ধিংঃ নগাঁও লোকনিৰ্মাণ বিভাগৰ এগৰাকী ঠিকাদাৰৰ লগতে বিষয়া অভিযন্তাৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ (Nagaon PWD corruption)। নগাঁও লোকনিৰ্মাণ বিভাগৰ অধীনৰ ধিং বিধানসভা সমষ্টিৰ এটা পথ নিৰ্মাণৰ নামত দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে সংঘটিত কৰা দুৰ্নীতি অমিয়মৰ বাবে সাধাৰণ জনতাই যমৰ যাতনা ভোগি অহাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ স্থানীয় লোকসকলে।
২০২২-২৩ চনতে মুখ্য মন্ত্ৰী পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত চহৰীয়াপামৰ পৰা বেছামাৰীলৈ যোৱা পথচোৱা নিৰ্মাণৰ আবণ্টন দিয়া হৈছিল। বিভাগীয় নীতি নিয়ম অনুসৰি নিবিদা মৰ্মেই পথটো নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ইছলাম উপাদিৰ এগাৰকী ঠিকাদাৰে। ২০২৩ চনতে পথটো নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে আজি পৰ্যন্ত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাত স্থানীয় লোকৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
বিভাগীয় এক সূত্ৰে জানিব পৰা মতে, পথটো নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰগৰাকীয়ে এবছৰৰৰ ভিতৰতে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব বুলি বিভাগীয় নয়ম অনুসৰিয়েই চুক্তি সমবাক্ষৰ কৰিছিল। ২০২৩ চনতে এবছৰৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত আজি তিনি বছৰেও পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। কোটিটকীয়া পছ নিৰ্মাণৰ নামত কেৱল লেহেমীয়াই নহয়, অত নিম্ননামৰ সামগ্ৰী ব্যৱহাৰ কৰি ব্যাপক দূৰ্নীতি সংঘটিত কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।
বিভাগীয় নিৰ্দেশনা অনুসৰি নিৰ্মাণ কাম সমপূৰ্ণ কৰাৰ সময় উকলি যোৱা, পথ নিৰ্মাণৰ নামত ব্যাপক দূৰ্নীতি সংঘটিত কৰা আদি একাধিক অভিযোগ উত্থাপন হোৱাৰ পাছতো সম্পূৰ্ণ নিৰৱতা অৱসম্বন কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নগাঁও নগাঁও লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে।
গ্ৰামাঞ্চলৰ যাতায়ত সূচল কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পকী পথ আঁচনি গ্ৰহণ কৰিছে যদিও এনে একাংশ ঠিকাদাৰ, অভিযন্তাৰ মইমতালিৰ বাবে মুখ্যমন্ত্ৰীৰ নামত থকা আঁচনিও য়েন একপ্ৰাকৰ প্ৰহসন পৰিণত হোৱাৰ উপক্ৰম হাছে।
নগাঁও লোকনিৰ্মাণ বিভাগৰ অধানৰ ধিঙৰ পথচোৱা নিৰ্মাণৰ নামত সংঘটিত এনে দূৰ্নীতি আৰু অনিয়মৰ তদন্ত কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় লোকে। লগতে তিনিবছৰে কাম সম্পূৰ্ণ কৰিব নোৱাৰা দায়িপ্তপ্ৰাপ্ত ঠিকাদাৰজনৰ কাম নিৰ্দেশনা বাতিল কৰি নতুনকৈ নিবিদা আহ্বানৰো দাবী জনাইছে স্থানীয় লোকে।
