Nuruddin Ahmed Receives Padma Shri: A Tribute to a Lifetime of Art, Theatre and Cultural Harmonyনুৰুদ্দিন আহমেদলৈ পদ্মশ্ৰী: যোগ্য জনলৈ যোগ্য স্বীকৃতি

গৌতম শৰ্মা, অধ্যাপক (ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়): যোগ্য জনলৈ যোগ্য স্বীকৃতি জনাব পৰাটো কেৱল এক সন্মান প্ৰদান নহয়; ই সমাজৰ সাংস্কৃতিক সচেতনতা, মূল্যবোধ আৰু কৃতজ্ঞতাৰ এক গভীৰ প্ৰকাশ (Nuruddin Ahmed Padma Shri)। এনে স্বীকৃতিয়ে কেৱল এজন ব্যক্তিৰ জীৱনজোৰা সাধনা আৰু ত্যাগকেই মান্যতা নিদিয়ে, বৰঞ্চ সেই সাধনাৰ জৰিয়তে সংৰক্ষিত হৈ থকা পৰম্পৰা, সংস্কৃতি আৰু ঐতিহ্যকো এক নতুন জীৱন প্ৰদান কৰে।

যোগ্যজনক সময়মতে সন্মান জনাব পাৰিলে সমাজে নিজকে নিজে চিনে, ইতিহাসক সন্মান কৰে আৰু আগন্তুক প্ৰজন্মৰ বাবেও এক প্ৰেৰণাদায়ক দৃষ্টান্ত এৰি থৈ যায়। সৌ সিদিনা লৈকে আমাৰ বহুজনেৰেই অজান হৈ থকা নুৰুদ্দিন আহমেদক ভাৰত চৰকাৰৰ দ্বাৰা ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰাটো, এয়া কেৱল এজন ব্যক্তিক দিয়া স্বীকৃতি নহয়, ই অসমৰ মাটিত গঢ় লৈ উঠা এক দীঘলীয়া, নিঃশব্দ কিন্তু অসাধাৰণ শিল্পসাধনাৰ এক প্ৰবল ৰাজহুৱা স্বীকৃতি (Padma Shri award 2026)।

ভাস্কৰ্য, মঞ্চসজ্জা আৰু থিয়েটাৰৰ ক্ষেত্ৰত প্ৰায় চাৰি দশক ধৰি নিৰলস সৃষ্টিশীল কৰ্ম কৰি অহা নুৰুদ্দিন আহমেদলৈ প্ৰদান কৰা এই সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মানে কেৱল তেওঁৰ ব্যক্তিগত কৃতিত্বকেই আজি প্ৰকাশ কৰা নাই, বৰঞ্চ অসমৰ ভাস্কৰ্য শিল্প, ভ্ৰাম্যমাণ থিয়েটাৰ, লোকসংস্কৃতি আৰু মঞ্চকলাৰ প্ৰতি থকা এক সামূহিক গৌৰৱ আৰু কৃতজ্ঞতাৰ অনুভূতিকো পুনৰ জাগ্ৰত কৰিছে। এই স্বীকৃতিৰ লগে লগেই আজি নুৰুদ্দিন আহমেদ অসমৰ অন্যতম সৰ্বাধিক এজন খ্যাতিমান শিল্পী ৰূপে পৰিচিত হৈছে, যাৰ ভাস্কৰ্য, মঞ্চসজ্জা আৰু নাট্যকলাৰ ক্ষেত্ৰত কৰা অসাধাৰণ যাত্ৰা, আজীৱন শিল্পসেৱাৰ কৰ্মৰাজিয়ে সৰ্বতে আজি চৰ্চা লাভ কৰিছে (Assamese sculptor)। ১৯৫৮ চনৰ ১৭ জানুৱাৰী তাৰিখে অসমৰ নলবাৰী জিলাৰ ষাঠিকুচি নামৰ সৰু এখন গাঁৱৰ এটি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা শিল্পী নুৰুদ্দিন আহমেদৰ জীৱন আৰু কৰ্মৰ এটি চমু আলোকপাত কৰাই আজি আমাৰ এই লিখনিৰ প্ৰধান উদ্দেশ্য (Assam theatre artist)।

শিল্পী নুৰুদ্দিন আহমেদে শৈশৱকাল সাধাৰণ পৰিস্থিতিত কটালেও, সৰুৰে পৰা দৃশ্যকলাৰ প্ৰতি গভীৰ আকৰ্ষণ আৰু অভিনয়-প্ৰদৰ্শনৰ সৈতে সংলগ্ন হোৱাৰ আগ্ৰহে তেওঁৰ জীৱন গঢ় দি তুলিছিল। পাঁচ দশকৰো অধিক সময়জুৰি বিস্তৃত তেওঁৰ শিল্পী জীৱনত কৰা সৃজনশীল সাধনাই তেওঁক শিল্পী-সৃষ্টিশীলতা, সাংস্কৃতিক সম্প্ৰীতি আৰু সমাজমুখী সম্পৃক্ততাৰ এক প্ৰতীক ৰূপে উত্তৰ-পূৰ্বাঞ্চল তথা সৰ্বভাৰতীয় প্ৰেক্ষাপটতো সুপ্ৰতিষ্ঠিত কৰি তুলিছে। শিল্প যাত্ৰাৰ আৰম্ভণিৰ পৰা নুৰুদ্দিনে সৃজনশীল অভিব্যক্তিৰ প্ৰতি এক অশেষ কৌতূহল আৰু অটুট উৎসাহ প্ৰদৰ্শন কৰিছিল।

তেওঁ মুম্বাইস্থিত ছাৰ জে. জে. কলেজ অৱ আৰ্টছত শিল্প আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰি মৌলিক কৌশল আৰু নীতিসমূহ অধ্যয়ন কৰিছিল। পিছলৈ গৈ তেওঁ ভাৰতৰ অন্যতম শীৰ্ষস্থানীয় শিল্প প্ৰতিষ্ঠান ললিত কলা একাডেমীৰ গঢ়ী ষ্টুডিঅ’ত আধুনিক ভাস্কৰ্য প্ৰযুক্তিৰ ব্যৱহাৰ শিকি নিজৰ দক্ষতা অধিক বিস্তৃত কৰে। তদুপৰি, তেওঁ চেণ্টাৰ ফৰ কালচাৰেল ৰিছ’ৰ্চেছ এণ্ড ট্ৰেইনিং (CCRT)-ৰ পৰা পুতলা নাট্যকলাৰ ডিপ্লোমাও লাভ কৰিছে, যিয়ে দৃশ্যকলাৰ লগতে প্ৰদৰ্শন কলাৰ প্ৰতিও তেওঁৰ বহুমুখী আগ্ৰহকেই প্ৰতিফলন কৰে (Indian sculptor Padma Shri)।

সূক্ষ্ম কলাৰ পৰা নাট্যকলালৈকে বিভিন্ন শিল্পৰূপৰ সৈতে নুৰুদ্দিনৰ পৰিচয়ে তেওঁৰ ভৱিষ্যৎ শিল্পী জীৱনৰ এক দৃঢ় ভেটি স্থাপন কৰিছিল, যাৰ জৰিয়তে তেওঁ পৰম্পৰাগত অভ্যাস আৰু আধুনিক কাহিনী-বৰ্ণনাৰ মাজত এক সেতুবন্ধন গঢ়ি তুলিছিল। তেওঁ নিজৰ শিল্পী জীৱনৰ আৰম্ভণি পুতলা শিল্পী হিচাপে কৰিছিল, যি এক গভীৰভাৱে কাহিনী আৰু প্ৰদৰ্শনৰ সৈতে সম্পৃক্ত শিল্পৰূপ আছিল। প্ৰদৰ্শন কলাৰ সৈতে কৰা এই আৰম্ভণিৰ সংযুক্তিয়ে তেওঁক কাহিনী কোৱা, চৰিত্ৰ নিৰ্মাণ, গতি আৰু স্থানিক নক্সাকৰণৰ বিষয়ে এক বিশেষ দৃষ্টিভংগী প্ৰদান কৰিছিল। এই সকলো উপাদানেই পৰৱৰ্তী সময়ত তেওঁৰ নাট্যমঞ্চ সজ্জা আৰু পৰিবেশ সৃষ্টিৰ কামত কেন্দ্ৰীয় ভূমিকা পালন কৰিছিল।

সময়ৰ সৈতে নুৰুদ্দিনৰ সৃজনশীল যাত্ৰা অসমৰ সমৃদ্ধ ভ্ৰাম্যমাণ নাট্যজগতলৈ বিস্তৃত হয়। ভ্ৰাম্যমাণ নাট্যজগত – সেই সময়ত এনেকুৱা এক সাংস্কৃতিক প্ৰতিষ্ঠান আছিল, য’ত সজীৱ প্ৰদৰ্শনৰ জৰিয়তে কাহিনী কোৱা কলাই গাঁৱৰ পৰা নগৰলৈ ভ্ৰমণ কৰি সমাজৰ সকলো স্তৰৰ দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিছিল। চাৰি দশকৰো অধিক সময় ধৰি তেওঁ ভ্ৰাম্যমাণ নাট্যৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হৈ আছে, হাজাৰ হাজাৰ মঞ্চত প্ৰদৰ্শিত তিনিশৰো অধিক নাটকৰ বাবে তেওঁ মঞ্চসজ্জা, দৃশ্য পৰিৱেশ আৰু নাট্যমঞ্চ শিল্প ৰচনা কৰিছে। শিল্পীসুলভ দৃষ্টিভংগীক কাৰিকৰী নিখুঁততাৰ সৈতে একত্ৰিত কৰাৰ তেওঁৰ সক্ষমতাই অসমীয়া নাট্যকলাৰ দৃশ্যভাষাক এক নতুন উচ্চতালৈ উন্নীত কৰিছে বুলি ক’ব পাৰি আৰু মঞ্চ নক্সা তথা কাহিনীমূলক পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰতো এক নতুন মান স্থাপন কৰিছে।

নাট্যক্ষেত্ৰত নুৰুদ্দিনৰ অৱদান সৰ্বাধিক স্পষ্টভাৱে বুজা যায় প্ৰযোজনা কাৰ্যৰ জৰিয়তে, যিয়ে কল্পনা আৰু দৃশ্যকথনৰ সীমা অতিক্ৰম কৰিছিল। টাইটানিক, ডাইনোছৰ, ছুনামি আদি নাটকৰ বাবে কৰা তেওঁৰ মঞ্চ নক্সাসমূহ সৰ্বাধিক প্ৰশংসিত কামৰ ভিতৰত অন্তৰ্গত আছিল, য’ত তেওঁ উদ্ভাৱনীমূলক দৃশ্য বিন্যাসক গভীৰভাৱে সংলগ্ন কাহিনীমূলক পৰিবেশৰ সৈতে সংযুক্ত কৰি দৰ্শক আৰু সমালোচক উভয়কেই মোহিত কৰিছিল। এই প্ৰযোজনাসমূহে বৃহৎ পৰিসৰৰ নক্সাকৰণত তেওঁৰ দক্ষতা আৰু জটিল বিষয়বস্তুক শক্তিশালী দৃশ্য ৰূপত ৰূপান্তৰিত কৰি নাট্য অভিজ্ঞতাক অধিক সমৃদ্ধ কৰাৰ ক্ষমতা স্পষ্টভাৱে প্ৰতিফলিত কৰে।

ভ্ৰাম্যমাণ নাট্যকৰ্মৰ উপৰিও নুৰুদ্দিনে দুৰ্গাপূজাৰ পেণ্ডেল নক্সা আৰু ধৰ্মীয় ভাস্কৰ্যৰ জৰিয়তে নিজৰ শিল্পী প্ৰভাৱ বিস্তৃত কৰিছিল। ১৯৭৫ চনত তেওঁ প্ৰথমবাৰৰ বাবে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছিল আৰু সময়ৰ সৈতে তেওঁ দেৱ-দেৱীৰ এহেজাৰৰো অধিক প্ৰতিমা গঢ়ি তুলিছে, যি আঞ্চলিক শিল্পকলাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সৃষ্টিসম্ভাৰ। তেওঁৰ সৃষ্টিসমূহ কেৱল কাৰিকৰী নিখুঁততাৰ বাবেই নহয়, সাংস্কৃতিক পৰম্পৰা আৰু প্ৰতীকী ৰূপৰ প্ৰতি গভীৰ সন্মান প্ৰদৰ্শনৰ বাবেও সমাদৃত হৈছে, যাৰ ফলত তেওঁ অসমৰ অন্যতম সৰ্বাধিক উৰ্বৰ আৰু প্ৰখ্যাত উৎসৱ প্ৰতিমা ভাস্কৰ ৰূপে পৰিগণিত হৈছে।

নুৰুদ্দিনৰ সৰ্বাধিক বিস্ময়কৰ কীৰ্তিসমূহৰ এটা ২০১৭ চনত প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছিল, যেতিয়া তেওঁ গুৱাহাটীৰ বিষ্ণুপুৰ সাৰ্বজনীন পূজা কমিটীৰ পেণ্ডেলত সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত ৯৮ ফুট উচ্চতাৰ এক অভূতপূৰ্ব দুৰ্গা প্ৰতিমা গঢ়ি তুলিছিল। এই মহাকায় সৃষ্টি ইমানেই প্ৰভাৱশালী আছিল যে ই লিমকা বুক অৱ ৰেকৰ্ডছত এতিয়ালৈকে নিৰ্মিত সৰ্বোচ্চ বাঁহৰ ভাস্কৰ্যসমূহৰ এটা হিচাপে লিপিবদ্ধ হৈছে। এই কীৰ্তিয়ে কেৱল শিল্পৰ বিশালতা নহয়, স্বদেশী সামগ্ৰীৰ সৃষ্টিশীল ব্যৱহাৰ আৰু বৃহৎ পৰিসৰৰ ভাস্কৰ্য নিৰ্মাণত সমাজভিত্তিক সহযোগিতাৰ গুৰুত্বকো প্ৰকাশ কৰিছিল।

নুৰুদ্দিনৰ শিল্পকর্মত প্ৰায়ে সাংস্কৃতিক ঐক্যৰ এক গভীৰ বাৰ্তা প্ৰতিফলিত হয়। এগৰাকী মুছলমান শিল্পী হিচাপে তেওঁ নিজৰ জীৱনৰ এক বৃহৎ অংশ হিন্দু ধৰ্মীয় প্ৰতিমা আৰু স্থাপত্য নিৰ্মাণত উৎসৰ্গা কৰাৰ ফলত, তেওঁৰ কামে ধৰ্ম, মতবাদ আৰু সামাজিক বিভাজনৰ সীমা অতিক্ৰম কৰা শিল্পৰ শক্তিক এক প্ৰবল সাক্ষ্য ৰূপে উপস্থাপন কৰে। তেওঁ প্ৰায়ে এই কথাটো উল্লেখ কৰি আহিছে, “এগৰাকী শিল্পীৰ কোনো ধৰ্ম নাথাকে; শিল্পই হৈছে শিল্পীৰ প্ৰকৃত ধৰ্ম।” যাৰ জৰিয়তে তেওঁ বুজাব বিচাৰে যে সৃজনশীল অভিব্যক্তি সম্প্ৰদায়গত সীমাৰ ওপৰত অৱস্থিত আৰু ই সাৰ্বজনীন মানৱীয় মূল্যবোধৰেই প্ৰতিফলন।

নুৰুদ্দিনৰ সৃজনশীল অৱদান কেৱল নাট্য আৰু উৎসৱভিত্তিক ভাস্কৰ্যত সীমাবদ্ধ নহয়। তেওঁ সাংস্কৃতিক প্ৰদৰ্শনী আৰু ৰাজ্যিক পৰ্যায়ৰ ঐতিহ্য প্ৰকল্পসমূহতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উদাহৰণস্বৰূপে, আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন উপলক্ষে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত অনুষ্ঠানত তেওঁ এখন অসমীয়া গাঁও-প্ৰতিষ্ঠাপন (village installation) নিৰ্মাণৰ সৈতে জড়িত আছিল। এই জীৱন্ত আকাৰৰ সাংস্কৃতিক পুনৰ্নিমাণত নামঘৰ, পৰম্পৰাগত বাঁহৰ ঘৰ, জনজাতীয় সমাজৰ জীৱনচিত্র আৰু অসমীয়া গ্ৰাম্য জীৱনৰ আন বহু উপাদান অন্তৰ্ভুক্ত আছিল, যিয়ে ৰাষ্ট্ৰীয় মঞ্চত বৃহৎ পৰিসৰৰ পৰিবেশ সৃষ্টিৰ লগতে সাংস্কৃতিক অভিব্যক্তিত তেওঁৰ অসাধাৰণ দক্ষতাক সুস্পষ্টভাৱে প্ৰতিফলিত কৰিছিল।

সাংস্কৃতিক প্ৰতিষ্ঠানসমূহতো নুৰুদ্দিনৰ নেতৃত্ব আৰু সৃজনশীল অৱদান বিশেষভাৱে উল্লেখযোগ্য। অসম সাহিত্য সভাৰ বিভিন্ন অধিৱেশন উপলক্ষে তেওঁ তোৰণ আৰু দৃশ্য প্ৰদৰ্শনীসমূহৰ নক্সা প্ৰস্তুত কৰিছিল, তাৰ ভিতৰত পাঠশালাত অনুষ্ঠিত ৭৭ সংখ্যক অধিৱেশনখন বিশেষ গুৰুত্বপূৰ্ণ। এই অধিৱেশনত তেওঁ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে অসমৰ প্ৰথম বৃহৎ পৰিসৰৰ বিজ্ঞান মেলাৰ আয়োজনতো সক্ৰিয়ভাৱে জড়িত আছিল, যিয়ে দেশ-বিদেশৰ পৰা অসংখ্য দৰ্শকক আকৰ্ষণ কৰিছিল। সাহিত্য সভাৰ বাবে কৰা তেওঁৰ এই কামে কেৱল শিল্প আৰু সংস্কৃতিক উজ্জ্বল কৰি তোলাই নহয়, বৰং যুৱপ্ৰজন্মৰ মাজত বৈজ্ঞানিক আৰু সৃজনশীল কৌতূহল জগাই তোলাৰ উদ্দেশ্যও বহন কৰিছিল, যাৰ জৰিয়তে আন্তঃবিষয়ক সাংস্কৃতিক সম্পৃক্তিত তেওঁৰ দৃঢ় বিশ্বাস স্পষ্টভাৱে প্ৰকাশ পাইছে।

নুৰুদ্দিনৰ অৱদানৰ স্বীকৃতি স্থানীয় পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে। ২০১৭ চনত তেওঁ নাট্যমঞ্চ শিল্প আৰু থিয়েটাৰ নক্সাৰ ক্ষেত্ৰত কৰা অমূল্য অৱদানৰ বাবে ভাৰতৰ প্ৰদৰ্শন কলাৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমি বঁটাৰে সন্মানিত হৈছিল। এই সন্মানে অসমীয়া নাট্যকলাৰ মঞ্চ সৌন্দৰ্য আৰু প্ৰদৰ্শন পৰিবেশ ৰূপান্তৰিত কৰাত দশকজোৰা তেওঁৰ সাধনাক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল। প্ৰতিষ্ঠানিক বঁটা-সন্মানৰ উপৰিও নুৰুদ্দিনে শিল্প আৰু সংস্কৃতিত আগবঢ়োৱা অৱদানৰ বাবে বহু অন্যান্য সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত গুৰুজী আদ্য শৰ্মা বঁটাৰ দৰে আঞ্চলিক স্বীকৃতিসমূহো অন্তৰ্ভুক্ত, যিয়ে সমাজৰ পৰম্পৰাৰ সৈতে গভীৰভাৱে সম্পৃক্ত এগৰাকী সাংস্কৃতিক অভিভাৱক আৰু পথ-প্ৰদৰ্শক শিল্পী হিচাপে তেওঁৰ ভূমিকাক অধিক দৃঢ়ভাৱে প্ৰতিপন্ন কৰে।

নিজৰ দীঘলীয়া শিল্পী জীৱনত নুৰুদ্দিন আহমেদে নৱপ্ৰজন্মৰ বহু শিল্পীক প্ৰশিক্ষণ আৰু দিশ-নির্দেশনা দি আহিছে। ভাস্কৰ্য, মঞ্চসজ্জা, চিত্ৰকলা, পুতলা নাট্য আৰু পোছাক নক্সাৰ ক্ষেত্ৰত নিজৰ অভিজ্ঞতা তেওঁলোকলৈ আগবঢ়াই আহিছে। গুৱাহাটীত অৱস্থিত তেওঁৰ ৰাজদীপ আৰ্ট ষ্টুডিঅ’ সৃজনশীল শিক্ষাৰ এক কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে, য’ত প্ৰশিক্ষণ লাভ কৰা এক প্ৰজন্ম শিল্পীয়ে এতিয়া থিয়েটাৰ, চলচ্চিত্ৰ আৰু ৰাজহুৱা শিল্পৰ ক্ষেত্ৰত স্বাধীনভাৱে কাম কৰি আছে। তদুপৰি, তেওঁ নিজৰ পুত্ৰ ৰাজ আহমেদ আৰু দ্বীপ আহমেদৰ সৈতে মিলি বহু গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰকল্পত সহযোগিতা কৰিছে, যাৰ জৰিয়তে নতুন কণ্ঠ আৰু দৃষ্টিভংগীৰ মাধ্যমে তেওঁৰ শিল্পী ঐতিহ্য আগলৈও অব্যাহত থাকিব বুলি নিশ্চিত কৰিছে।

শেহতীয়াকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত ঠন ধৰি উঠা বৰদোৱা সাংস্কৃতিক প্ৰকল্পৰ পৰিকল্পনাতো শিল্পী নুৰুদ্দিন আহমেদে এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। অসমীয়া শিল্প আৰু সংস্কৃতিৰ ওপৰত থকা তেওঁৰ গভীৰ জ্ঞানেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰম্পৰা সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে তেওঁ এই প্ৰকল্পৰ শিল্পী দৃষ্টি নিৰ্দেশনা প্ৰদান কৰিছে। য’ত শংকৰদেৱৰ জীৱন আৰু শিক্ষা প্ৰদৰ্শনৰ বাবে ভিত্তি, প্ৰদৰ্শনী আৰু কাৰ্যসূচীসমূহৰ ধাৰণা প্ৰস্তুত কৰা হৈছে। তেওঁৰ অৱদানৰ কেন্দ্ৰ আছিল সত্রীয়া নৃত্য, সংগীত আৰু নাট্যকলা উজ্জীৱন আৰু প্ৰচাৰ, লগতে স্থানীয় শিল্পী আৰু যুৱ প্ৰজন্মক জড়িত কৰোৱা। সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰাহালয় পৰিকল্পনাত পৰামৰ্শ আগবঢ়াই তেওঁ বহুমুখী অৱদানে বৰদোৱা প্ৰকল্পক এক জীৱন্ত সাংস্কৃতিক সংৰক্ষণ, শিক্ষা আৰু শিল্পী প্ৰদৰ্শনৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে।

সঁচাকৈ, এনে এজন বহুমুখী প্ৰতিভাধৰ শিল্পী নুৰুদ্দিন আহমেদক ভাৰতৰ সৰ্বাধিক সন্মানিত ২০২৬ বৰ্ষৰ পদ্মশ্ৰী বঁটা লাভে তেওঁক এক উচ্চ এক শাৰীলৈ নিলে! এই সন্মানে কেৱল তেওঁৰ শিল্পী উৎকৃষ্টতাকেই স্বীকৃতি দিয়া নহয়, বৰং সাংস্কৃতিক সম্প্ৰীতি সুদৃঢ় কৰা, বৈচিত্ৰ্যক আঁকোৱালি লোৱা আৰু ৰাষ্ট্ৰীয় মঞ্চত অসমীয়া শিল্প আৰু পৰিচয়ক উদ্ভাসিত কৰাত তেওঁৰ গুৰুত্বপূৰ্ণ ভূমিকাকো উদযাপন কৰিছে।

শিল্প সাধনাৰ প্ৰতি অটুট নিষ্ঠা, লগতে অতি প্ৰাসংগিক আৰু সৃজনশীল দৃষ্টিভংগীৰ সংমিশ্ৰণে কেনেদৰে দীৰ্ঘস্থায়ী সাংস্কৃতিক প্ৰভাৱ গঢ়ি তুলিব পাৰে, নুৰুদ্দিনৰ জীৱন আৰু কর্মই তাৰেই এক প্ৰেৰণাদায়ক দৃষ্টান্ত আজি আমাৰ আগত দাঙি ধৰিছে। সম্প্ৰতি দ্ৰুত পৰিৱৰ্তনশীল বিশ্বত, য’ত শিল্প আৰু পৰম্পৰা প্ৰায়ে নিজৰ উপস্থিতি ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে, তেনে সময়ত নুৰুদ্দিনৰ কীৰ্তিসমূহে কল্পনা, সমাজিক একাত্মতা আৰু অংশীদাৰী ঐতিহ্যৰ অম্লান শক্তিৰ কথাকেই সদায় আমাক কয়।

লগতে পঢ়কঃ Nuruddin Ahmed Snub: উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ নাপালে গুৰু আসনৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে


Advertisement