International Women’s Day Celebration Held at Nowgong Girls’ College, Nagaonনগাঁও ছোৱালী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন

নগাঁওঃ আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস ২০২৬ উপলক্ষে নগাঁও ছোৱালী মহাবিদ্যালয়ত এক বিশেষ অনুষ্ঠানৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানটো মহাবিদ্যালয়খনৰ ছাত্ৰী একতা সভাই Centre for Women’s Studies ৰ সহযোগত অনুষ্ঠিত কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ ছাত্ৰী সকল, শিক্ষক-শিক্ষয়িত্ৰী আৰু আমন্ত্ৰিত অতিথিসকলে অংশগ্ৰহণ কৰে (International Women’s Day Celebration)।

অনুষ্ঠানটো পৰিচালনা কৰে মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ সাংস্কৃতিক আৰু নাট্য সম্পাদিকা কৃষ্ণাক্ষী শইকীয়াই। অনুষ্ঠানটো মহাবিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা এটা সমবেত গীতৰে শুভাৰম্ভ হয়।

মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ কুলেন চন্দ্ৰ দাসে আদৰণি ভাষণ আগবঢ়াই অনুষ্ঠানটোত নাৰী দিৱস উদযাপনৰ গুৰুত্ব আৰু শিক্ষাৰ জৰিয়তে মহিলা সকলৰ সবলীকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে। তেওঁ সমাজত বিদ্যমান কিছুমান কু-প্ৰথা, যেনে ডাইনী নিধন (Witch Hunting)ৰ দৰে সামাজিক কুপ্ৰথা শিক্ষিত আৰু সচেতন মহিলা সকলৰ জৰিয়তেই দূৰ কৰিব পৰা যাব বুলি উল্লেখ কৰে।

অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰূপহী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা আশ্ৰৱিকা হিমাদ্ৰী বৰা। তেওঁ মহিলা সবলীকৰণৰ গুৰুত্ব আৰু এখন প্ৰগতিশীল সমাজ গঢ়াৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকাৰ ওপৰত অতি তাৎপৰ্যপূৰ্ণ আৰু মনোগ্ৰাহী ভাষণ আগবঢ়ায়। তেওঁ ইতিহাসৰ আৰম্ভণিৰ পৰা আজিলৈকে পুৰুষ-প্ৰধান সমাজত মহিলাসকলৰ সংগ্ৰামৰ কথাও উল্লেখ কৰে।

অনুষ্ঠানত কলেজৰ প্ৰাক্তন ছাত্ৰী শান্তিপ্ৰিয়া আলমপুৰীয়াই ছাত্ৰী সকলৰ বাবে এক নিজৰ যতন লোৱা বিষয়ৰ ওপৰত এক কৰ্মশালা (self make up workshop )উদ্বোধন কৰে। এই কৰ্মশালাৰ লক্ষ্য আছিল ছাত্ৰী সকলৰ মাজত আত্মবিশ্বাস আৰু আত্ম-যত্নৰ প্ৰৱণতা বৃদ্ধি কৰা।

তাৰ পিছত অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ডঃ অমিয়া পাটৰে অনুপ্ৰেৰণাদায়ক ভাষণ আগবঢ়াই সমাজত মহিলাৰ অগ্ৰগতিৰ বিষয়ে নিজৰ অভিজ্ঞতা আৰু মতামত ভাগ-বতৰা কৰে। আনহাতে মহাবিদ্যালয়খনৰ উপাধ্যক্ষা মৰমী গায়নে মহিলাসকলৰ জীৱনৰ সকলো ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক অনুপ্ৰেৰণামূলক ভাষণ আগবঢ়ায়।

অনুষ্ঠানৰ সাংস্কৃতিক পৰ্বত কলেজৰ এগৰাকী ছাত্ৰীৰ দ্বাৰা পৰিবেশন কৰা সত্ৰীয়া নৃত্য আৰু “নাৰী কণ্ঠ নীৰৱ নহয়” শীৰ্ষক একাঙ্ক নাট মঞ্চস্থ কৰা হয়। এই দুইটা অনুষ্ঠানে দৰ্শক সকলক মুগ্ধ কৰে।

অনুষ্ঠানৰ অংশ হিচাপে আন্তঃমহাবিদ্যালয়/বিশ্ববিদ্যালয় পৰ্যায়ৰ চিত্ৰাঙ্কন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা আৰু পুৰস্কাৰ বিতৰণ অনুষ্ঠানো অনুষ্ঠিত হয়। য’ত বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিভাশালী অংশগ্ৰহণকাৰীক সন্মানিত কৰা হয়।

শিক্ষক-কৰ্মচাৰী, ছাত্ৰী আৰু নগাঁও জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰীৰ উপস্থিতিত অনুষ্ঠানটো সফলতাৰে সমাপ্ত হয়। এই অনুষ্ঠানটো মহিলাৰ অৱদান আৰু মৰ্যাদাক সন্মান জনোৱাৰ লগতে এক স্মৰণীয় আৰু অৰ্থবহ উপলক্ষ হিচাপে পৰিগণিত হয়।

লগতে পঢ়কঃ আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ লেখা আন্তৰ্জাতিক নাৰী দিৱসঃ পটভূমি আৰু অগ্ৰগতি


Advertisement