Kerala Renaming to Keralam Approved by Union Cabinetকেৰালা হ'ব কেৰালাম

নিউজ ডেস্কঃ দক্ষিণ ভাৰতৰ গুৰুত্বপূৰ্ণ ৰাজ্য ‘কেৰেলা’ৰ নাম সলনি কৰি ‘কেৰালাম’ কৰাৰ সিদ্ধান্তত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে (Kerala Renaming to Keralam)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে এই অনুমোদন জনায়। মংগলবাৰে এই সম্পৰ্কত সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।

প্ৰায় ডেৰ বছৰৰ পূৰ্বে, ২০২৪ চনৰ ২৪ জুনত কেৰালা বিধানসভাই একত্ৰে কেৰালাৰ নাম ‘কেৰালাম’ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ অনুৰোধ জনাইছিল। ২০২৪ চনত প্ৰথমে এই প্ৰস্তাৱটো উত্থাপন কৰিছিল কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন( Pinarayi Vijayan)এ। তেওঁ কেন্দ্ৰ চৰকাৰক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত সকলো ভাষাত “কেৰালা”ৰ সলনি “কেৰালাম” নাম ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছিল।

২০২৪ চনত বিধানসভাত প্ৰস্তাৱ দাঙি ধৰোঁতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে মালয়ালম ভাষাত ৰাজ্যখনক সদায় “কেৰালাম” বুলিয়েই কোৱা হয়। তেওঁ লগতে সোঁৱৰাইছিল যে জাতীয় স্বাধীনতা আন্দোলনৰ সময়ত মালয়ালমভাষী লোকসকলৰ বাবে একত্ৰিত কেৰেলা গঠনৰ দাবী জোৰদাৰ হৈছিল। পিছত গৃহ মন্ত্ৰালয়ৰ কিছুমান কাৰিকৰী সংশোধনৰ পৰামৰ্শৰ পাছত বিধানসভাই প্ৰস্তাৱটো গৃহীত কৰে।

“কেৰালাম” নামৰ অৰ্থ কি?

বিশেষজ্ঞসকলে মতে, “কেৰালা” হৈছে ঔপনিৱেশিক যুগৰ ইংৰাজী শব্দ। যি চৰকাৰী নথিপত্ৰত উল্লেখ আছিল। আনহাতে “কেৰালাম” হৈছে মালয়ালম উচ্চাৰণৰ সৈতে অধিক সামঞ্জস্যপূর্ণ ৰূপ। কেৰালা বিশ্ব বিদ্যালয়ৰ সাজী এ নামৰ ইতিহাস বিষয়ৰ মুৰব্বী অধ্যাপকজনে উল্লেখ কৰিছে যে বৃটিছ প্ৰশাসকসকলে সাধাৰণতে “এম” বা “এন”ত শেষ হোৱা শব্দৰ বানান সলনি কৰিছিল। আনহাতে কেৰালাৰ বিশিষ্ট ইতিহাসবিদ কে. এন. গনেশে কয় যে এই পৰিৱর্তন “বৃটিছ ঔপনিৱেশিক অভিধাৰ পৰা মালয়ালম ভাষাগত অভিধালৈ গমন।”

উল্লেখযোগ্য যে “কেড়া” (নাৰিকল) আৰু “আলম” বা “ইলাম” (ভূমি) শব্দৰ সংমিশ্ৰণৰ পৰা “কেৰালাম” শব্দটো উৎপত্তি হোৱা বুলি ধৰা হয়, অৰ্থাৎ “নাৰিকলৰ দেশ।”

সংবিধানৰ অনুচ্ছেদ ৩ অনুসৰি প্ৰক্ৰিয়াঃ

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩ অনুসৰি ৰাজ্যৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া নিৰ্ধাৰিত।
এই ব্যৱস্থাৰ অধীনত সংসদে আইনৰ জৰিয়তে ৰাজ্যৰ নাম সলনি কৰিব পাৰে। কিন্তু ৰাষ্ট্ৰপতিৰ পৰামৰ্শ অবিহনে এনে বিল সংসদত উত্থাপন কৰিব নোৱাৰি। যদি প্ৰস্তাৱটো ৰাজ্যৰ নাম, সীমা বা এলেকাৰ সৈতে জড়িত হয়, তেন্তে ৰাষ্ট্ৰপতিয়ে প্ৰথমে সংশ্লিষ্ট ৰাজ্য বিধানসভাৰ মতামত বিচাৰিব লাগিব।

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সিদ্ধান্তৰ পাছত, ৰাষ্ট্ৰপতিয়ে “কেৰালা (নাম পৰিবৰ্তন) বিধেয়ক, ২০২৬”ৰ খচৰা কেৰালা বিধানসভালৈ প্ৰেৰণ কৰিব। কেৰালা ৰাজ্যৰ বিধানসভাৰ মত গ্ৰহণৰ পিছত সংসদত বিল উত্থাপন কৰি আনুষ্ঠানিকভাৱে “কেৰালা”ৰ সলনি “কেৰালাম” নাম কৰা হ’ব।

উল্লেখযোগ্য যে কেৰালা’ৰ নাম ‘কেৰালাম’ হিচাপে সলনি কৰাৰ বিষয়টো ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ত বিবেচনা কৰা হৈছে আৰু কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহৰ অনুমোদনত ‘কেৰালা’ৰ নাম ‘কেৰালাম’ হিচাপে সলনি কৰাৰ উদ্দেশ্যে কেবিনেটৰ বাবে প্ৰস্তুত কৰা খচৰা তেওঁলোকৰ মন্তব্যৰ বাবে আইন আৰু ন্যায় মন্ত্ৰালয়ৰ আইনী পৰিক্ৰমা বিভাগ তথা বিধান বিভাগলৈ প্ৰেৰণ কৰা হৈছে। আইন আৰু ন্যায় মন্ত্ৰালয়ৰ আইনী পৰিক্ৰমা আৰু বিধান বিভাগ বিভাগে ‘কেৰালা’ৰ নাম ‘কেৰালাম’ হিচাপে সলনি কৰাৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে।

ৰাজনৈতিক প্ৰতিক্ৰিয়াঃ

কেৰেলা বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰাকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।অহা এপ্ৰিল-মে মাহত কেৰালা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কংগ্ৰেছ সাংসদ শশী থাৰুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত প্ৰশ্ন উত্থাপন কৰে যে ৰাজ্যখনৰ নাম “কেৰালাম” হ’লে “কেৰালাইট” বা “কেৰালান” শব্দসমূহৰ কি হ’ব?

এই পদক্ষেপ ভাৰতৰ আন ৰাজ্য আৰু চহৰসমূহে ইংৰাজীকৃত নামৰ সলনি স্থানীয় উচ্চাৰণ বা ঐতিহাসিক পৰিচয় অনুসৰি নাম গ্ৰহণ কৰাৰ এক বৃহৎ ধাৰাৰ সৈতে সামঞ্জস্যপূর্ণ।

ঐতিহাসিক পটভূমিঃ

১ নৱেম্বৰ, ১৯৫৬ তাৰিখে কেৰালা ৰাজ্য গঠন কৰা হৈছিল। এই দিনটো “Kerala Piravi Day” হিচাপে পালন কৰা হয়। সংবিধানৰ প্ৰথম অনুসূচীত ৰাজ্যখনৰ নাম “কেৰালা” হিচাপে উল্লেখ আছে। এতিয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদনৰ পাছত “কেৰালাম” নামক আনুষ্ঠানিক ৰূপ দিয়াৰ বিধিগত প্ৰক্ৰিয়া আৰম্ভ হ’ল।

লগতে পঢ়কঃ ৩০ কোটিৰো অধিক শ্ৰমিক, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব ১২ ফেব্ৰুৱাৰীৰ ভাৰত বন্ধৰ কাৰ্যসূচীত


Advertisement