Nagaon Eviction Drive: মধ্য অসমত দুদিনীয়া উচ্ছেদ অভিযানত বেদখলমুক্ত প্ৰায় এশ বিঘা চৰকাৰী ভূমি

ধিং: মঙলবাৰে পুৱাৰ পৰা নগাঁৱৰ ধিঙত আৰম্ভ হোৱা উচ্ছেদ অভিযান বুধবাৰে দ্বিতীয় দিনাও অব্যাহত ৰাখে জিলা প্ৰশাসনে। ১৬ ডিচেম্বৰৰ পৰা নাই২০ ডিচেম্বৰলৈকে চলিবলগীয়া উচ্ছেদ অভিযানত প্ৰায় আঢ়ৈ শ বিঘা চৰকাৰী ভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰাৰ লক্ষ্য নগাঁও জিলা প্ৰশাসনৰ(Nagaon Eviction Drive)।

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ অধীনৰ টুকটুকী, ৰৌমাৰী , আহোমগাঁৱকে ধৰি বৃহৎ ভূমিত একাংশ লোকে বেদখল কৰি মৃত্যুমুখলৈ ঠেলি দিছিল এখন সুঁতি। বিশাল সুঁতি বন্ধ কৰি একাংশ লোকে পুখুৰী নিৰ্মাণ কৰি মৎস্য পালন কৰি আহিছিল(Government land encroachment Assam)। একাংশ লোকে এখন সুঁতি বন্ধ কৰি দিয়াৰ ফলত পৰাই ১২ খন গাঁৱৰ ৰাইজ কৃত্ৰিম বানৰ কৱলত পৰিবলগীয়া হৈছিল(Flood due to encroachment)। আনকি বৃহত্তৰ অঞ্চলৰ কৃষকসকলেও পথাৰত খেতি কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছিল(Nagaon district eviction)।

অৱশেষত স্থানীয় লোকে নগাঁও জিলা প্ৰশাসনক বিষয়টো অৱগত কৰাত নগাঁও জিলা প্ৰশাসনে নিয়ম অনুযায়ীয়েই প্ৰথমে জাননী জাৰি কৰাৰ পাছত ১৬ ডিচেম্বৰ মঙলবাৰৰ পৰা বৃহৎ এলেকাত আৰম্ভ কৰিছে উচ্ছেদ অভিযান(Dhing eviction drive)।

উচ্ছেদ অভিযানৰ প্ৰথম দিনা বিলৰ মাজ অংশত বুল্ড’জাৰ অথৱা ফকলেণ্ড নিয়াত অসুবিধাৰ সৃষ্টি হোৱাত শ্ৰমিকৰ জৰিয়তে কোৰ, চিপৰাঙৰ সহায়ত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল। প্ৰথমদিনা উচ্ছেদ অভিযানত ৬৫ বিঘাবেদখলকৃত ভূমি উচ্ছেদ কৰাৰ পাছত দ্বিতীয় দিনা পুনৰ পুৱাৰ পৰা চলোৱা উচ্ছেদ অভিযানত প্ৰায় ৩০ বিঘা ভূমি বেদখলমুক্ত হোৱা বুলি ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ দাসে দ্যা নিউজ ছৰ্চক জানিবলৈ দিয়ে।

দ্বিতীয় দিনা উচ্ছেদ অভিযানত ৩০ বিঘাৰো অধিক বেদখলকৃত ভূমি বেদখলমুক্ত কৰা বুলিও জানিব পৰা গৈছে(Central Assam eviction)।

দুটা দিনত প্ৰায় এশ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হোৱা নগাঁও জিলা প্ৰশাসনে বৃহস্পতিবাৰে পোৱাৰ পৰা পুনৰ উচ্ছেদ অভিযান চলাব বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক: বুল্ড’জাৰ নাই, কিন্তু বৃহৎ উচ্ছেদ মধ্য অসমত – Eviction Drive in Nagaon


Advertisement