লামডিংঃ ৬৪ নং লামডিং বিধান সভা সমষ্টিৰ বিজেপিৰ ভিতৰ চৰাত কন্দলৰ সৃষ্টি হৈছে (Lamding Development Failure)। এটা পক্ষই বৰ্তমান বিজেপি বিধায়ক শিবু মিশ্ৰক সমৰ্থন কৰাৰ বিপৰীতে আনটো পক্ষই বিৰোধিতা কৰিছে।
উল্লেখযোগ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত লামডিং সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিব বুলি বিধায়ক শিবু মিশ্ৰ আশাবাদী হৈ আছে । কিন্তু সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ বিজেপি দলৰ প্ৰাৰ্থী হিচাপে বিজয়ী হোৱা বিধায়ক শিবু মিশ্ৰই বিগত দহ বছৰ ধৰি সমষ্টিটোৰ বিশেষ কোনো উন্নয়ন কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে সমষ্টিটোৰ বহু লোকে। ।
স্থানীয় লোকৰ ভিযোগ মতে, লামডিঙত জলজীৱন পানী যোগান আঁচনিখন ফুটুকাৰ ফেনত পৰিণত হয়। কবলৈ গলে এক প্ৰকাৰৰ ফ্লপ শ্ব হৈ পৰিছে ‘হৰ ঘৰ নল, হৰ ঘৰ জল’ শ্লোগান । লামডিঙৰ ৰাইজে এটুপিও বিশুদ্ধ খোৱাপানীৰ লাভ কৰা নাই ।
ইপিনে বিধায়ক শিবু মিশ্ৰৰ তত্বাবধানত থকা লামডিং পৌৰসভাৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে লামডিং পৌৰসভাৰ অন্তৰ্গত ১০,১১ আৰু ১২ নং ৱাৰ্ডৰ স্থানীয় বাসিন্দাসকলৰ খোৱা পানীৰ অভাৱ পূৰণৰ কৰাৰ বাবে পৌৰসভাই চাৰিটাকৈ নলী নাদৰ ব্যৱস্থা কৰিছিল । কিন্তু প্ৰায় তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰা এই প্ৰকল্প জৰিয়তে বাস্তৱত স্থানীয় ৰাইজে এটুপিও খোৱা পানী ব্যৱহাৰ কৰিবলৈ সক্ষম নহল। কেৱল এয়াই নহয় নলী নাদৰ বাবে পৌৰসভাই তিনি বছৰ পূৰ্বেই ধন আবণ্টন কৰিছিল । প্ৰতিটো প্ৰকল্পৰ বাবদ ৫ লাখ ৮৯ হাজাৰ ২৮৫ টকা খৰচ দেখুৱাই সৰ্বমুঠ ২৩ লাখ ৫৭ হাজাৰ ১৪০ টকা চৰকাৰী অনুমোদন পোৱা এই প্ৰকল্পৰ জৰিয়তে কেৱল লাভাম্বিত হোৱাৰ অভিযোগ উঠিছে।
তাৎপৰ্যপূৰ্ণ যে ৰাইজৰ সুবিধাৰ্থে ১০ নং ৱাৰ্ডত নিৰ্মাণ কৰা পানী যোগান প্ৰকল্প এলাগীহৈ পৰাৰ লগতে জংঘলৰে আবৰি ধৰিছে । ১১ নং ৱাৰ্ডৰ নলীনাদ প্ৰকল্প নিৰ্মাণ কৰিছে পৌৰসভাৰ স্থায়ী ভাবে ৰখা চৌহদৰ ভিতৰত। কেৱল ইমানেই নহয় দুৰ্নীতিৰ চৰম সীমা পাৰ কৰি ঠিকাদাৰে ১১ নং ৱাৰ্ডৰ আনটো প্ৰকল্প সেই ৱাৰ্ডৰ কাউন্সিলাৰ ৰঞ্জিত দাস ওৰফে ৰণ দাসৰ মাটিতে বহোৱাইছে । ফলত ১১ নং ৱাৰ্ডৰ কাউন্সিলাৰ জনেহে লাভান্বিত হয়।
আনফালে চতুৰ্থ প্ৰকল্প অৰ্থাৎ ১২ নং ৱাৰ্ডৰ নলীনাদ ব্যৱহাৰ কৰিবলৈ বিদ্যুৎ ব্যৱহাৰ কৰিব লাগে । এই বিদ্যুৎ বিভাগৰ মূল সংযোগ পৰা হুক অৰ্থাৎ চুৰি কৰি ব্যৱহাৰ কৰা হয়।
মূলতঃ পৌৰসভানেত্ৰী আৰু ঠিকাদাৰ সকল বিধায়ক শিবু মিশ্ৰৰ ঘনিষ্ঠ হোৱাৰ সুযোগ লৈয়ে এনেদৰে চৰকাৰী ধন লুণ্ঠন কৰাৰ অভিযোগ উঠিছে। পৌৰসভানেত্ৰী আৰু ঠিকাদাৰে ২৩ লাখ ৫৭ হাজাৰ ১৪০ টকাৰ এই প্ৰকল্পৰ সৎ ব্যৱহাৰ নকৰাৰ অভিযোগ তুলিছে সচেতন ৰাইজে ।
তদুপৰি লামডিং পৌৰসভাৰ অন্তৰ্গত একাংশ ৱাৰ্ডৰ পথ জৰাজীৰ্ণ হৈ পৰিছে । মেৰামতিৰ নামত কেৱল দুৰ্নীতি কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ উঠিছে সভানেত্ৰীৰ বিৰুদ্ধে । লামডিঙত নাই পৰ্যাপ্ত পৰিমাণৰ ডাষ্টবিন।
অন্যহাতেদি যি সময়ত চৰকাৰে কোটি কোটি টকা উন্নয়নৰ বাবে ব্যয় কৰিছে তেনে সময়ত লামডিং সমষ্টিত এখন উন্নতমানৰ পশু চিকিৎসালয় নাই । লামডিং পশু চিকিৎসালয়ৰ অৱস্থা শোচনীয়। নাই ঔষধ নাই, কোনো পানীৰ ব্যৱস্থা । চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ অব্যৱস্থাৰ বাবেই পোহনীয়া কুকুৰকে ধৰি গৰু ছাগলীৰ মৃত্যু হৈছে।
একেদৰে ৰেল নগৰী লামডিঙত ১০০ খন বিচনা যুক্ত এখন অসামৰিক চিকিৎসালয় নিৰ্মাণ হৈ উঠিছিল যদিও কিন্তু নিৰ্মাণৰ এটা বছৰৰ পিছতেই চিকিৎসালয়খনৰ দেৱাল ফাট মেলা পৰিলক্ষিত হয় । ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰৰ ধন আত্মসাৎ কৰি অতি নিম্ন মানৰ কাম কৰিছে ঠিকাদাৰে ।
উল্লেখযোগ্য যে লামডিং সমষ্টিত পথ নিৰ্মাণৰ বাবে পাঁচ বছৰত চাৰিশ কোটি টকাৰো অধিক ধন অসম চৰকাৰে আগবঢ়াইছে বুলি অলপতে লামডিঙৰ এখন দলীয় সভাত মন্ত্ৰী পীযূষ হাজৰিকাই মন্তব্য কৰিছিল । মন্ত্ৰী গৰাকীয়ে সভাত উপস্থিত হৈ কয় যে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত পথ নিৰ্মাণৰ বাবে মাত্ৰ ৩০/৪০ কোটি টকা ব্যয় কৰিছিল। কিন্তু বিজেপি চৰকাৰে কেৱল উন্নতমানৰ পথ নিৰ্মাণৰ বাবেই পাঁচশ কোটি টকা সমষ্টিটোত প্ৰদান কৰিছে। মন্ত্ৰী গৰাকীৰ এই মন্তব্য শুনাৰ পিছতেই লামডিঙৰ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজৰ মতে যদিহে পাঁচ বছৰত পাঁচশ কোটি টকা প্ৰদান কৰিছিল, তেনেহলে বিগত দহ বছৰত লামডিং সমষ্টিটোৰ উন্নয়নৰ বাবে বিধায়কক নিশ্চয় চৰকাৰে এক হাজাৰ কোটি টকা প্ৰদান কৰিছিল । যদি মন্ত্ৰী গৰাকীৰ ভাষ্য সঁচা হয় তেনেহলে বিগত দহ বছৰত অনুমোদিত চৰকাৰী ধনৰে কিমান শতাংশ কাম হল ?
বিধায়ক শিবু মিশ্ৰৰ কৰ্ম কাণ্ডই এতিয়া সমষ্টিটোৰ দলীয় কৰ্মীৰ মাজত বিভাজনৰো সৃষ্টি কৰিছে । ঘনিষ্ঠ আৰু পৰিয়ালকেন্দ্ৰিক ভাবে কাম কৰি অহা বিধায়ক শিবু মিশ্ৰৰ কাৰ্যকালত পুৰণি দলীয় কৰ্মীসকলক দলৰ পৰা এলাগী হোৱাৰো অভিযোগ উঠিছে।
লগতে পঢ়কঃ নগাঁও বটদ্ৰৱাত সাহস গোটাব নোৱাৰা শিবামনি বৰাৰ লক্ষ্য কিয় সংখ্যালঘু অধ্যুষিত ধিং?

