Nagaon Fuel Sale Ban: Sale of Petrol & Diesel in Bottles Prohibitedনগাঁৱত বটল-পাত্ৰত নিষিদ্ধ পেট্ৰ'ল -ডিজেলৰ বিক্ৰী

নগাঁও: ইন্ধন সম্পৰ্কীয় উৰা বাতৰিৰ ফলত ৰাজ্যৰ অন্যান্য অংশৰ লগতে নগাঁও জিলাতো সৃষ্টি হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কালি সন্ধিয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Nagaon Fuel Sale Ban)। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰী আৰু প্ৰবন্ধকসকলৰ সৈতে বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে বিতংভাবে আলোকপাত কৰা হয়।

বৈঠকৰ আৰম্ভণিতে জিলা আয়ুক্ত‌ই জিলাখনত ইন্ধনৰ প্ৰকৃত স্থিতিৰ বুজ লয়। সভাত তেল ডিপো কতৃপক্ষৰ তৰফৰ পৰা জনোৱা হয় যে, বৰ্তমান জিলাখনত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল তথা ডিজেল মজুত আছে। ইয়াৰ পাছতো তেল ডিপোসমূহত জনসাধাৰণৰ অস্বাভাৱিক ভিৰ আৰু দীঘলীয়া শাৰীৰ কাৰণ সোধাত তেল ডিপো কৰ্তৃপক্ষই অৱগত কৰে যে সামাজিক মাধ্যম তথা বিভিন্ন মাধ্যমৰ জৰিয়তে বিয়পি পৰা তেলৰ নাটনিৰ উৰা বাতৰিৰ বাবে জনসাধাৰণৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলতেই হথাতে তেলৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পায়।

বিভিন্ন নিৰ্বাচনী ৰাজনৈতিক সভা-সমিতিবোৰৰ বাবেও চাহিদা কিছু বৃদ্ধি পোৱা দেখা গৈছে। ফলত কিছু সংখ্যক তেল ডিপোত সাময়িকভাৱে তেল শেষ হোৱাৰ বাবে গ্ৰাহকসকল যি অসুবিধাৰ সন্মুখীন হৈছিল, সেয়াও অতি কম সময়ৰ ভিতৰতে ডিপোসমূহৰ ব্যৱস্থাপনাই সমাধান কৰে বুলি আয়ুক্তক ডিপোসমূহৰ কৰ্তৃপক্ষই অৱগত কৰে। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি বৈঠকৰ শেষত আয়ুক্তই পেট্ৰ’ল পাম্পসমূহৰ স্বত্বাধিকাৰী আৰু প্ৰবন্ধকসকলক কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে।

তেওঁ প্ৰতিটো পেট্ৰ’ল পাম্পক নিজৰ ক্ষমতা অনুসৰি সম্পূৰ্ণ ইন্ধন মজুত ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে যিকোনো মুকলি পাত্ৰ, প্লাষ্টিকৰ বটল বা ড্ৰামত পেট্ৰ’ল দিয়াৰ পৰা বিৰত থাকিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰে। জিলা আয়ুক্তগৰাকীয়ে ইন্ধনৰ অবৈধ মজুতকৰণ আৰু ক’লা বজাৰৰ বিৰুদ্ধে তীব্ৰ সকীয়নি প্ৰদান কৰি কয় যে এনে অনৈতিক কাৰ্যত কোনোবা লিপ্ত থকাৰ প্ৰমাণ পালে প্ৰশাসনে আইনমতে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব।

বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ লগতে জিলাখনৰ পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰী আৰু প্ৰবন্ধকসকল উপস্থিত থাকে।

লগতে পঢ়কঃ নিশা পেট্ৰ’ল পাম্পত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আকস্মিক অভিযান


Advertisement