নগাঁও: সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো প্ৰচণ্ড শীতে স্বাভাৱিক জনজীৱন সম্পূৰ্ণৰূপে বিপৰ্যস্ত কৰি তুলিছে। বিগত কেইদিন ধৰি তাপমাত্ৰা দ্ৰুতগতিত হ্ৰাস পোৱাৰ ফলত ৰাতিপুৱা আৰু সন্ধিয়া সময়ছোৱাত তীব্ৰ শীত অনুভৱ কৰা হৈছে। শীতৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে সাধাৰণ জনজীৱনৰ লগতে শিক্ষা ব্যৱস্থাতো ইয়াৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে (Nagaon school timing change)।
প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱাৰ ভাগত নগাঁও জিলাত সাধাৰণ উষ্ণতা আছিল মাত্ৰ ১৩ ডিগ্ৰী চেলচিয়াছ। শীতৰ লগতে নিশাৰ ভাগত ঘণ কুঁৱলীৰ সৃষ্টি হোৱাত ৰাষ্ট্ৰীয় ঘাইপথসহ বিভিন্ন পথত যান-বাহনৰ চলাচলতো ব্যাঘাত জন্মিছে। কুঁৱলীৰ বাবে দৃষ্টিসীমা হ্ৰাস পোৱাত যান-বাহন চালকসকলক সাৱধানতাৰে বাহন চলাবলৈ বাধ্য হৈছে (cold wave in Assam)।
প্ৰচণ্ড ঠাণ্ডাৰ প্ৰভাৱত বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি লক্ষ্যণীয়ভাবে হ্ৰাস পাইছে। বিশেষকৈ ৰাতিপুৱা সময়ছোৱাত তীব্ৰ শীতৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ দ্বিধাগ্ৰস্ত হোৱা দেখা গৈছে (dense fog effect)। ইয়াৰ উপৰিও শিশুসকলৰ স্বাস্থ্যজনিত সমস্যাৰ আশংকা বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰিছে বহু অভিভাৱকে।
শীতৰ এনে প্ৰকোপৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা প্ৰশাসন তথা শিক্ষাবিভাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য আৰু সুৰক্ষাক অগ্ৰাধিকাৰ দি বিদ্যালয়সমূহৰ সময়সূচী সাময়িকভাৱে পৰিবৰ্তন কৰা হৈছে (student safety in winter)।
নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াই প্ৰেৰণ কৰা নং আই এচ/এন ডি চি/এম আই এচ চি/২০২৬/০৬ নম্বৰৰ এখন নিৰ্দেশ পত্ৰত উল্লেখ কৰা মতে, প্ৰচণ্ড শীতৰ পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যজনিত নিৰাপত্তাৰ হেতু জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
নিৰ্দেশ অনুসৰি, জিলা অন্তৰ্গত সকলো প্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। আনহাতে, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন সময়সূচী পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজালৈ কাৰ্যকৰী হ’ব (district administration order)।
জিলা প্ৰশাসনে সকলো বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক এই নতুন সময়সূচী মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে শীতৰ সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে।
উল্লেখযোগ্য যে, বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যমতে আগন্তুক কেইদিনমানলৈ শীতৰ তীব্ৰতা অব্যাহত থকাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত শিশু ছাত্র-ছাত্রী সকলক সুৰক্ষিত কৰি ৰাখিবলৈ অভিভাৱক সকলক জিলা প্ৰশাসনে আহ্বান জনাইছে।
লগতে পঢ়কঃ Gulmarg Freezes Minus 7: গুলমাৰ্গত মাইনাছ ৭ ডিগ্ৰীলৈ নামিল তাপমাত্ৰা

