Indian Mujahideen-K Assam Arrest: অসম আৰু ত্ৰিপুৰাত বাংলাদেশী জেহাদি সংগঠনৰ সৈতে জড়িত ১১ জন গ্ৰেপ্তাৰ

গুৱাহাটী: পুনৰ উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰসংগক লৈ এক চাঞ্চল্যকৰ খবৰ। অসম আৰু ত্ৰিপুৰাত বাংলাদেশ-ভিত্তিক মৌলবাদী সংগঠনৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ ১১ জনক গ্ৰেপ্তাৰ কৰা হৈছে (Indian Mujahideen-K Assam Arrest)।

মঙলবাৰে গুৱাহাটীত আয়োজিত এক সংবাদ মেলত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই জানিবলৈ দিয়ে যে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত বিশেষ টাস্ক ফ’ৰ্চে (STF) এই অভিযান চলায়। এই অভিযানত অসমৰ বৰপেটা, চিৰাং আৰু দৰং জিলাৰ লগতে ত্ৰিপুৰাতো একেলগে অভিযান চলোৱা হয় (Assam STF Arrest)।

আৰক্ষী আয়ুক্তগৰাকীৰ মতে, গ্ৰেপ্তাৰ কৰা লোককেইজন বাংলাদেশ-ভিত্তিক জেহাদি সংগঠনৰ নিৰ্দেশ অনুসৰি কাম কৰি আছিল । তেওঁলোক নতুনকৈ গঠিত Indian Mujahideen-K নামৰ সংগঠনৰ সদস্য বুলি আৰক্ষীয়ে দাবী কৰিছে ।

এই ১১ জনৰ ভিতৰত ১০ জনক অসমত আৰু এজনক ত্ৰিপুৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে (Tripura Terror Arrest)। আৰক্ষীৰ দাবী অনুসাৰে, তেওঁলোকৰ মুখ্য উদ্দেশ্য আছিল অসম তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত অস্থিৰতা সৃষ্টি কৰা (Northeast Security Threat)।

সংবাদ মেলত পাৰ্থসাৰথি মহন্তই কয়, “এই লোকসকলে অঞ্চলটোত ধৰ্মীয় আধিপত্য স্থাপন কৰাৰ ষড়যন্ত্ৰ কৰিছিল। সময়মতে অভিযান চলোৱাৰ ফলত এক ভয়ংকৰ বিপদৰ পৰা ৰাজ্যখন ৰক্ষা পৰিল।”

উল্লেখযোগ্য যে, এই গ্ৰেপ্তাৰে ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাক পুনৰ দৃঢ় কৰাৰ লগতে বাংলাদেশী মৌলবাদী সংগঠনৰ ওপৰত নজৰদাৰী অধিক কঠোৰ কৰাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰি তুলিছে (Bangladesh Fundamentalist Group, Guwahati Police STF)।


Advertisement