LPG Price Hike India: Commercial Cylinder Prices Surge Sharply from May 1সাধাৰণ জনতালৈ সকাহ নে মাধমাৰ? আজিৰে পৰা বাঢ়িল চিলিণ্ডাৰৰ দাম

গুৱাহাটী: সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰাহকৰ বাবেও আজিৰ দিনটোত এলপিজি (LPG) গেছৰ মূল্যক লৈ আহিছে এক ডাঙৰ খবৰ। তৈল কোম্পানীসমূহে মে’ মাহৰ প্ৰথম দিনটোতেই গেছৰ নতুন মূল্য তালিকা মুকলি কৰিছে। য’ত বাণিজ্যিক চিলিণ্ডাৰ ব্যৱহাৰকাৰীসকলৰ বাবে আকাশলংঘী মূল্য বৃদ্ধিয়ে একপ্ৰকাৰ মাধমাৰ শোধাইছে (LPG Price Hike India)।

বাণিজ্যিক গেছৰ দামত অভূতপূৰ্ব বৃদ্ধি

আজি ১ মে’ৰ পৰা ১৯ কেজি ওজনৰ বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য একেলগে প্ৰায় ৯৯৩ টকা বৃদ্ধি কৰা হৈছে। এই অস্বাভাৱিক বৃদ্ধিৰ পাছত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছেগৈ ৩,০৭১.৫০ টকা। উল্লেখ্য যে যোৱা মাৰ্চ আৰু এপ্ৰিল মাহতো এই চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছিল, কিন্তু মে’ মাহৰ এই বৃদ্ধি এতিয়ালৈকে সৰ্বাধিক।

ঘৰুৱা গ্ৰাহকৰ বাবে কি খবৰ?

বাণিজ্যিক চিলিণ্ডাৰৰ দাম হাজাৰ টকাৰ ওচৰা-উচৰি বাঢ়িলেও, ঘৰুৱা ৰন্ধন গেছ (১৪.২ কেজি) ব্যৱহাৰ কৰা গ্ৰাহকসকলৰ বাবে স্বস্তিৰ খবৰ যে এইবাৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। দিল্লী আৰু মুম্বাইত ইয়াৰ মূল্য ৯১৩ টকাতে স্থিৰ আছে। অৱশ্যে যোৱা মাহত এই মূল্য ৬০ টকা বৃদ্ধি কৰা হৈছিল।

কিয় বাঢ়িল এই মূল্য?

ইণ্ডিয়ান অইলে (Indian Oil) জনোৱা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু যুদ্ধসদৃশ পৰিস্থিতি ইয়াৰ বাবে জগৰীয়া। বিশেষকৈ আমেৰিকা-ইৰাণ-ইজৰাইলৰ সংঘাত আৰু বিশ্বৰ ২০ শতাংশ ইন্ধন যোগান ধৰা ‘ষ্ট্ৰেইট অৱ হৰমুজ’ পথত হোৱা ব্যাঘাতৰ বাবে বিশ্ব বজাৰত গেছৰ নাটনি হৈছে। মন কৰিবলগীয়া যে, যোৱা ২৯ এপ্ৰিলত নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ হোৱাৰ ঠিক পাছতেই এই মূল্য বৃদ্ধিৰ বোজা গ্ৰাহকৰ ওপৰত জাপি দিয়া হৈছে।

মুখ্য চহৰসমূহত আজিৰ ঘৰুৱা চিলিণ্ডাৰৰ হাৰ:

দিল্লী: ৯১৩.০০ টকা
কলকাতা: ৯২৯.০০ টকা
মুম্বাই: ৯১৩.০০ টকা
চেন্নাই: ৯২৯.০০ টকা
(অসমৰ বিভিন্ন প্ৰান্তত পৰিবহণ খৰচৰ বাবে এই মূল্য সামান্য অধিক হ’ব পাৰে)বাণিজ্যিক গেছৰ এই বৃহৎ মূল্য বৃদ্ধিয়ে এতিয়া হোটেল-ৰেষ্টুৰেণ্টৰ খাদ্যৰ দামৰ পৰা আৰম্ভ কৰি চাহ-মিঠাইৰ দোকানলৈকে প্ৰভাৱ পেলোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

লগতে পঢ়কঃ ৰন্ধন গেছৰ সমস্যা: নগাঁও প্ৰশাসনে ফোনযোগে ল’ব গ্ৰাহকৰ অভিযোগ


Advertisement