নতুন দিল্লী: দেশৰ অন্যতম বৃহৎ দল ভাৰতীয় জনতা পাৰ্টিৰ ( BJP ) ৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদত অধিষ্ঠিত হৈছে বিহাৰ চৰকাৰৰ মন্ত্ৰী নিতিন নবীন। ১৯৮০ চনত জন্মগ্ৰহণ কৰা নিতিন নবীন বিজেপিৰ আটাইতকৈ কনিষ্ঠ কাৰ্যকৰী সভাপতি। সম্প্ৰতি তেওঁৰ বয়স ৪৫ বছৰ। তেওঁৰ পিতৃ নবীন কিশোৰ প্ৰসাদ সিনহাও এজন প্ৰতিষ্ঠিত বিজেপি নেতা । ২০০৬ চনত পিতৃৰ বিয়োগৰ পিচত নিতিন নবীনে সক্ৰিয় ৰাজনীতিত অংশ গ্ৰহণ কৰে। ২০০৬ চনতে তেওঁ বিহাৰৰ পশ্চিম পাটনা সমষ্টিৰ পৰা বিজয়ী হৈ বিহাৰ বিধান সভালৈ নিৰ্বাচিত হয়।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নিতিন নবীনে বিহাৰৰ বানিকপুৰ সমষ্টিক প্ৰতিনিধিত্ব কৰে। এই সমষ্টিটোৰ পৰা তেওঁ ২০১০,২০১৫,২০২০ আৰু ২০২৫ চনৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজয়ী হয়। শেহতীয়াকৈ অনুষ্ঠিত বিহাৰ বিধান সভা নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় জনতা দলৰ ৰেখা কুমাৰীক পৰাজিত কৰি নিৰ্বাচিত হৈছে। বৰ্তমান তেওঁ বিহাৰ চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিহাৰ ৰাজ্যিক সমিতিৰ সভাপতিৰ দায়িত্বত থকাৰ লগতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বতো আছিল।
কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাদকাৰীয়ে নিতিন নবীনক শুভেচ্ছা জনাই উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত তেওঁ ভাৰতীয় জনতা পাৰ্টিক উচ্চ শিখৰলৈ নিয়াত নিশ্চিতভাবে সফল হব।
বিহাৰৰ মুখ্যমন্ত্ৰী নিতিশ কুমাৰে উল্লেখ কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি পদত বিহাৰৰ নিতিন নবীনক অধিষ্ঠিত কৰাটো সুখৰ কথা।নিতিন নবীন এজন সমৰ্পিত ৰাজনীতিক।তেওঁৰ এই নতুন দায়িত্বৰে ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰিব।
অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰ বাবু নাইডুৱে শুভেচ্ছা জনাই উল্লেখ কৰিছে যেতেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
লগতে পঢ়ক: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প

