জ্যোতিকা বৰা, লংকাঃ হোজাই জিলাৰ লংকাৰ লংকা গেটত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Lanka Gate woman burned alive)। এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়াৰ অভিযোগে সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই ভয়াৱহ ঘটনাৰ সৈতে মহিলাগৰাকীৰ স্বামী জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৃত মহিলা গৰাকীৰ পৰিয়ালে (domestic violence Assam)।
উত্থাপিত অভিযোগ অনুসৰি, লংকা গেটৰ মনোৰঞ্জন দাস নামৰ লোকজনে এগৰাকী কন্যা সন্তানসহ দাস উপাধিৰ মহিলাগৰাকীক ঘৰলৈ পলোৱাই আনি একেলগে বসবাস কৰি আছিল। মহিলাগৰাকীয়ে নিজৰ পৰিয়াল পোহপাল দিবৰ বাবে এখন বিউটি পাৰ্লাৰ খুলি পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰি আহিছিল।
কিন্তু কালি নিশা মহিলাগৰাকী ৰহস্যজনক অৱস্থাত অগ্নিদগ্ধ হয়। দেহৰ অধিকাংশ অংশ জ্বলি যোৱাৰ ফলত গুৰুতৰভাৱে আহত হোৱা দাস উপাধিৰ মহিলাগৰাকী পৰৱৰ্তী সময়ত মৃত্যু হয় (burning alive case Assam)। আশ্চৰ্যজনকভাৱে, যি কোঠাত এই ঘটনা সংঘটিত হৈছে বুলি কোৱা হৈছে, সেই ঘৰৰ কোনো আচবাব, কাপোৰ-কানি বা আন সামগ্ৰীত অগ্নিদগ্ধ হোৱা নাই বুলি পৰিয়ালৰ লোকে অৱগত কৰে। কেৱল মহিলাগৰাকীৰ দেহতেই অগ্নিসংযোগ হোৱাৰ লক্ষণ পোৱা গৈছে। যাৰ ফলত এই ঘটনাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে।
এই পৰিস্থিতিত মবিলাগৰাকীৰ পৰিয়ালে স্পষ্টভাৱে অভিযোগ তুলিছে যে, স্বামী মনোৰঞ্জন দাসেই মহিলাগাৰাকীক জীৱন্তে জ্বলাই হত্যা কৰিছে। তেওঁলোকৰ মতে, ঘৰুৱা কন্দল আৰু পাৰিবাৰিক বিবাদৰ ফলতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰিয়ালৰ সদস্যসকলে ঘটনাক পূৰ্বপৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰে (Assam woman murder case)।
আনহাতে, বৃহস্পতিবাৰে নিশাই ঘটনাটো সংঘটিত হৈছে যদিও শুক্ৰবাৰেহে মহিলাগৰাকীৰ পৰিয়ালৰ লগতে আৰক্ষীক খবৰ দিয়া বুলিও অভিযোগ কৰে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।
ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে (Hojai crime news)।
লগতে পঢ়কঃ Child Burn Incident in Assam: খেলি থাকোতেই অগ্নিদগ্ধ ৯ বছৰীয়া কন্যা শিশু
