বিজেপি নেতৃত্বাধীন চৰকাৰ শাসিত মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে কৃষকৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক - Highest Farmer Suicides

নেশ্যনেল ডেস্ক: ঋণৰ বোজা, অনাবৃষ্টি, শস্য নষ্ট হোৱা আদি বিভিন্ন কাৰণত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসিত মহাৰাষ্ট্ৰত কৃষকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। চলিত বৰ্ষৰ ৯টা মাহত (জানুৱাৰীৰ পৰা চেপ্টেম্বৰ পৰ্যন্ত) ৭৮১ জন কৃষকৰ অপমৃত্যু ঘটিছে(Highest Farmer Suicides)। মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰৰ মন্ত্ৰী মকৰন্দ যাদৱ (পাটিল)এ যোৱা ১২ ডিচেম্বৰত বিধান পৰিষদত দিয়া তথ্যত এই কথা প্ৰকাশ।

এই সম্পৰ্কত টাইমচ অৱ ইণ্ডিয়াত উল্লেখ থকা মতে ৰাজ্যখনৰ বিদৰ্ভৰ নাগপুৰ সংমণ্ডলত অধীনস্থ এলেকাত সৰ্বাধিক কৃষকৰ অপমৃত্যু হৈছে। বিদৰ্ভৰ নাগপুৰ সংমণ্ডলত ২৯৬ জন কৃষকে আত্মহত্যা কৰাৰ বিপৰীতে মাৰথাৱাডা ২১২ জনে আত্মহত্যা কৰিছে। ইয়াৰ পূৰ্বে জুলাই মাহত বিধান পৰিষদত মন্ত্ৰী মকৰন্দ যাদৱে দাখিল কৰা আন এক তথ্যত জানুৱাৰীৰ পৰা মাৰ্চ মাহ পৰ্যন্ত তিনিমাহত মহাৰাষ্ট্ৰত ৭৬৭ জন কৃষকে আত্মহত্যা কৰাৰ তথ্য নথিভূক্ত হৈছে। ইয়াৰে ২৫০ টা ঘটনাই মাৰাঠাওয়াড়া আৰু বিদৰ্ভৰ।

ইপিনে ৰাষ্ট্ৰীয় অপৰাধ তথ্য ব্যুৰ চমুকৈ এন চি আৰ বিৰ এক তথ্যমতে ২০২৩ বৰ্ষত ভাৰতবৰ্ষত সংঘটিত মুঠ ১ লাখ ৭১ হাজাৰ ৪১৮ টা আত্মহত্যা কৰা লোকৰ ভিতৰত ১০,৭৮৬ জন কৃষি কাৰ্যৰ লগত জড়িত। ইয়াৰে ৪৬৯০ জন কৃষক আৰু ৬০৯৬ জন কৃষি শ্ৰমিক।

একেদৰে ২০২২ চনত ১১২৯০ জন কৃষি কাৰ্যৰ লগত জড়িত ব্যক্তিয়ে আত্মহত্যা কৰিছিল। ইয়াৰে ৫২০৭ জন কৃষক আৰু ৬০৮৩ জন কৃষি শ্ৰমিক। এন চি আৰ বিৰ এই তথ্য মতে সৰ্বাধিক মহাৰাষ্ট্ৰৰ কৃষকেই আত্মহত্যা কৰিছে। দেশত আত্মহত্যা কৰা দুজন কৃষকৰ বিপৰীতে এজন মহাৰাষ্ট্ৰৰে।সেই তথ্যমতে ৬৬৬৯ জন কৃষি কাৰ্যৰ লগত জড়িত লোকে আত্মহত্যা কৰিছে। ইয়াৰ ভিতৰত ৪১৫০ জন কৃষক আৰু ২৫১৯ জন কৃষি শ্ৰমিক।

বিজেপি শাসিত মহাৰাষ্ট্ৰত কৃষকৰ আত্মহত্যাকলৈ বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ওচৰত কৃষকৰ মূল্য নাই বুলি মন্তব্য কৰিছে।

লগতে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প


Advertisement