বিক্ষোভৰকাৰী সকলে ধানমণ্ডিত থকা অৱস্থিত সাংস্কৃতিক প্ৰতিষ্ঠান ছায়ানট ভৱন ভাঙি চূৰমাৰ কৰে ।
তথ্যমতে ১৮ ডিচেম্বৰৰ ৰাতি এক বজাত ছায়ানট ভৱনত কট্টৰপন্থী প্ৰৱেশ কৰি লণ্ড ভণ্ড কৰে । অৱশ্যে আৰক্ষী আৰু সেনাবাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উল্লেখযোগ্য যে ২০২৪ চনৰ ৫ আগষ্টটো বাংলাদেশত কট্টৰপন্থীয়ে অনুৰূপ ঘটনা সংঘটিত কৰিছিল ।
ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বৰ্মাক বাংলাদেশৰ পৰা আঁতৰাই অনাৰ দাবীঃ
ভাৰতৰ বাংলাদেশস্থিত উচ্চায়ুক্ত প্ৰণয় বৰ্মাক বাংলাদেশৰ পৰা আতৰাই অনাৰ দাবী উত্থাপন কৰিছে প্ৰাইভেট ইউনিভাৰ্চিটি ষ্টুডেন্টচ এলায়েন্স অৱ বাংলাদেশে। তেওঁলোকে বাংলাদেশৰ জাতীয় নিৰাপত্তা উপদেষ্টা খলিলুৰ ৰহমানকো বহিস্কাৰৰ দাবী উত্থাপন কৰিছে।
কোন এই ওচমান হাদি:
ওচমান হাদিৰ হৈছে বাংলাদেশী সংগঠন ইনকিলাব মঞ্চৰ নেতা । ২০২৪ চনৰ জুলাই মাহত সংঘটিত বাংলাদেশ অভ্যুত্থানত এই সংগঠনে নেতৃত্ব লৈছিল । বাংলাদেশৰ জলাকাথি জিলাত জন্মগ্ৰহণ কৰা ওচমান হাদিয়ে ২০২৬ চনৰ বাংলাদেশ নিৰ্বাচনত ঢাকা-৮ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল । ১২ ডিচেম্বৰৰ মটৰচাইকেলত অহা দুৰ্বৃত্তই মছজিদৰ পৰা অহাৰ সময়ত ঢাকাত গুলিওৱাৰ ফলত ওচমান হাদি গুৰুতৰভাৱে আহত হৈছিল । আৰক্ষীয়ে ফয়ছল কৰিম মোচাড আৰু আলমগিৰ শেখ নামৰ দুজন হত্যাকাৰীক চিনাক্ত কৰিছিল । তেওঁলোক দুজনে নিজকে আৱামী লীগৰ বুলি পৰিচয় দিছিল। হাদিক প্ৰথমে বাংলাদেশৰে ঢাকা মেডিকেল কলেজ হস্পিতেল আৰু ঢাকাৰ এভাৰকেয়াৰ হস্পিতেলত ভৰ্ত্তি কৰে। ১৫ ডিচেম্বৰত তেওঁক উন্নত চিকিৎসাৰ বাবে চিংগাপুৰলৈ নিয়া হয় যদিও চিকিৎসাধীন অৱস্থাতে ১৮ ডিচেম্বৰত তেওঁৰ মৃত্যু ঘটে । উল্লেখযোগ্য যে হাদিয়ে এখন কবিতা পুথিও প্ৰকাশ কৰিছিল ।

