নগাঁও: নগাঁৱৰ আমোলাপট্টি শাখা সাহিত্য সভাৰ আতিথ্যত আৰু ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালৰ সহযোগত ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয় চৌহদত দেওবাৰে নগাঁও জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখন অনুষ্ঠিত হয় (Nagaon Zila Sahitya Sabha Midterm Session) । নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত অধিবেশনৰ প্ৰতিনিধি সভা উদ্বোধন কৰে বিশিষ্ট সাহিত্যক-সাংবাদিক গুৰমাইল সিঙে ।
প্ৰতিনিধি সভা উদ্বোধন কৰি দিয়া ভাষণত গুৰমাইল সিঙে অসমৰ সমাজ জীৱনত অসম সাহিত্য সভাৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে অসম সাহিত্য সভাই বিগত এশটা বছৰৰো অধিক কাল অসমৰ জনজীৱন সমৃদ্ধ কৰি ৰাখিছে। অসমৰ সকলো শ্ৰেণী লোকৰ ৰন্ধ্ৰে ৰন্ধ্ৰে অসম সাহিত্য সভা সোমাই আছে। আনহাতে অসম সাহিত্য সভাক লৈ সময়ে সময়ে চলা চৰ্চা কিম্বা সমালোচনা সন্দৰ্ভত সাহিত্যিক গুৰমাইল সিঙে কয় যে অসম সাহিত্য সভাৰ মজিয়াত সামান্য বিসংগতি হলেই সংবাদ মাধ্যমত স্থান পায়। সময়ে সময়ে সাহিত্য সভা সমালোচনাৰ সন্মুখীন হলেও প্ৰকৃত অনুৰাগীসকল এই কথাত ক্ষুন্ন হোৱা উচিত নহয়। কাৰণ অসম সাহিত্য সভাক ভাল পোৱাসকলে সাহিত্য সভাৰ ক্ষতি হোৱাটো নিবিচাৰে বাবে সাহিত্য সভাক এইদৰে কঠোৰ সমালোচনা কৰা হয়। বিশিষ্ট সাহিত্যক-সাংবাদিক গৰাকীয়ে সাহিত্য সভাৰ প্ৰতিনিধি সকলক উদ্দেশ্যি আৰু কয় যে অসম সাহিত্য সভাই আমাক একো একোটা পৰিচয় দিছে,মৰ্যাদা দিছে। আমাৰ জীৱনটো ফলপ্ৰসূ কৰি তোলাৰ বাবে এখন মঞ্চ দিছে। সেয়ে নিজৰ সামৰ্থ অনুসৰি আমি সাহিত্য সভাক সমৃদ্ধ কৰা উচিত।
আনহাতে সাহিত্য সভাৰ মঞ্চখন কেবল সাহিত্যিক সকলৰ বাবে নহয় বুলি উল্লেখ কৰি সিঙে লগতে কয় যে সাহিত্য ভালপোৱা তথা সাহিত্য সাধনা আৰু চৰ্চা কৰা সকলৰ বাবে সাহিত্য সভাৰ মজিয়া সদায় মুকলি ৰখা উচিত। সাহিত্য সভাৰ শাখা সমিতি সমূহক শক্তিশালী কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে ।
নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাত ভাষণ প্ৰদান কৰি সভাপতি ড০ শৰৎ বৰকটকীয়ে কয় যে সম্প্ৰতি ডিজিটেল যুগত জ্ঞান, সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ পথ আগতকৈ বহু বেছি বিস্তৃত হৈছে। সেইকাৰণে আমাৰ সাহিত্য সভাৰ দায়িত্ব আগতকৈ বেছি বৃদ্ধি পাইছে। অসমীয়া ভাষা আৰু সাহিত্যক ডিজিটেল মঞ্চত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰা আমাৰ প্ৰধান কৰ্তব্য। বহু মূল্যবান গ্ৰন্থ, পুথি আৰু গৱেষণামূলক ৰচনা আজিও কাগজৰ পাতত সীমাবদ্ধ হৈ আছে। সেইবোৰক ডিজিটেল ৰূপত সংৰক্ষণ কৰি অনলাইনত উপলব্ধ কৰা সময়ৰ দাবী বুলিও ড০ বৰকটকীয়ে মন্তব্য কৰে ।
আনহাতে যুৱ প্ৰজন্মক সাহিত্যৰ সৈতে সংযোগ কৰা অতি প্ৰয়োজন বুলি উল্লেখ কৰি ড০ বৰকটকীয়ে কয় যে আজিৰ যুৱ প্ৰজন্ম ম’বাইল, ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ জৰিয়তে অধিক সক্ৰিয়। সেয়ে সাহিত্য সভাই ডিজিটেল প্লেটফৰ্ম,, অনলাইন আলোচনা, ই-মেগাজিন আদি ব্যৱস্থাৰ জৰিয়তে নতুন প্ৰজন্মক সাহিত্য চৰ্চাৰ দিশত আগবঢ়াই নিব লাগিব ।অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ আৰু মান সংৰক্ষণ কৰাটো ডিজিটেল যুগত বিশেষ প্ৰয়োজন হৈ পৰা বুলি মন্তব্য কৰি তেওঁ কয় যে সামাজিক মাধ্যমত ভাষাৰ অপব্যৱহাৰ বা বিকৃতি যাতে নহয়, তাৰ বাবে সাহিত্য সভাই সচেতনতা সৃষ্টিত গুৰুত্ব দিব লাগিব। ডিজিটেল আর্কাইভ আৰু তথ্যভাণ্ডাৰ গঠনৰ ওপৰত ড০ বৰকটকীয়ে গুৰুত্ব প্ৰদান কৰে।
সভাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থগিত মহন্তই সাহিত্য সভাৰ দায়িত্ব আৰু কৰ্তব্য ওপৰত আলোকপাত কৰে। অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই অসম সাহিত্য সভাৰ ভূমিকাৰ ওপৰত বাখ্যা আগবঢ়ায় নগাঁও জিলা সাহিত্য সভাৰ মধ্যকালীন অধিৱেশনখনক গঠনমূলক বুলি অধিবশন বুলি প্ৰশংসা কৰে । জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মৃগাংক বৰাই একাংশ শাখা সাহিত্য সভাৰ দুৰ্বল ভূমিকাক উদ্বেগ প্ৰকাশ কৰে ।
সভাত সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে । ইপিনে
ডিজিটেল যুগত অসমীয়া সাহিত্য বিকাশৰ বাবে ডিজিটেল প্লেটফৰ্মত অধিক উপলব্ধ কৰাৰ বাবে ই-বুক, অনলাইন সাহিত্য প’ৰ্টেল, অন লাইন আলোচনী আৰু ডিজিটেল আর্কাইভ সৃষ্টিক আদৰণি জনাই নগাঁও জিলা সাহিত্য সভাই প্ৰস্তাৱ কৰে।
আনহাতে গ্ৰন্থ পাঠৰ অভ্যাস গঢ়ি তোলাৰ লক্ষ্যৰে সমাজত পাঠাভ্যাস বৃদ্ধি কৰাৰ বাবে জিলা সাহিত্য সভাই “এটা মাহত এখন গ্ৰন্থ” পঢ়া অভিযান আৰম্ভ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সাহিত্য সভাৰ মাহেকীয়া বৈঠকত সদস্য সকলে পঢ়া কিতাপখনৰ বিষয়ে চমুকৈ বাখ্যা কৰাৰ সুযোগ পাব। আনহাতে অসমীয়া ভাষা, সাহিত্য, ইতিহাস আৰু সংস্কৃতিৰ ওপৰত গৱেষণা আৰু নতুন গ্ৰন্থ প্ৰকাশৰ বাবে উৎসাহ প্ৰদান কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
ইপিনে ৰাষ্ট্ৰীয় পথ প্ৰাধীকৰণে জিলা খনৰ বিভিন্ন ঠাইৰ নাম সমূহ ভুল বানানেৰ লিখাৰ বাবে উদ্বেগ প্ৰকাশ কৰি নগাঁও জিলা সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতিনিধি সভাই অসমীয়াৰ শুদ্ধ বানানেৰে নাম ফলক লিখিবলৈ আহ্বান জনায়। সভাত জিলা সাহিত্য সভাৰ অন্তৰ্গত নিষ্ক্ৰিয় শাখা সমূহৰ ওপৰত কাৰ্যব্যৱস্থা গ্ৰহণকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।
সভাত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়া, জিলা সাহিত্য সভাৰ বিষয়ববীয়া সকল ক্ৰমে ডা: হেমন্ত কুমাৰ গোস্বামী, মহেশ চন্দ্ৰ নাথ, সুৰজিৎ গোস্বামী,জিতেন বৰকটকী মনোজ কুমাৰ শৰ্মা অভিজিৎ শৰ্মা,খগেন চন্দ্ৰ নাথ প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে আমোলাপট্টি শাখা সাহিত্য সভাৰ মহিলা সদস্যাসকলে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতটি পৰিবেশন কৰে।
সভাত সদ্যপ্ৰয়াত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, সাহিত্য সভাৰে জড়িত ডা: ধীৰেন বৰকাকতি, আচফিয়া চুলতানা প্ৰমুখ্যে ব্যক্তিসকলৰ স্মৃতিত মৌনপ্ৰাৰ্থনা কৰা হয়। সভাত উপস্থিত সাহিত্য সভাৰ বিষয়ববীয়া আৰু প্ৰতিনিধি সকলক অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা গ্ৰন্থ আৰু প্ৰতীকৰে সম্ভাষণ জনোৱা হয়।ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাক কৃতজ্ঞতা জ্ঞাপন কৰি এক প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে অধিবেশনখনৰ সমন্বয়ক প্ৰিয়ংকু শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । ইপিনে আজি পুৱা অধিবেশন উপলক্ষে পতাকা উত্তোলন কৰে জিলা সভাপতি ড০ শৰৎ বৰকটকীয়ে আৰু স্মৃতি তৰ্পন কৰে ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়াই।
লগতে পঢ়কঃ নগাঁও ছোৱালী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস উদযাপন

