NIA Files 1597 Page Chargesheet in Pahalgam Terror Attack Caseপেহেলগাম কাণ্ড সম্পৰ্কত এন আই এ ৰ ১৫৯৭ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল

নেশ্যনেল ডেস্কঃ সমগ্ৰ বিশ্ব জোকাৰি যোৱা পেহেলগাম আক্ৰমণ কাণ্ডৰ সম্পৰ্কত সোমবাৰে ( ১৫ ডিচেম্বৰ,২০২৫) ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ এন আই এ ৭ জন লোকক অভিযুক্ত কৰি চাৰ্জশ্বিট দাখিল কৰিছে(Pahalgam Terror Attack Case)। ১৫৯৭ পৃষ্ঠাৰ চাৰ্জশ্বিটখনত উল্লেখ থকা মতে এন আই এৰ তদন্তত পেহেলগাম কাণ্ডৰ প্ৰসংগত পাকিস্তানৰ ষড়যন্ত্ৰ থকাৰ কথা পোহৰলৈ আহিছে।

লগতে নিষিদ্ধ সন্ত্ৰাসবাদী সন্থা লস্কৰ ই তৈয়িবা (LeT) আৰু দ্যা ৰেজিষ্টেন্স ফ্ৰন্ট (TRF) এই পৰিকল্পনাৰ লগত জড়িত থকাৰ কথা তদন্তত পোহৰলৈ আহিছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে হিন্দু ধৰ্মৰ। লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জনকৈ লোক নিহত হৈছিল। ইয়াৰে ২৫ জন পৰ্যটক আৰু এজন অন্য লোক। জম্মুস্থিত এন আই এৰ বিশেষ আদালতত দাখিল কৰা চাৰ্জশ্বিটত পাকিস্তানী সন্ত্ৰাসবাদী সাজিদ জাটৰ লগতে ফৈচল জাট ওৰফে সুলেমান শাহ,হাবিব তাহিৰ ওৰফে জিব্ৰান আৰু হামজা আফগানিৰ নাম উল্লেখ আছে।

২০২৫ চনৰ জুলাই মাহত ভাৰতীয় সেনাই শ্ৰীনগৰৰ দছিগামত চলোৱা অপাৰেচন মহাদেৱত সুলেমান শাহ,হাবিব তাহিৰ আৰু হামজা আফগানিৰ মৃত্যু হৈছিল। অভিযুক্ত সকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা,২০২৩; অস্ত্ৰ আইন ১৯৫৯,আইনবিৰোধী কাৰ্যকলাপ প্ৰতিৰোধ আইন ১৯৬৭ ৰ অধীনত ধাৰা সন্নিবিষ্ট কৰা হৈছে। অভিযুক্ত সকলৰ ভিতৰৰ দুজন ক্ৰমে পাৰভেজ আহমেদ জথাৰ আৰু বসিৰ আহমেদ জথাৰক এন আই এ যোৱা ২২ জুনত গ্ৰেপ্তাৰ কৰিছে।পাৰভেজ আৰু বসিৰক জেৰা কৰাৰ পিচত অভিযুক্ত সকলৰ বিষয়ে তদন্তকাৰী সন্থাটোৱে জানিব পাৰে।

উল্লেখযোগ্য যে যোৱা ২৯ জুলাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পেহেলগাম কাণ্ডৰ সন্ত্ৰাসবাদী সকল পাকিস্তানৰ মদতপুষ্ট আৰু তেওঁলোক লস্কৰ ই তৈয়বাৰ লগত জড়িত বুলি উল্লেখ কৰিছিল।পেহেলগাম কাণ্ডৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই যোৱা ৭ মে’ত ‘অপাৰেচন সেন্দুৰ’ আৰম্ভ কৰিছিল আৰু পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ শিবিৰত বোমাৰে আক্ৰমণ কৰিছিল।ভাৰতীয় সেনাৰ আক্ৰমণত ১০০ ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি প্ৰকাশ।তদুপৰি ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানৰ সামৰিক বহু সামগ্ৰীৰ লগতে যুদ্ধ বিমান ধ্বংস হৈছিল।পিচত অৱশ্যে মধ্যস্থতাৰ জৰিয়তে বুজাবুজিৰ মাধ্যমেৰে যুদ্ধ সামৰণি পৰিছিল।

লগতে পঢ়ক: মাতৃভূমিক বিশ্বাসঘাতকতা কৰি আৰক্ষীৰ জালত বায়ুসেনাৰ প্ৰাক্তন বিষয়া – Ex–Indian Air Force Officer Arrested


Advertisement