MGNREGA to Be Renamed as Pujya Bapu Grameen Rozgar Guarantee Actনাম সলনি হব এম জি এনৰেগাৰ (MGNREGA)

গুৱাহাটী: দৰিদ্ৰ গ্ৰামীণ ৰাজ্যৰ উপকাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা এম জি এনৰেগা অৰ্থাৎ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইনখনৰ নাম সলনি হব। কেন্দ্ৰীয় চৰকাৰে যোৱা ১২ ডিচেম্বৰত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে এই আইনখনৰ নাম হব পূজ্য বাপু গ্ৰাম্য নিয়োগ নিশ্চিত আইন।তদুপৰি পূৰ্বৰ বছৰি ১০০ দিনৰ নিশ্চিত কৰ্ম দিনৰ স্থানত ১২৫ দিন ধাৰ্য কৰিছে। অৱশ্যে শ্ৰমিক সকলৰ মজুৰিও ২৪০ টকালৈ বৃদ্ধি কৰিছে।

উল্লেখযোগ্য যে ২০০৫ চনৰ ২৫ আগষ্টত মনমোহন সিং প্ৰধানমন্ত্ৰী থকাৰ সময়ত তদানীন্তন কংগ্ৰেছ চৰকাৰে এই আইন খন প্ৰৱৰ্তন কৰিছিল। প্ৰথম অৱস্থাত আইনখনৰ নাম আছিল ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন। পৰৱৰ্তী সময়ত ২০০৯ চনৰ ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা এই আইনখনৰ নাম জাতিৰ পিতা মহাত্মা গান্ধীৰ নামৰে মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আইন কৰা হয়। এই আইন অনুযায়ী শ্ৰমিক সকল বছৰি ১০০ দিনৰ কাম নিশ্চিত কৰা হৈছিল।

বৰ্তমান সমগ্ৰ দেশতে ১২.১৭ কোটি শ্ৰমিক এই আইন খনৰ অধীনত সক্ৰিয়হৈ আছে। এই আইনখনৰ উদ্দেশ্যে হৈছে গ্ৰামাঞ্চলৰ প্ৰশিক্ষণহীন শ্ৰমিক সলৰ জীৱন-জীৱিকাৰ সুৰক্ষা প্ৰদান কৰা।তাৎপৰ্যপূৰ্ণ যে গান্ধীক কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা অভিধা প্ৰদান কৰিছিল। কেন্দ্ৰীয় চৰকাৰে পূজ্য বাপু গ্ৰাম্য নিয়োগ আইনখন ২০২৬ চনৰ এপ্ৰিল মাহৰ পৰা বলবৎ কৰিব বুলি জানিব পৰা গৈছে।

এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় যে-এইয়া বিজেপিৰ কেনেধৰণৰ মানসিকতা জানিব পৰা নাই। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপালে এক্স উল্লেখ কৰিছে যে নাম সলনিৰ দ্বাৰা বিজেপিয়ে মহাত্মা গান্ধীৰ নাম মচিব বিচাৰিছে। বিশেষকৈ গাঁৱৰ পৰা য’ত ভাৰতৰ আত্মা লুকাই আছে ।

তেওঁ লগতে কয় যে নাম সলনি কৰিলেও দেশৰ গ্ৰামাঞ্চলৰ ৰাইজে জানে এই আঁচনিখন তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ছোনিয়া গান্ধীয়ে প্ৰত্যেকখন গাৱৰ বাবে এই স্বচ্ছ আঁচনিখন বলবৎ কৰিছিল। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে-তেওঁ জৱাহৰলাল নেহৰুক ঘৃণা কৰে বুলি জানো। কিন্তু মহাত্মা গান্ধীকো ঘৃণা কৰে যে সেই কথা প্ৰমাণিত হ’ল।

কংগ্ৰেছ সাংসদ তাৰিক আনোৱাৰে উল্লেখ কৰে যে মহাত্মা গান্ধীৰ নাম আতৰোৱাৰ দ্বাৰা গান্ধীৰ আদৰ্শক বিশ্বাস কৰা সকলৰ মনত আঘাট দিছে ।

লগতে পঢ়ক: নগাঁও জিলাত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰহাটকৰ


Advertisement