DC-SP Lead Election Security March in Nagaon to Ensure Peaceful Pollsনিৰ্বাচনী সতৰ্কতা- নগাঁৱত ৰাজপথত সদলবলে ডিচি-এছপিৰ পদ-যাত্ৰা

নগাঁও: নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ শান্তি-শৃংখলা অটুট ৰখা তথা জনসাধাৰণৰ মাজত নিৰাপত্তাৰ ধাৰণা সুদৃঢ় কৰাৰ উদ্দেশ্যে পদ-যাত্ৰা, সজাগতামুলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে নগাঁও জিলা প্ৰশাসনে (Nagaon Election Security March)। জিলাখনৰ বঢ়মপুৰ, চামগুৰি আদি বিধানসভা সমষ্টিত এনে একাধিক কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত সোমবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ প্ৰত্যক্ষ নেতৃত্বত চহৰখনৰ সদৰ থানাৰ পৰা ষ্টেডিয়াম বজাৰ হৈ বিভিন্ন গুৰুত্বপূৰ্ণ তথা স্পৰ্শকাতৰ স্থানসমূহত এক বিশেষ পথ নিৰীক্ষণ আৰু এলাকা আধিপত্য কাৰ্যসূচী সফলতাৰে সম্পন্ন কৰা হয়।

সমগ্ৰ নগৰখনৰ লগতে জিলাখনত এক সুস্থিৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ লগতে যিকোনো ধৰণৰ অসামাজিক তথা অপৰাধমূলক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাৰ্তা দি ৰূপায়ণ কৰা এই বিশেষ পথ নিৰীক্ষণ আৰু এলাকা আধিপত্য কালত জিলাখনৰ উচ্চপদস্থ বিষয়া দুগৰাকীয়ে আৰক্ষী প্ৰশাসনৰ সৈতে বিভিন্ন স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু জনসাধাৰণৰ সৈতে ঠায়ে ঠায়ে বাৰ্তালাপো কৰে।

উল্লেখযোগ্য যে, প্ৰায় প্ৰতিদিনে জিলাখনত প্ৰশাসন আৰু আৰক্ষীৰ দুই মূৰব্বীয়ে জিলাখনৰ সকলো প্ৰান্তত, বিশেষকৈ স্পৰ্শকাতৰ এলেকাত এনেদৰে পদ-যাত্ৰা কৰি ৰাইজৰ মনত নিৰাপত্তাৰ ভাব সুদৃঢ় কৰাৰ প্ৰয়াস চলাই থকা পৰিলক্ষিত হৈছে।

লগতে পঢ়কঃ নগাঁৱত নিৰ্বাচনী হিংসাৰ বিৰুদ্ধে তৎপৰ জিলা প্ৰশাসন


Advertisement