নিউজ ডেস্কঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থৰ দেহাবসান ঘটিছে। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থহৈ আছিল। বুধবাৰে শিলচৰ মেডিকেল কলেজ হস্পিতেলত তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে ।
১৯৩১ চনৰ ১৫ ডিচেম্বৰত জন্মগ্ৰহণ কৰা পুৰকায়স্থ ১৯৯৮ চনৰ পৰা ১৯৯৯ চন পৰ্যন্ত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
ৰাজনৈতিক জীৱন
এজন জ্যেষ্ঠ বিজেপি নেতা হিচাপে পৰিচিত কবীন্দ্ৰ পুৰকায়স্থই ১৯৯১ চনত শিলচৰ সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ পুনৰ ১৯৯৮ চনত একেটা সমষ্টিৰ পৰাই লোকসভালৈ নিৰ্বাচিত হৈছিল (Assam BJP veteran leader)। ২০০৯ চনত পুৰকায়স্থই শিলচৰ সমষ্টিৰ পৰা লোক সভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী সন্তোষ মোহন দেৱ আৰু এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলক পৰাজিত কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল (Barak Valley politics)। কিন্তু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী তথা সন্তোষ মোহন দেৱৰ কণ্যা সুস্মিতা দেৱৰ ওচৰত পৰাজিত হয় (Silchar MP Kabindra Purkayastha)।
২০২৪ চনত শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে কবীন্দ্ৰ পুৰকায়স্থক তেওঁ অৱদানৰ বাবে সন্মান প্ৰদৰ্শন কৰি ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল।
উল্লেখযোগ্য যে কবীন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কনাদ পুৰকায়স্থ ৰাজ্যসভাৰ সাংসদ (Former Union Minister Assam। তেওৱো বিজেপিৰ এজন জ্যেষ্ঠ নেতা।
নৱবৰ্ষ উপলক্ষে চিকিৎসালয়ৰ বিচনাৰ পৰাই সামাজিক মাধ্যমত বাৰ্তা
নৱবৰ্ষ উপলক্ষে চিকিৎসালয়ৰ বিচনাৰ পৰাই জ্যেষ্ঠ বিজেপি নেতাজনে তেওঁৰ ফেচবুক পৃষ্ঠাৰ প্ৰশাসকৰ জৰিয়তে জনসাধাৰণলৈ এনেদৰে বাৰ্তা দিছিল- “এই নীৰৱ চিকিৎসালয়ৰ বিচনাৰ পৰা।… ৯৫ বছৰ বয়সত, আন এটা নতুন বছৰে যেতিয়া মৃদুভাৱে দুৱাৰত টোকৰ মাৰে, তেতিয়া মোৰ হৃদয় কৃতজ্ঞতাৰে পৰিপূৰ্ণ হৈ উঠে।
জীৱনে মোক বহু পুৱা আৰু বহু নিশা দেখুৱাইছে। বহু আনন্দ আৰু বহু পৰীক্ষাৰ মাজৰে পাৰ কৰাইছে। আজি, দুৰ্বল হাত, কিন্তু কৃতজ্ঞ আত্মাৰে সৈতে, মই পিছলৈ চাই অনুভৱ কৰোঁ—মোৰ শ্বাস-প্ৰশ্বাস, প্ৰতিটো হাঁহি আৰু প্ৰত্যেকটো সম্পৰ্ক কিমানেই যে মূল্যবান। সময়েই মোক শিকাইছে যে গুৰুত্বপূৰ্ণ কথা এইটো নহয় যে আমি কিমান দিন জীয়াই থাকোঁ, বৰঞ্চ এইটোহে আমি কিমান গভীৰভাৱে ভালপাওঁ আৰু কিমান সহৃদয়তাৰে আনৰ জীৱনত স্পৰ্শ ৰাখোঁ।
নতুন বছৰৰ প্ৰভাতত মই আপোনালোক সকলোলৈ মোৰ আশীৰ্বাদ আগবঢ়াইছো। আগন্তুক বছৰটোৱে আপোনালোকলৈ সুস্বাস্থ্য, মানসিক শান্তি আৰু আপোনজনৰ উষ্ণ সান্নিধ্য কঢ়িয়াই আনক। আপোনালোকে দ্ৰুতভাৱে ক্ষমা কৰিব শিকক, উদাৰভাৱে ভালপোৱা শিকক, আৰু সহৃদয়তা কেতিয়াও পিছলৈ নাৰাখিব।
এই ৯৫ বছৰে যদি মোক কিবা এটা শিকাইছে, তেন্তে সেইটো হৈছে—জীৱন ক্ষণস্থায়ী, কিন্তু আশাৰ শক্তি অসীম। চিকিৎসালয়ৰ বিচনাত বহি থাকিলেও, আশা উজ্জ্বল হৈ জ্বলি আছে।
আপোনালোক সকলোলৈ নতুন বছৰৰ আন্তৰিক শুভেচ্ছা। প্ৰতিটো সূৰ্যোদয়ত আপোনালোকক এইটো মনত পেলাওক যে জীয়াই থকাটো নিজেই আটাইতকৈ এটা ডাঙৰ উপহাৰ।”
মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
জ্যেষ্ঠ বিজেপি নেতাজনৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে,
” ভাৰতীয় জনতা পাৰ্টিৰ ধ্বজাবাহক, দূৰদৰ্শী আৰু জনদৰদী নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধাৰ কবীন্দ্ৰ পুৰকায়স্থৰ মহাপ্ৰয়াণৰ বাৰ্তাত মই গভীৰভাৱে মৰ্মাহত। তেওঁৰ নেতৃত্বতেই অসমত ভাৰতীয় জনতা পাৰ্টি আৰু ৰাষ্ট্ৰবাদী আদৰ্শৰ ভেটি প্ৰতিষ্ঠা হৈছিল। যি আজি এক বিশাল বটবৃক্ষৰ ৰূপ লৈছে। বৰাক উপত্যকা আৰু অসমৰ লগতে দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্ৰতো শ্ৰদ্ধাৰ পুৰকায়স্থ মহোদয়ৰ অৱদান অনবদ্য আৰু অনন্য। তেওঁৰ প্ৰয়াণে আমাৰ সামাজিক জীৱনলৈ এক অপূৰণীয় ক্ষতি আনিছে।
শিলচৰৰ এজন সাধাৰণ কাৰ্যকৰ্তাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীলৈকে তেওঁৰ সুদীৰ্ঘ জীৱন-যাত্ৰাই জনসেৱা আৰু নিঃস্বাৰ্থ সমৰ্পণৰ এক উৎকৃষ্ট দৃষ্টান্ত স্থাপন কৰিছে, যি প্ৰতিজন কাৰ্যকৰ্তাক সদায় অনুপ্ৰেৰণা যোগাই থাকিব।
এই শোকৰ মুহূৰ্তত পুৰকায়স্থ মহাশয়ৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী আৰু ভাৰতীয় জনতা পাৰ্টি পৰিয়াল গভীৰভাৱে শোকাহত। এই দুখৰ সময়ত ঈশ্বৰৰ ওচৰত তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেওঁৰ পৰিয়াল, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ গভীৰ সমবেদনা জনালোঁ। তেওঁৰ ব্যক্তিগত মাৰ্গদৰ্শন, প্ৰতিটো সাক্ষাৎ আৰু আশীৰ্বাদ মোৰ হৃদয়ত চিৰস্মৰণীয় হৈ ৰ’ব।”
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ
“ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হ’লোঁ। বিজেপিৰ এগৰাকী সমৰ্পিত নেতা হিচাপে তেখেতে নিঃস্বাৰ্থ সেৱাৰে তৃণমূল পৰ্যায়ৰপৰাই দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি তোলাৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।
তেখেতৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা আছিল দেশ আৰু দলৰ প্ৰতি অটল দায়বদ্ধতা আৰু সমৰ্পণৰ উজ্জ্বল নিদৰ্শন। মোৰ দৰে হাজাৰ হাজাৰ কাৰ্যকৰ্তাৰ বাবে তেখেতৰ অম্লান কৰ্মৰাজি আৰু আদৰ্শ অহৰহ প্ৰেৰণাৰ উৎস হৈ ৰ’ব। তেখেতৰ মৃত্যু মোৰ ব্যক্তিগত জীৱনৰ বাবেও এক অপূৰণীয় ক্ষতি। কাৰণ নিজৰ নিষ্ঠা আৰু মাৰ্গদৰ্শনেৰে তেখেত মোৰ বাবে পিতৃস্বৰূপ আছিল৷ তেখেতৰ বিয়োগে অসমৰ ৰাজনৈতিক পৰিৱেশত এনে এক শূন্যতাৰ সৃষ্টি কৰিলে, যাক পূৰণ কৰাটো অত্যন্ত কঠিন হ’ব৷
এই দুখৰ ক্ষণত তেখেতৰ শোকসন্তপ্ত পুত্ৰ তথা ৰাজ্যসভাৰ সাংসদ শ্ৰী কনাদ পুৰকায়স্থ, পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিলোঁ৷”
লুৰীণজ্যোতি গগৈৰ শোকপ্ৰকাশ
“প্ৰাক্তন কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী তথা বিশিষ্ট ৰাজনীতিবিদ কবীন্দ্ৰ পুৰকায়স্থ ডাঙৰীয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰিছিল আৰু আজীৱন নৈতিক প্ৰমূল্যৰে দেশৰ ৰাজনীতিত উজ্জ্বল উদাহৰণ হৈ থাকিল। দেশ আৰু সমাজৰ প্ৰতি তেখেতৰ নিষ্ঠাৱান সেৱা সদায় স্মৰণীয় হৈ থাকিব।
প্ৰবীণ ৰাজনীতিবিদগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই এই দুখৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গ, আত্মীয়-স্বজনলৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। “
(Kabindra Purkayastha Death)লগতে পঢ়কঃ আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা আৰু নাই
