খেৰনিঃ খিলঞ্জীয়া কাৰ্বি সকলৰ ভূমি ৰক্ষাৰ দাবীত উত্তপ্ত হৈ পৰা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি-ডংকামোকাম দ্বিতীয় দিনাও অগ্নিগৰ্ভ হৈ আছে। সোমবাৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামোকামস্থিত পিতৃগৃহত উত্তেজিত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰিছিল । তদুপৰি খেৰনি সমষ্টিৰ কাৰ্যবাহী সদস্য পৱন কুমাৰৰ বাসগৃহো ক্ষতিসাধন কৰিছিল (Karbi Anglong unrest)।
এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলাপ-আলোচনাৰ মাজৰে বিষয়টো নিস্পতি হব বুলি মন্তব্য কৰি পৰিস্থিতি শান্ত হোৱা বুলি সদৰী কৰিছিল। একেদৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও পি জি আৰ আৰু ভি জি আৰ ভূমিত বসবাস কৰা সকলক কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে উচ্ছেদৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰি প্ৰতিবাদকাৰী সকলক সংযত হবলৈ আহ্বান জনাইছিল। তাৰ মাজতে ক্ষুদ্ধ প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ অব্যাহত ৰাখিছে (Karbi land protection)।
সোমবাৰে নিশাও পৰিস্থিতি উত্তপ্ত হৈ থকাৰ পিছত মংগলবাৰে পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে । মংঙলবাৰে প্ৰতিবাদকাৰীয়ে তিনিখনকৈ মটৰ চাইকেল জ্বলাই দিয়ে। ইয়াৰ বিপৰীতে একাংশ হিন্দীভাষী লোকে আৰক্ষীলৈও শিলাবৰ্ষণ কৰে। আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰু গুলীচালনা কৰিব লগীয়া হয়। এনে উত্তপ্ত পৰিস্থিতিৰ মাজতেই শাসকীয় বিজেপিয়ে ডংকামোকামত এখন শান্তি সভা অনুষ্ঠিত কৰে। বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ মণ্ডল বিজেপিৰ উদ্যোগত শান্তি সভাখন অনুষ্ঠিত হয় । কাৰ্বি আংলং জিলাৰ উতপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলোৰে সহযোগিতা বিচাৰি শান্তি সভাখন অনুষ্ঠিত হয়। সভাত সাংসদ অমৰছিং তিছ’ৰ লগতে স্বায়ত্ব শাসিত পৰিষদৰ বহুকেইজন জন প্ৰতিনিধি উপস্থিত থাকে। জিলাখনত শান্তি বজাই ৰাখিবলৈ আহ্বান জনাই সাংসদ অমৰছিং তিছ’য়ে। সাংসদ তিছ’ই সোমবাৰৰ ঘটনাক গৰিহণা দি ভৱিষ্যতে এনেধৰণৰ ঘটনা যাতে সংঘটিত নহয় সেই আহ্বান জনায় (Kheroni violence)। তেওঁ কয়-‘পি জি আৰ-ভিজি আৰ উচ্ছেদৰ দাবী আইন অনুযায়ীহে হব। আইন ৰাইজৰ হেঁচা বা চৰকাৰী হেঁচাত নহয়। মুখ্যমন্ত্ৰী,মুখ্য কাৰ্যবাহী বিষয়া সকলো বহি আমি আলোচনা কৰিম। সোমবাৰৰ ঘটনাক ক্ষুদ্ধ ৰাইজক প্ৰৰোচিত কৰা নেতা সকলক আইন অনুযায়ী বিচাৰ কৰিব লাগে। তেওঁ কয়-শান্তি হলেহে আমাৰ উন্নয়ন হব আৰু সমস্যা সমূহ সমাধান হব। কাৰ্বি আংলঙত কাৰ্বি, ডিমাছা, বিহাৰী আদি একেলগে আছো। সংবিধান অনুযায়ী আমি আগবাঢ়ি যাব লাগিব। কাৰ্বি আংলঙত ৰাজনৈতিক নেতাৰ ব্যক্তিগত বাসগৃহ জ্বলোৱা এইয়াই প্ৰথম বুলি তেওঁ মন্তব্য কৰে।
কাৰ্বি ভূমিত বহিৰাগতৰ আগ্ৰাসনঃ
উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ প্ৰায় ১২ হাজাৰ বিঘা দখল কৰি একাংশ বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিয়ে কুঁহিয়াৰ খেতি কৰি আহিছিল (PGR VGR land eviction)। নিজৰ ভূমিতে ক্ৰমান্বয়ে সংখ্যালঘু হোৱাৰ উপক্ৰম ঘটা কাৰ্বি সকলে এই সকল অনাকাৰ্বিৰ আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁলোকক উচ্ছেদ কৰিবৰ বাবে দাবী জনাই আহিছিল। কিন্তু ভোটৰ স্বাৰ্থতে তেওঁলোকক উচ্ছেদ কৰা হোৱা নাছিল। শেহতীয়াকৈ লিটছন ৰংফাৰ নামৰ এজন যুৱ নেতাই অনাকাৰ্বি সকলক উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰিছিল। যোৱা জুলাই মাহত তেওঁ সংবাদ মেলৰ জৰিয়তে এই দাবী উত্থাপন কৰিছিল। কিন্তু ৰাজ্যচৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিলে। ফলত বিগত প্ৰায় ১৫ দিন খেৰণিত পি জি আৰ আৰু ভি জি আৰ ভূমি উচ্ছেদ কৰাৰ দাবীত লিটচনে অনশন কাৰ্যসূচী ৰূপায়ন কৰে। এনে অৱস্থাতে লিটছন সহ অনশনকাৰী সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি বাতৰি বিয়পাত শ শ কাৰ্বি লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।
উত্তেজিত ৰাইজে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ বাসগৃহ জ্বলাই দিয়ে । ইপিনে কাৰ্বি আংলঙৰ পি জি আৰ আৰু ভি জি আৰ ভূমি বেদখল কৰা বহিৰাগত লোক সকলেও হাতে হাতে লাঠি লৈ খিলঞ্জীয়া ভূমি পুত্ৰ কাৰ্বি সকল বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। আনকি খেৰণি আৰক্ষী থানাৰ কিছু দূৰতে কাৰ্বি লোক আৰু বহিৰাগত লোকৰ মাজত মুখামুখি সংঘৰ্ষ সৃষ্টি হোৱাৰ উপক্ৰম ঘটে। বহিৰাগত লোক সকলে জয় শ্ৰীৰাম ধ্বনি দিয়ে। অৱশ্যে কোনোমতে আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণ হয়। বহিৰাগত লোক সকলে আনকি কাৰ্বি মুৰ্দাবাদ, চাইনীজ মুৰ্দাবাদ জাতীয় বিতৰ্কিত আৰু সাম্প্ৰদায়িক শ্লোগানো দিয়ে। ফলত পৰিস্থিতি অধিক অৱনতি হোৱাৰো আশংকা আছে।
ইতিমধ্যে পৰিস্থিতি অধিক অৱনতি হোৱাৰ আশংকাত পশ্চিম কাৰ্বি আংলঙত অনিৰ্দিষ্ট সময়ৰ বাবে ইন্টাৰনেট সেৱা কৰ্তন কৰিছে (Internet shutdown Assam)।
ডিমা হাছাওৰ ৰাজনৈতিক নেতা ডেনিয়েল লাংথাচাৰ চৰকাৰ,কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ আৰু মুখ্যমন্ত্ৰীক সমালোচনাঃ
ডিমা হাছাও স্বায়ত্ব পৰিষদৰ প্ৰাক্তন সদস্য তথা পিপলচ পাৰ্টিৰ প্ৰতিষ্ঠাতা ডেনিয়েল লাংথাচাই চৰকাৰক সকিয়নী দি কয়- ‘ ব্যক্তিগত ভাবে মই হিংসাত বিশ্বাস নকৰো। কাৰ্বি স্বায়ত্ব শাসিত পৰিষদ আৰু অসম চৰকাৰ আপোনালোকে জনসাধাৰণক বিপথে পৰিচালিত নকৰিব। আপোনালোকে অনশনকাৰীক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়া বুলি কৈছে। কিন্তু ব্লেক কেট কমাণ্ডো আনি কোনে চিকিৎসাৰ বাবে নিয়ে। তদুপৰি ওচৰতে ডিফু মেডিকেল কলেজ থাকোতে আপোনালোকে কিয় গুৱাহাটী মেডিকেল কলেজলৈ অনশনকাৰীক নিলে। সাধাৰণ পৰীক্ষা যদি ডিফু মেডিকেল কলেজত কৰিব নোৱাৰে বন্ধ কৰি দিয়ক। পি জি আৰ, ভি জি আৰ ভূমিত উচ্ছেদ কৰিব বুলি বৰ্তমান দুবছৰ হ’ল। এতিয়া চৰকাৰে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ অজুহাত দেখুৱাইছে ।
লগতে কয়, কেতিয়াৰ পৰা উচ্চন্যায়ালয়ৰ নিৰ্দেশ মানি চলা হ’ল? য’ত মুছলমান লোক আছে তাত আপোনালোকে একেদিনাই বুলডজাৰলৈ উচ্ছেদ কৰে। সেই উচ্ছেদো কৰক। কিন্তু দুমুখীয়া কাম নকৰিব। ১৯৬৯ চনত মেঘালয় আৰু মিজোৰাম আতৰি যোৱাৰ পিছতো ডিমা হাছাও আৰু কাৰ্বি আংলং অসমৰ লগতে থাকিল। বিনিময়ত আমি কি পালো। অন্যস্থানত উচ্ছেদৰ দাবী উত্থাপন নোহোৱাৰ পিছতো উচ্ছেদ কৰিছে। কিন্তু কাৰ্বি আংলঙত দুবছৰ ধৰি দাবী জনাই অহাৰ পিচতো কিয় উচ্ছেদ কৰা নাই। মুখ্যমন্ত্ৰীক সমালোচনা কৰি তেওঁ কয় ডিমাছা লোকক কোনোবাই মাৰপিট কৰিলে বা কাৰ্বি লোকৰ ভূমি গলে আপোনালকৰ একো ক্ষতি নহয়। কাৰ্বি আৰু ডিমাছা সংখ্যালঘুত পৰিণত হ’ল। বিহাৰৰ পৰা মানুহ আহি স্বায়ত্ব শাসিত পৰিষদত কাৰ্যবাহী সদস্য হব পৰা হ’ল। আপুনি নিজেই প্ৰাৰ্থিত্ব দিছে।
লগতে পঢ়কঃ BNS ৰ ১৬৩ ধাৰা বলবৎ হৈ থকাৰ মাজতে কাৰ্বি আংলঙত পুনৰ উত্তেজনা

