Voter Awareness Campaign in Nagaon Gains Momentum Among New Votersনগাঁৱৰ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ত নবীন ভোটাৰৰ মাজত ব্যাপক সজাগতাৰ প্ৰয়াস

নগাঁও: নিৰ্বাচনী প্ৰক্ৰিয়াত তৰুণ ভোটাৰসকলক সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে নগাঁও জিলা প্ৰশাসনৰ আহ্বান ক্ৰমে জিলাখনৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানসমূহত সজাগতা অভিযান চলোৱা হৈছে । সেই অনুসৰি আজি নগাঁও বিশ্ববিদ্যালয়ত এটি বিশেষ ভোটাৰ সচেতনতা কাৰ্যসূচী অনুষ্ঠিত হয় (Nagaon Voter Awareness Campaign)। নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপিত ‘ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ কোষ’ (ছুইপ) ৰ নিৰ্দেশত নতুনকৈ ভোটাধিকাৰ লাভ কৰা শিক্ষাৰ্থীসকলক কেন্দ্ৰ কৰি নগাঁও বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ উদ্যোগত, এন এছ এছ আৰু এন চি চি কোষৰ সহযোগত এই ভোটাৰ সচেতনতা কাৰ্যসূচীৰ আয়োজন কৰা হয়।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ধ্ৰুৱজ্যোতি বৰুৱাই নিজৰ বক্তব্যত ভোটদানৰ গুৰুত্ব ব্যাখ্যা কৰি কয় যে ভোটদান হৈছে প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ আৰু একে সময়তে ই এক গুৰুত্বপূৰ্ণ দায়িত্ব। তেওঁ নতুন ভোটাৰসকলক সক্ৰিয়ভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ আৰু সচেতনভাৱে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। নগাঁও বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান আশ্বাসন কোষৰ সঞ্চালক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁতধৰা অনুষ্ঠানটোত উপ পঞ্জীয়ক নৱপ্ৰসাদ নাথে নিজৰ ভাষণত নিৰ্বাচনী অধিকাৰ আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে সচেতনতা বৃদ্ধিৰ প্ৰয়োজনীয়তা উল্লেখ কৰে আৰু শিক্ষাৰ্থীসকলক জ্ঞানভিত্তিক আৰু দায়িত্বশীল নাগৰিক হোৱাৰ আহ্বান জনায়। অনুষ্ঠানত অতিথি বক্তা হিচাপে উপস্থিত থকা নগাঁও নেহৰু যুব কেন্দ্ৰৰ গাণনিক বিষয়া ধনঞ্জয় তালুকদাৰে যুব সমাজৰ গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে আলোকপাত কৰি বিশেষকৈ নতুন ভোটাৰসকলক সচেতনতা আৰু দায়িত্ববোধেৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়।

উক্ত কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অনাশিক্ষক কৰ্মচাৰী, এন. এছ. এছ আৰু এন চি চি স্বেচ্ছাসেৱকসকলৰ লগতে দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিতি থাকে। একেসময়তে চামগুৰি মহাবিদ্যালয়তো অনুৰূপ কাৰ্যসূচী অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ ইলেক্ট’ৰেল লিটাৰেচি ক্লাবৰ উদ্যোগত আৰু ৰাজনীতি বিজ্ঞান বিভাগ তথা আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত আয়োজিত অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সহকাৰী অধ্যাপক আক্ৰাম হুছেইনে প্ৰতিজন নাগৰিকৰ ভোটৰ মূল্য আৰু ইয়াৰ প্ৰভাৱৰ ওপৰত বক্তৃতা প্ৰদান কৰে। সহকাৰী অধ্যাপক অপূৰ্ব জ্যোতি বৰাই গণতন্ত্ৰৰ গুৰুত্ব তথা এজন সচেতন ভোটাৰ হিচাপে ভোটদানৰ অপৰিহাৰ্য প্ৰয়োজনীয়তাৰ বিষয়ে বুজাই কয়। একেদৰে আৰবী বিভাগৰ সহকাৰী অধ্যাপক বদৰুজ জামানে নতুন ভোটাৰসকলৰ সাংবিধানিক অধিকাৰ আৰু ভোটাধিকাৰৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে।

অনুষ্ঠানত সহকাৰী অধ্যাপক জাকিৰ হুছেইনৰ উপৰি বহুসংখ্যক শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত নগাঁও জিলাৰ ভোটিং মেচিনৰ কাৰ্যকৰীকৰণ আৰম্ভ


Advertisement