নগাঁওঃ বিদায়ী পৰত এটা ইংৰাজী বর্ষ। পুৰণি বছৰটোক বিদায় দি এটা নতুন বছৰক আদৰিবলৈ ব্যস্ত হৈ পৰিছে সকলো। পুৰণিক বিদায় দি নতুনক আদৰাত সকলো ব্যস্ত হৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় মধ্য অসমৰ নগাঁও জিলাত। বছৰৰ অন্তিম দিনা বুধবাৰে পুৱাই নগাঁৱৰ পুৰনিগুদাম গড়মূৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুখন বিলাসী বাহনৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত ১১ গৰাকীকৈ লোক আহত হয়(Nagaon road accident)।
পুৱাই পুৰনিগুদাম গড়মূৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন SANTRO’ আৰু EECO’বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত দুর্ঘটনাটো সংঘটিত হয়। পথ দুৰ্ঘটনাটোৰ ফলত আহত হোৱা শিশু-মহিলা ১১ গৰাকীকৈ লোকক সংকটজনক অৱস্থাত চিকিৎসাৰ ব্যৱস্থা কৰে স্থানীয় লোকে (Assam road accident)।
AS12 AH 9227 নম্বৰৰ EECO আৰু AS01AZ 0225 নম্বৰৰ SANTRO বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।
দুয়োখন বাহনৰে আহত ১১গৰাকীকৈ লোকক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে প্ৰেৰণ নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে,নগাঁও চহৰৰ পৰা চামগুৰি অভিমুখে আহি থকা অৱস্থাত SANTRO’ বাহন খনৰ চকা পামচাৰ হোৱাৰ ফলত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ ডিভাইডাৰ পাৰ হৈ তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা EECO বাহন খনত তীব্ৰ জোৰেৰে মুখামুখী খুন্দা মৰাৰ ফলত পথ দুর্ঘটনাটো সংঘটিত হয় (NH 127 accident)।
পথ দুৰ্ঘটনাটোৰ ফলত ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁটৰো সৃষ্টি হয় (Year end accident Assam)। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ দুর্ঘটনাত পতিত হোৱা বাহন দুখন আঁতৰাই পথ মুকলি কৰি দিয়াৰ লগতে তদন্ত আৰম্ভ কৰে (Nagaon latest news)।
লগতে পঢ়কঃ Rajdhani Express Elephant Accident Assam: কামপুৰৰ ৰেলৰ খুন্দাত নিহত সাতটা হাতীৰ এটা আছিল গৰ্ভৱতী

