নগাঁও: বিজেপি চৰকাৰে জুবিন দাক ন্যায় নিদিয়ে । এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ । সোমবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ বৰ্ধিত কেন্দ্ৰীয় প্ৰতিনিধি সভা অনুষ্ঠিত হয় । সভাৰ পিচত সাংবাদিকৰ আগত গগৈৰ মন্তব্য- দেশৰ প্ৰধানমন্ত্ৰী জুবিন দাৰ সমাধিলৈ নগলেও জুবিন দাৰ নামটো এটা নহয় এটা ভাষনত উল্লেখ কৰিব লাগিছিল বুলি ক্ষোভ উজাৰে (Zubeen Garg Justice Demand) । তেওঁ কয় যে- জুবিন দাৰ আদৰ্শ বেলেগ আছিল । মোৰ জাতি নাই, ভেদাভেদ নাই বুলি কৈছিল । তেওঁ মানৱতাৰৰ আদৰ্শৰ কথা কৈছিল। সমন্বয়ৰ আদৰ্শৰ কথা কৈছিল। সেয়ে জুবিনদাৰ আদৰ্শক বিজেপিয়ে ভয় কৰে । সেই কাৰণে মুখ্যমন্ত্ৰীয়ে তেওঁক হত্যা কৰাৰ কথা বাৰে বাৰে কৈছে যদিও কোনে হত্যা কৰিছে বিজেপি চৰকাৰ যোৱাৰ পিচতহে গম পাম(Lurinjyoti Gogoi Statement on Zubeen Garg) ।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ২০১৬ চনত বিজেপিলৈ যোৱাৰ পিচৰ পৰাই সমগ্ৰ অসমতে সাম্প্ৰদায়িক পৰিবেশ আহিছে বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈৰ মন্তব্য-তেওঁ অহাৰ পিচত পূৰ্বৰ বিজেপি নাইকিয়া হৈছে । পূৰ্বতে বিজেপিক গুণগত ৰাজনীতিৰ বাবে চিনি পাইছিল। হিমন্ত বিশ্ব শৰ্মা অহাৰ পিচত মেৰুকৰণৰ ৰাজনীতি বা সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে চিনি পায়। ৫৩ বছৰ অসমত অচিনাকি মানুহৰ বোজা তেওঁলোকেই দিছে । ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে বিদেশীৰ বোজা তেওঁলোকেই দিছে।’ (Assam Jatiya Parishad BJP Criticism)
মিত্ৰতাৰ প্ৰসংগত গগৈয়ে মন্তব্য- বাৰে বাৰে কৈ আছো ভোট বিভাজন হলে শাসকীয় পক্ষৰ জয় । ভোট বিভাজন নহবৰ বাবে আমি সকলোৱে এটা জাতীয় দায়িত্ব পালন কৰিব লাগিব । আমি জনগণৰ বাবে কাম কৰিছো । দলৰ স্বাৰ্থ আমাৰ বাবে গৌণ। ৰাইজে কৈছে আমি সংকটত আছো । বোপাইহত তহতে একলগ হৈ কাম কৰ। চাউলৰ দাম, গেছৰ দাম, মাটিৰ খাজনাৰ দাম বাঢ়িল। স্মাৰ্ট মিটাৰ অহাৰ লগে লগে স্মাৰ্ট ডকাইতি আৰম্ভ হৈছে । দাসৰ দৰে থকাকৈ মেৰুদণ্ড পোণ কৰি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰক। সকলোকে আত্ম মৰ্যাদাৰে জীয়াই থকাৰ বাট দিব পাৰো তাৰ বাবে অসম জাতীয় পৰিষদে কাম কৰিব ।
অখিল গগৈৰ বিৰুদ্ধে এচ আই টি বিষয়াই এজাহাৰ দিয়া প্ৰসংগত গগৈৰ মন্তব্য- বিজেপিৰ ৰাজনীতিয়েই হৈছে মেৰুকৰণৰ ৰাজনীতি, ভয় ভাবুকিৰ ৰাজনীতি । অখিল গগৈয়ে ভয় খোৱা নাই । আমিও ভয় নকৰো । সেয়ে যি কথা কব লগীয়া হৈছে কৈ আছো । মাটি কেলেংকাৰীৰ কথাও কম। জুবিন দাৰ মৃতদেহ আনিবলৈ চাৰ্টাৰ্ড ফ্লাইটলৈ গৈ পূজা কৰিবলৈ যোৱাৰ কথাও কম (Assam Political Reaction on Zubeen Garg) । বিজেপিৰ নেতা সকলে অবৈধ সা সম্পত্তি গোটাইছে । চিণ্ডিকেট চলাইছে । অবৈধভাবে কয়লা সৰবৰাহৰ গাড়ীৰ ভিডিঅ’ আমাৰ মাজলৈ আহে । তেওঁ লগতে কয় যে – নিৰ্বাচন জিকিবলৈ তেওঁলোকৰ ধন বলৰ ওচৰত আমি তিষ্ঠিব নোৱাৰো। তেওঁলোকৰ প্ৰশাসন আছে । তেওঁলোকে ভয় ভাবুকি আছে । ব্লেক মেইলিঙৰ ৰাজনীতিৰ অস্ত্ৰ আছে । আমাৰ লগত ৰাইজৰ আশীৰ্বাদ আছে । জনগনে বিচাৰিছে বাবে আমি মিত্ৰতাৰ কথা কৈছো । আমি সন্মানৰে ,মৰ্যাদাৰে ত্যাগৰ প্ৰশ্ন তথা এৰাধৰা বুজাপৰাৰে মিত্ৰতাৰ বাবে আগবাঢ়িব লাগিব । অসমৰ মাটিত অসম মাতৃৰ ভৱিষ্যত যাতে শংকিত নহয় তাৰ বাবে যুজিবলৈ আহিছো। আমাৰ বাবে মন্ত্ৰিত্বৰ লালসা মূল কথা নহয়। মোৰ মাটি মোৰ হৈ থাকিব লাগিব।
বিজেপিক সমালোচনা অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁইৰ
অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁইয়ে কয় যে- ৰাষ্ট্ৰীয় দলসমূহে আমাক বহুত ক্ষতি কৰি আহিছে । ভাৰতীয় জনতা পাৰ্টী হৈছে অসমীয়া জাতিৰ শত্ৰু । পুনৰ যদি ভাৰতীয় জনতা পাৰ্টী অসমত অধিষ্ঠিত হয় তেনেহলে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব শেষ হৈ যাব । জনগোষ্ঠীয় লোকৰ মাটি কাঢ়ি লৈ পুঁজিপতিক গতাই দিয়াটোৱেই বিজেপিৰ লক্ষ্য। বিজেপিত টিকট বঞ্চিত লোকৰ বাবে অজাপই মঞ্চ তৈয়াৰ কৰি ৰখা হৈছে। আজি কেন্দ্ৰীয় প্ৰতিনিধি সভাত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাও উপস্থিত থাকে ।
বৰ্ধিত প্ৰতিনিধি সভাত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ালয়ৰ তত্বাৱধানত চিবিআই তদন্তৰ দাবী
অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় বৰ্দ্ধিত প্ৰতিনিধি সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে।প্ৰস্তাৱ সমূহ হৈছে-
প্ৰথম প্ৰস্তাৱ: আজিৰ সভাই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ শেহতীয়া অসম ভ্ৰমণ সন্দৰ্ভত আলোচনা কৰি বৰ দুখ আৰু ক্ষোভেৰে এইবুলি মত প্ৰকাশ কৰে যে মাননীয় প্ৰধানমন্ত্ৰীয়ে তেখেতৰ ভ্ৰমণৰ কালছোৱাত জাতিৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ নোযোৱাটো বা নিজৰ ভাষণত জুবিন গাৰ্গৰ নামটোকে উল্লেখ নকৰাটো আশ্চৰ্য্যজনক, দুৰ্ভাগ্যজনক; আৰু জাতীয় জীৱনৰ প্ৰতি অপমানজনক । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি থকা অসমবাসী ৰাইজৰ জাতীয় আৱেগৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে দেখুওৱা অৱজ্ঞাসূচক মনোভাৱক আজিৰ সভাই সৰ্বসন্মতিক্ৰমে গৰিহণা দিয়ে । সভাই মত প্ৰকাশ কৰে যে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু মুখ্যমন্ত্ৰীৰ ভূমিকালৈ চাই এই চৰকাৰৰ দিনত যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব পৰা যাব, সেয়া আশা কৰিব নোৱাৰি । সভাই লগতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত সত্য উদ্ঘাটনৰ স্বাৰ্থত ন্যায়ালয়ৰ তত্বাৱধানত চি বি আইৰ দ্বাৰা তদন্ত কৰোৱাবলৈ দাবী উত্থাপন কৰে(CBI Probe into Zubeen Garg Death) । আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিশ্চিত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ প্ৰতিবাদী সংগ্ৰাম অব্যাহত ৰাখিবলৈ আজিৰ সভাই সংকল্প গ্ৰহণ কৰে ।
দ্বিতীয় প্ৰস্তাৱ: আজিৰ সভাই ৰাজ্যৰ গণবিৰোধী বিজেপি চৰকাৰখনক ক্ষমতাৰ পৰা অপসাৰণ কৰি ৰাজ্যত এখন গণমুখী চৰকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ হাতত লবলৈ সংকল্প গ্ৰহণ কৰে । সভাই বিজেপি চৰকাৰৰ দুৰ্নীতি-অনিয়ম, ছিণ্ডিকেটৰাজ, জাতিক কৰা প্ৰতাৰণা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অন্য বিষয়বোৰক লৈ কৰা মিথ্যাচাৰৰ ৰাজনীতি, সাম্প্ৰদায়িক আৰু গোষ্ঠীগত বিভেদ আদি বিষয়বোৰৰ ওপৰত বিস্তৃত আলোচনা কৰে আৰু এনে পৰিপ্ৰেক্ষিতত চৰকাৰখনক ক্ষমতাৰ পৰা আঁতৰ কৰাটো সময়ৰ আহ্বান বুলি মত প্ৰকাশ কৰে । আনহাতে ৰাজ্য চৰকাৰখনে চলাই অহা দমন আৰু প্ৰলোভনৰ ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহণা দি আজিৰ সভাই জনগণৰ প্ৰকৃত সমস্যাসমূহ সমাধানত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান জনায়। এই ক্ষেত্ৰত দলৰ সংগঠন তৃণমূল পৰ্য্যায়লৈকে বিস্তাৰ কৰি চৰকাৰৰ অপশাসনৰ বিষয়বোৰ ৰাইজৰ আদালতলৈ লৈ যোৱাৰ সকলো পদক্ষেপ হাতত লবলৈ দলৰ কৰ্মী-সমৰ্থকসকলক আজিৰ সভাই আহ্বান জনায়।
তৃতীয় প্ৰস্তাৱ: আজিৰ সভাই ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতি তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অচলাৱস্থাৰ বিষয়ে আলোচনা কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰে। সভাই তেজপুৰ বিশ্ববিদ্যালয়ৰ বিতৰ্কিত উপাচাৰ্য্য শম্ভুনাথ সিঙক তৎকালে অপসাৰণ কৰি ৰাজ্যৰ শিক্ষা খণ্ডটোক কলুষমুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায়। সভাই লগতে এইবুলি মত প্ৰকাশ কৰে যে অসমৰ সৰহসংখ্যক বিশ্ববিদ্যালয়ত উপাচাৰ্য্য নিযুক্তি দিয়াৰ ক্ষেত্ৰত যোগ্যতা, দক্ষতা আৰু শৈক্ষিক তথা সামাজিক প্ৰতিষ্ঠাক অগ্ৰাধিকাৰ দিয়াৰ সলনি আৰ এছ এছৰ প্ৰতি আস্থাশীল হোৱাটোকে দক্ষতা হিচাপে বিচাৰ কৰাৰ যি পৰম্পৰা শেহতীয়াকৈ গঢ় লৈ উঠা দেখা গৈছে, সেয়া জাতিৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত এক তীব্ৰ প্ৰত্যাহ্বান। এই বিষয়টোত বিশেষ দৃষ্টি নিক্ষেপ কৰিবলৈ আজিৰ সভাই ৰাজ্যৰ মহামান্য ৰাজ্যপালৰ প্ৰতি আহ্বান জনায়।
চতুৰ্থ প্ৰস্তাৱ: আজিৰ সভাই বাংলাদেশত শেহতীয়াকৈ ঘটি থকা ৰাজনৈতিক অস্থিৰতাত গভীৰ উদ্বেগ প্ৰকাশ কৰি, তাত উগ্ৰ ধৰ্মীয় মৌলবাদী শক্তিৰ দ্বাৰা সেই দেশৰ ধৰ্মীয় সংখ্যালঘু লোক নিৰ্যাতনৰ সন্মুখীন হোৱা ঘটনাসমূহক আজিৰ গৰিহণা দিয়ে।সভাই বাংলাদেশৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি, তাৰ সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ লগতে সেই দেশৰ পৰিস্থিতিৰ প্ৰভাৱ যাতে অসমৰ ওপৰত নপৰে, সেয়া নিশ্চিত কৰাৰ প্ৰয়োজনত দেশখনৰ ওপৰত কূটনৈতিক হেঁচা প্ৰয়োগ কৰিবলৈ আজিৰ সভাই কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। লগতে দেশখনৰ অস্থিৰ পৰিস্থিতিৰ বাবে তাৰ পৰা যাতে অসমলৈ অবৈধ অনুপ্ৰৱেশ হ’ব নোৱাৰে আৰু লুকাই-চুৰকৈ অহা কোনো অবৈধ বাংলাদেশীয়ে কা’ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব নোৱাৰে, তাৰ প্ৰতি সচেষ্ট হৈ থাকিবলৈ আজিৰ সভাই অসমবাসী ৰাইজক আহ্বান জনায়।

