Khaleda Zia DeathKhaleda Zia Death: বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পৰলোক

ইন্টাৰনেশ্যনেল ডেস্কঃ বাংলাদেশৰ অস্থিৰ পৰিবেশৰ মাজতেই এক শোকৰ খবৰে ৰাষ্ট্ৰখনক জোকাৰি গৈছে। দেশখনৰ অন্যতম শক্তিশালী ৰাজনৈতিক দল বাংলাদেশ জাতীয় দল (BNP) ৰ অধ্যক্ষা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পৰলোক প্ৰাপ্তি ঘটিছে। বাংলাদেশৰ এভকেয়াৰ হস্পিতেলত পুৱা ৬ বজাত তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ (Khaleda Zia Death)।

বাংলাদেশৰ ৰাষ্ট্ৰীয় দলটোৰ এক বিবৃতিৰ জৰিয়তে প্ৰকাশ, “BNP-ৰ অধ্যক্ষা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় নেত্ৰী বেগম খালেদা জিয়াৰ আজি পুৱা ৬ বজাত, ফজৰৰ নামাজৰ পাছতেই মৃত্যুবৰণ কৰে (Bangladesh Former Prime Minister)।”

“আমি তেওঁৰ আত্মাৰ ক্ষমাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । সকলোকে তেওঁৰ বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছোঁ,” বিবৃতিত এনেদৰে উল্লেখ আছে(BNP Chairperson Khaleda Zia)।

বাংলাদেশৰ চিকিৎসা সূত্ৰে প্ৰকাশ যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী হৃদযন্ত্ৰজনিত ৰোগত চিকিৎসাধীনহৈ আছিল। যোৱা ২৩ নৱেম্বৰত তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বাংলাদেশী সংবাদ মাধ্যমৰ খবৰ অনুসাৰে, অন্তিম কেইসপ্তাহত তেওঁ নিউমোনিয়াতো ভুগি আছিল। মুঠ ৩৬ দিন ধৰি তেওঁ কঠোৰ চিকিৎসকীয় পৰ্যবেক্ষণত আছিল আৰু তেওঁৰ শাৰীৰিক অৱস্থা “অতি সংকটজনক” আছিল ।

তেওঁ যকৃতৰ ৰোগ, ডায়াবেটিছ, আৰ্থ্ৰাইটিছৰ লগতে বৃক্ক আদি ৰোগতো ভুগি আছিল। বাংলাদেশৰ আৰু বিদেশৰো এদল বিশেষজ্ঞ চিকিৎসকে তেওঁক চিকিৎসা কৰিছিল।

বাংলাদেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াঃ

খালেদা জিয়া আছিল বাংলাদেশৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী। ভূতপূৰ্ব ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী তেওঁ। ১৯৮১ চনত স্বামী জিয়াউৰ ৰহমানৰ হত্যাৰ পিচত তেওঁ ১৯৮২ চনত ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৮৪ চনত তেওঁ BNP দলৰ দায়িত্ব লয়। ৰাজনৈতিক অভিজ্ঞতা নথকাৰ বাবে বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছিল। তাৰ মাজতো দলটোৰ নেতৃত্ব দি দলটোক তেওঁ এক শক্তিশালী স্তৰত উপনীত কৰিছিল।

বাংলাদেশৰ সামৰিক শাসনৰ সৈতে আপোচ নকৰি দলটোক নেতৃত্ব দি ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ BNP দলক এক অভূতপূৰ্ব বিজয়ৰ দিশে নেতৃত্ব দিয়ে আৰু বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে অধিষ্ঠিত হয়। আনকি বাংলাদেশত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে ১৯৯০ চনত তেওঁ ৰাজনৈতিক চিৰবৈৰী শেখ হাসিনাৰ লগতো কিছু পৰিমাণে আপোচ কৰিছিল। খালেদা জিয়াৰ নেতৃত্বত বাংলাদেশে ৰাষ্ট্ৰপতি শাসিত ব্যৱস্থাৰ পৰা সংসদীয় শাসন ব্যৱস্থালৈ পৰিবৰ্তন ঘটিছিল (Sheikh Hasina Khaleda Zia Politics)।

খালেদা জিয়াই ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু ২০০১ চনৰ পৰা ২০০৬ চনলৈকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৬ চনত তেওঁৰ চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পাছত, ২০০৭ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচন ৰাজনৈতিক হিংসা আৰু অস্থিৰতাৰ বাবে পিছুৱাই দিয়া হয়। ইয়াৰ ফলস্বৰূপে ৰক্তপাত সামৰিক-সমৰ্থিত চৰকাৰ ক্ষমতালৈ আহে । এই চৰকাৰে খালেদা জিয়া আৰু তেওঁৰ দুজন পুত্ৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছিল।

২০১৮ চনত দুৰ্নীতিৰ অভিযোগত খালেদা জিয়াক মুঠ ১৭ বছৰৰ কাৰাদণ্ড দিয়া হয়। ২০১৯ চনৰ এপ্ৰিল মাহত স্বাস্থ্যজনিত চিকিৎসাৰ বাবে তেওঁক এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। ২০২০ চনৰ মাৰ্চ মাহত মানৱিক কাৰণত তেওঁক ছয় মাহৰ বাবে গৃহবন্দীত মুক্তি দিয়া হয় আৰু কোনো ধৰণৰ ৰাজনৈতিক কাৰ্যকলাপত অংশ লোৱাত নিষেধাজ্ঞা আৰোপ কৰা হয়।

তাৰ পাছত, ২০২৪ চনৰ ৫ আগষ্টলৈকে চিকিৎসাৰ উদ্দেশ্যে চৰ্তসাপেক্ষে তেওঁক মুক্ত কৰি ৰখা হৈছিল। এই সময়ছোৱাত ২০২৪ চনত বাংলাদেশত হোৱা গণ অভ্যুত্থানৰ ফলত প্ৰধানমন্ত্ৰী শেখ হাসিনা ভাৰতলৈ পলাই যাবলৈ বাধ্য হয় আৰু বাংলাদেশৰ অন্তবৰ্তীকালীন চৰকাৰে খালেদা জিয়াৰ মুক্তিৰ নিৰ্দেশ জাৰি কৰে। ২০২৪ চনৰ ২৭ নৱেম্বৰত তেওঁক দোষমুক্ত ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে, পূৰ্বে শেখ হাসিনাৰ চৰকাৰে ১৮ বাৰ তেওঁৰ বিদেশ যাত্ৰাৰ অনুৰোধ নাকচ কৰিছিল। বহু বছৰৰ অসুস্থতা আৰু কাৰাবাস সত্ত্বেও খালেদা জিয়াই নৱেম্বৰ মাহত ঘোষণা কৰিছিল যে তেওঁ ২০২৬ চনৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত প্ৰচাৰ অভিযানত অংশ ল’ব।

তাৎপৰ্যপূৰ্ণ যে, খালেদা জিয়াৰ স্বামী, ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানে ১৯৭৭ চনত সামৰিক মুখ্য হিচাপে ক্ষমতা দখল কৰিছিল আৰু তাৰ এটাই বছৰ পাছত BNP দল গঠন কৰিছিল। তেওঁক দেশখনত গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কৃতিত্ব দিয়া হয় যদিও ১৯৮১ চনত এক সামৰিক অভ্যুত্থানত তেওঁ নিহত হয়।

খালেদা জিয়াৰ পুত্ৰ তথা বৰ্তমান বাংলাদেশ জাতীয় দল (BNP)-ৰ কাৰ্যবাহী অধ্যক্ষ তাৰেক ৰহমান ১৭ বছৰ বিদেশত থকাৰ পাছত যোৱা সপ্তাহত বাংলাদেশলৈ উভতি আহিছে।

প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ শোক প্ৰকাশঃ

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। Xত তেওঁ উল্লেখ কৰে যে-“ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু বিএনপি অধ্যক্ষা বেগম খালেদা জিয়াৰ পৰলোকগমনৰ খবৰ পাই গভীৰভাবে শোক প্ৰকাশ কৰিছোঁ। তেওঁৰ পৰিয়াল আৰু বাংলাদেশৰ সকলো মানুহৰ প্ৰতি আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। ভগৱানে এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি তেওঁলোকক প্ৰদান কৰে।”
লগতে উল্লেখ কৰে, বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে, বাংলাদেশৰ উন্নয়ন আৰু ভাৰত–বাংলাদেশ সম্পৰ্ক উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ গুৰুত্বপূর্ণ অৱদান চিৰস্মৰণীয় হৈ থাকিব। ২০১৫ চনত ঢাকাত তেওঁৰ সৈতে মোৰ সৌহাৰ্দপূর্ণ সাক্ষাতৰ কথা মনত পৰিছে। আশা কৰোঁ, তেওঁৰ চিন্তাধাৰা আৰু পৰম্পৰা আমাৰ অংশীদাৰিত্বক আগলৈও পথ প্ৰদৰ্শন কৰিব। তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছোঁ।”

US এম্বেচীৰ শোকঃ

খালেদা জিয়াৰ মৃত্যুত আমেৰিকা যুক্তৰাষ্ট্ৰই গভীৰ শোক প্ৰকাশ কৰিছে। ঢাকাস্থিত আমেৰিকান দূতাবাসে এক বিবৃতিত কয়, “ জিয়াই তেওঁৰ দেশৰ আধুনিক ইতিহাস গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু বাংলাদেশৰ উন্নয়নত তেওঁৰ নেতৃত্ব দিছিল।”

বাংলাদেশৰ অন্তবৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুচৰ শোক প্ৰকাশঃ

প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যুত মহম্মদ ইউনুচে শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত তেওঁ উল্লেখ কৰে, “তেওঁ কেৱল এটা ৰাজনৈতিক দলৰ নেতা নহয়, বৰঞ্চ বাংলাদেশৰ ইতিহাসৰ এটা গুৰুত্বপূর্ণ অধ্যায় আছিল। তেওঁ লগতে কয় যে, “তেওঁৰ অৱদান, দীঘল সময়ৰ সংগ্ৰাম আৰু জনগণৰ গভীৰ মৰ্মস্পৰ্শী অনুভূতি লক্ষ্য কৰি চৰকাৰে এই মাহৰ আৰম্ভণিতেই তেওঁক ৰাষ্ট্ৰৰ অতিশয় গুৰুত্বপূর্ণ ব্যক্তি (Very Important Person) হিচাপে ঘোষণা কৰিছিল।

লগতে পঢ়কঃ BNP leader Tarique Rahman returns: বাংলাদেশৰ সম্ভাব্য প্ৰধানমন্ত্ৰী খালেদা জিয়া পুত্ৰ তাৰিক ৰহমান !


Advertisement