Karbi Anglong Police Injured in Stone Peltingউত্তেজনা অব্যাহত আছে কাৰ্বি আংলঙত। আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ। আহত কেবাগৰাকী আৰক্ষী। Karbi Anglong Police Injured in Stone Pelting

ডিফুঃ সোমবাৰৰ পৰা উত্তপ্ত হৈ থকা কাৰ্বি আংলঙৰ পৰিস্থিটো নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰখাৰ মাজতে জিলাখনত অব্যাহত আছে প্ৰতিবাদ। পুৱাৰ পৰা জিলাখনৰ পৰিস্থিতি কিছু শান্ত হ’ব ধৰিছিল যদিও পুনৰ উত্তেজনা বৃদ্ধি হয় কাৰ্বি আংলঙত (Karbi Anglong Police Injured in Stone Pelting)।

কাৰ্বি আংলঙৰ পৰা অনা কাৰ্বি সকলক উচ্ছেদৰ দাবীত কেবাটাও সংগঠনে অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে সোমবাৰে একাংশই কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙৰ বাসগৃহত অগ্নিসংযোগ কৰাৰ পাছতেই পৰিস্থিতি অধিক উত্তাল হৈ পৰে (Karbi Anglong unrest)।

এই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মঙলবাৰে পুৱাই কাৰ্বি আংলঙত উপস্থিত হৈ অসম চৰকাৰৰ মন্ত্ৰী ডঃ ৰনোজ পেগুৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত হৈ কাৰ্বি আৰু অনা কাৰ্বিৰ সৈতে পৃথকে পৃথকে আলোচনা কৰি পৰিস্থিতি শান্ত কৰাৰ চেষ্টা কৰাৰ সময়তে প্ৰথমে খেৰণি আৰক্ষী থানাৰ সমীপতে তিনিখনকৈ বাইকত অগ্নিসংযোগ কৰে একাংশই। প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আঁতৰাই পঠিওৱাৰো চেষ্টা চলায় (Kheroni violence)।

কিন্তু কিছু সময় পাছতেই একাংশ প্ৰতিবাদকাৰীয়ে হঠাৎ আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। একাংশই হাতে হাতে লাঠী, শিলগুটি লৈ আৰক্ষীক লক্ষ্য কৰি লয় প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীয়ে শিলগুটি নিক্ষেপ কৰাৰ ফলত কেবাগৰাকী আৰক্ষীও আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত হোৱা আৰক্ষীক লগে লগে চিকিৎসাৰ ব্যৱস্থা কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবেও আৰক্ষী সষ্টম হৈ পৰে। আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ পৰ্য্যন্ত নিক্ষেপ কৰা বুলিও জানিব পৰা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে ব্যাপক তৎপৰতা কৰিও এই প্ৰতিবেদন প্ৰস্তুত কৰা সময়লৈকে অঞ্চলটোত উত্তেজনা নিয়ন্ত্ৰণলৈ অহা নাই (Assam unrest news)।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং নিজে উপস্থিত থকাৰ লগতে কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে (KAAC protest)।

লগতে পঢ়কঃ BNS ৰ ১৬৩ ধাৰা বলবৎ হৈ থকাৰ মাজতে কাৰ্বি আংলঙত পুনৰ উত্তেজনা


Advertisement