কোকৰাঝাৰ: কোকৰাঝাৰৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিকলৈ ছুইজাৰলেণ্ডৰ পৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(Assam CM on Kokrajhar Violence)। সামাজিক মাধ্যমত ডঃ শৰ্মাই উল্লেখ কৰে, “কোকৰাঝাৰৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ অৰ্থে জিলা প্ৰশাসনৰ লগতে ৰাজ্যৰ প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়াসকলৰ সৈতে মই সম্পূর্ণ যোগাযোগ ৰক্ষা কৰি আছোঁ। শান্তি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সেনাবাহিনী মোতায়েন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ Rapid Action Force ক ইতিমধ্যে মোতায়েন কৰা হৈছে।”
ডঃ শৰ্মাই লগতে উল্লেখ কৰে, “আইন-শৃংখলা পৰিস্থিতি ৰক্ষাৰ স্বাৰ্থত কোকৰাঝাৰ আৰু চিৰাং জিলাত সদ্যহতে ইণ্টাৰনেট সেৱা অস্থায়ীভাবে বন্ধ ৰখা হ’ব। মই সমাজৰ নেতৃস্থানীয় ব্যক্তি আৰু ৰাজনৈতিক নেতাসকলৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে অনুৰোধ জনালোঁ। শান্তি আৰু স্বাভাৱিক অৱস্থা যথাসম্ভৱ সোনকালে ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ সকলোকে আহ্বান জনালোঁ।”
হাগ্ৰামা মহিলাৰীৰ প্ৰতিক্ৰিয়া
ইপিনে বিটিআৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়েও কোকৰাঝাৰ কাৰিগাঁৱৰ পৰিস্থিতিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ সংবাদ মাধ্যমক কোৱা মতে, “কোকৰাঝাৰৰ ঘটনাটো আমাৰ বাবে দুৰ্ভাগ্যজনক।ইয়াত ভুল বুজাবুজি হৈছে। কোনোবা তৃতীয় পক্ষ সোমাই ৰাজনৈতিক সুবিধা লব বিচাৰিছে ইয়াক আমি উৎসাহিত নকৰো। আদিবাসী হলেও এই অঞ্চলৰে মানুহ বড়ো হলেও এই অঞ্চলৰে মানুহ। সকলোৱে শান্তি বৰ্তাই ৰাখক। আমি একেলগে থাকিব লাগিব, একেলগে কাম কৰিব লাগিব। ইয়াৰ ব্যৱস্থা লোৱাটো প্ৰশাসনৰ হাতত ।”
কোকৰাঝাৰৰঘটনাক দুৰ্ভাগ্যজনক আখ্যা আছুৰ
কোকৰাঝাৰ জিলাত কালি নিশা সংঘটিত বৰ্বৰ হত্যাৰ ঘটনা দুৰ্ভাগ্যজনক আখ্যা দিছে সদৌ অসম ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। ফুকনে উল্লেখ কৰে, “মানৱ সমাজক লজ্জানত কৰা এই ঘটনাক ছাত্ৰ সন্থাই গৰিহণা দিয়াৰ লগতে ঘটনা সম্পৰ্কত তাৎক্ষণিকভাৱে উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছো৷ ঘটনাটোৰে জড়িত প্ৰত্যেক গৰাকী লোকক চিনাক্ত কৰি কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা হ’ব লাগিব৷ কোকৰাঝাৰৰ এই পৰিস্থিতিক লৈ ছাত্ৰ সন্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছো। জিলাখনত সুস্থিৰ আৰু স্বাভাৱিক বাতাবৰণ ঘূৰাই আনিবলৈ সংশ্লিষ্ট কতৃপক্ষই তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰক৷ শান্তি-শৃংখলাৰ বৰ্তাই ৰখাৰ বাবে চৰকাৰে দৃঢ় আৰু ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰক৷”
উৰাবাতৰিৰ পৰা আঁতৰত থাকিবলৈ আহ্বান অসম জাতীয় পৰিষদৰঃ
কোকৰাঝাৰ উত্তেজনা পূৰ্ণ পৰিস্থিতিকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। তেওঁ উল্লেখ কৰে, “কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ মাছিংৰোড অঞ্চলত সংঘটিত ঘটনাক লৈ আমি উদ্বিগ্ন। কোনো পৰিস্থিতিতেই আইন হাতত তুলি লোৱা কাৰ্য গ্ৰহণযোগ্য নহয়। এই ঘটনাৰ সৈতে জড়িত সকলো দোষীকে আইন অনুসৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনক দায়িত্বশীল আৰু সংবেদনশীল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।”
জিলাখনৰ সকলো নাগৰিককে উত্তেজনা, উচটনি আৰু উৰাবাতৰিৰ পৰা সকলোৱে আঁতৰত থাকি প্রশাসনক সহযোগ কৰিবলৈ আহ্বান জনাই তেওঁ কয়, “শান্তি, সংযম আৰু ভাতৃত্ববোধেই আমাৰ সমাজৰ প্ৰধান শক্তি। পৰিস্থিতিৰ আৰু অধিক অৱনতি নহ’বলৈ অসম চৰকাৰে কোকৰাঝাৰৰ শেহতীয়া ঘটনাক গুৰুত্বসহকাৰে লৈ ক্ষিপ্ৰতাৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”
উল্লেখযোগ্য যে এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি গণপ্ৰহাৰত চিকনা জৌহলাও বিস্মিত নামৰ এজন বড়ো লোকক একাংশ লোকৰ আক্ৰমণক কেন্দ্ৰ কৰি কাৰিগাঁৱত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। লোকজনৰ আক্ৰমণ কৰা অভিযুক্ত সকলক কঠোৰ শাস্তি প্ৰদানৰ দাবীত বড়ো নেশ্যনেল ষ্টুডেন্টচ ইউনিয়নৰ নেতৃত্বত একাংশ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগৰ লগতে লাঠি চাৰ্জ কৰিবলগীয়া হয়। প্ৰতিবাদকাৰী সকলে আৰক্ষীলৈ শিলগুটিও নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কোকৰাঝাৰ আৰু চিৰাং জিলা প্ৰশাসনে ইন্টাৰনেট সেৱাও কৰ্তন কৰে।
লগতে পঢ়ক: কোকৰাঝাৰত অব্যাহত উত্তেজনা; বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা

