ছফিকুৰ ৰহমান, নগাঁও: নদী বচাওক আৰু নাৰী বচাওক ধ্বনিৰে ২০১৮ চনত গঠন হোৱা নদী আৰু নাৰী সংগঠনৰ নগাঁও জিলা সমিতিৰ চতুৰ্থ বৰ্ষ উদযাপনৰ লগতে কলং-০৪ শীৰ্ষক প্ৰতিযোগিতা আৰু কবিতা পাঠৰ মনোজ্ঞ অনুষ্ঠান আজি দিনযোৰা কাৰ্যসূচীৰে প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত হয়।
পুৱা পতাকা উত্তোলনৰ পিছত থিতাতে কবিতা লিখা ,অনুগল্প লিখা প্ৰতিযোগিতা ,চকীত বহা খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দুপৰীয়া নদী আৰু নাৰী, নগাঁও জিলা সমিতিৰ সভানেত্ৰী লখিমী মহন্তৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আৰম্ভণিতে সম্পাদিকা ববী বৰা আৰু সহকাৰী সম্পাদিকা ৰিজুমণি বৰাই কবিতা আবৃত্তি কৰে।
সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড: শৰৎ বৰকটকীয়ে নদী আৰু নাৰী সংগঠনৰ প্ৰশংসা কৰি কয় যে এই সংগঠনে নদী আৰু নাৰীৰ সুৰক্ষাৰ বাবে যুৱতী- মহিলাক একত্ৰিত কৰাটো মনকৰিবলগীয়া বিষয়। তেওঁ লগতে কয় যে ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ সহ পাচখন নদী পুৰুষ কেন্দ্ৰীক। বাকী সকলো নদী মাতৃ কেন্দ্ৰীক। এই নদী সমুহৰ সুৰক্ষাৰ হকে এক নীৰৱ সংগ্ৰাম নদী আৰু নাৰী সংগঠনে কৰি আছে। ড: বৰকটকীয়ে নিজৰ চমু ভাষণত কয় যে নদীৰ পাৰতে প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল। নদী কেন্দ্ৰীক সভ্যতাই আমাৰ সমাজ জীৱন প্ৰভাবিত কৰি আহিছে। কবিতাৰ প্ৰসঙ্গ উল্লেখ কৰি ড:বৰকটকীয়ে কয় যে নাৰী মানেই হৈছে সভ্যতা। কবিতা হৈছে শব্দৰ সংগীত বুলি উল্লেখ কৰি কয় যে বহুতে কবিতাৰ লগতে গ্ৰন্থ পঢ়িব নিবিচাৰে। সভাত।
মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি নদী আৰু নাৰীৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী ৰণাল্ডো টাইডে কেবাটাও কবিতাৰ পংক্তি আওৰাই কয় যে নদী থাকিলেহে সভ্যতা থাকিব। মানুহৰ জীৱন থাকিব। নগৰ কেন্দ্ৰীক সভ্যতা নদীৰ পাৰতে হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতবৰ্ষত ১২৫ খন নদী আছে। বিভিন্ন কাৰণত বহু নদী প্ৰদূষিত হৈছে। একেদৰে নাৰীৰ ওপৰত নিৰ্যাতন বৃদ্ধি হৈছে। সেয়ে নদী আৰু নাৰী সুৰক্ষাৰ প্ৰতি নদী আৰু নাৰী সংগঠনে যুজঁ আছে। আমাৰ শ্লগান হৈছে নদী বচাওক আৰু নাৰী বচাওক। তেওঁ নদীৰ ওপৰত বিশ্লেষণ হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
সম্পাদনা ববী বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত শিল্পী চিন্ময়ী গোস্বামীয়ে বৰগীত আৰু মিচিমি মহন্তই সত্ৰীয়া নৃত্য। পৰিবেশন কৰে। সভাত আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ নগাঁও জিলা সমিতিৰ সভানেত্ৰী লক্ষীপ্ৰভা শইকীয়া, নদী আৰু নাৰী সংগঠনৰ নেত্ৰী মামণি বৰা , অনুপমা শৰ্মা ভট্টাচাৰ্য ,সতী ৰাধিকা মহিলা তীৰ্থৰ কাবেৰী মহন্ত আদিৰ লগতে সাংবাদিক কনক হাজৰিকা, যুৱ সাংবাদিক দীপেন বৰা, সমাজকৰ্মী ৰাজীৱ ,দাও, লেখিকা অনিতা দেৱী, সচেতন লেখক দেৱেন শইকীয়া, পৰাগ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে।
সংগঠনটোৰ উপদেষ্টা তথা ৰহা মহাবিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষা দিপ্তী দেৱী শৰ্মাৰ কবিতা পাঠৰ মননশীল অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত সংগঠনটোৰ সদস্যা, সদস্য সকলে কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
লগতে পঢ়ক: ফেমেলী মেন ৩ ৰ নিমাৰ চৰিত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ক্যাৰোল আন্দ্ৰেয়া কেভিচুচা – Carol Andrea Kevichusa

