Nuruddin Ahmed SnubNuruddin Ahmed Snub: উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ নাপালে গুৰু আসনৰ ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদে

গুৱাহাটীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সম্প্ৰীতিৰ অনন্য আদৰ্শক প্ৰতিভাত কৰি সোমবাৰে উদ্বোধন হোৱা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা আবিৰ্ভাৱ ক্ষেত্ৰৰ গুৰু আসন নিৰ্মাণ কৰি উলিয়াইছে এজন ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে। নিজকে মুছলমান বুলি পৰিচয় দিয়াতকৈ অসমক ভালপোৱা এজন খাটি অসমীয়া শিল্পী বুলি পৰিচয় দি ভালপোৱা এই ব্যক্তিজন হৈছে অসমৰ বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ (Nuruddin Ahmed Snub)।

নুৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই পুত্ৰই বৰদোৱাৰ নৱ নিৰ্মিত সাংস্কৃতিক প্ৰকল্পত গুৰু আসন, কৃষ্ণ লীলা, ভগৱান বিষ্ণুৰ দশাৱতাৰৰ ভাস্কৰ্য নিৰ্মাণ কৰিছে। কিন্তু এই নুৰুদ্দিন আহমেদ তথা তেওঁৰ পুত্ৰদ্বয়েই অনিমন্ত্ৰিত হৈ থাকিল বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প তথা আবিৰ্ভাৱ ক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানলৈ (Religious Harmony Assam)। অৱশ্যে ইয়াৰ বাবে কোনো আক্ষেপ নাই আজন্ম শিল্পীজনৰ ((Batadrava Cultural Project)।

উল্লেখযোগ্য যে, বিশিষ্ট ভাস্কৰ্য শিল্পী জনে কেৱল বটদ্ৰৱাৰ নৱনিৰ্মিত সাংস্কৃতিক প্ৰকল্পৰ গুৰু আসনৰ উপৰিও পূৰ্বতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূৰ্তি সমূহৰ প্ৰায় ৮০ শতাংশৰে কাম তেওঁ কৰিছিল। তদুপৰি তেওঁৰ নেতৃত্বতে দিল্লীত গণৰাজ্য দিৱসৰ অসমৰ প্ৰতীকপট কেইবাবছৰো উপস্থাপন হৈছিল। ইয়াৰ উপৰিও অসমীয়া ছবিজগতৰ বহু চলচ্চিত্ৰৰো কলা নিৰ্দেশনা নুৰুদ্দিন আহমেদৰে। গুৱাহাটীৰ বহুকেইখন দুৰ্গা সমিতিৰ দুৰ্গা পূজাৰ প্ৰতিমাও তেওঁ নিৰ্মাণ কৰে। আশ্বৰ্যকৰ কথা যে, বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানৰ তদাৰকৰ দায়িত্বত থকা সংশ্লিষ্ট পক্ষৰ দায়িত্বহীনতাৰ বাবেই সাংস্কৃতিক প্ৰকল্পটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি ইয়াক উপভোগ কৰাৰ সৌভাগ্যৰ পৰা বঞ্চিত হ’ল প্ৰকল্পটোৰ গুৰু আসনকে ধৰি অন্য ভাস্কৰ্য নিৰ্মাণ কৰা বিশিষ্ট শিল্পীজন (Sankardeva Heritage)।

জানিব পৰা মতে, বিশিষ্ট শিল্পীজনে অনুষ্ঠানটোৰ আমন্ত্ৰণী তথা প্ৰৱেশ পত্ৰখনেই লাভ নকৰিলে। ‘দ্যা নিউজ চৰ্ছৰ’ তৰফৰ পৰা বিশিষ্ট শিল্পীজনৰ লগত গুৰু আসন নিৰ্মাণৰ প্ৰসংগত জানিবৰ বাবে দূৰভাষ যোগেদি যোগাযোগ কৰা হৈছিল। তেওঁ গুৱাহাটীতে থকা বুলি জনোৱাত উদ্বোধনী অনুষ্ঠানলৈ কিয় অহা নাই বুলি ‘দ্যা নিউজ চৰ্ছৰ’ তৰফৰ পৰা প্ৰশ্ন কৰা হৈছিল। তেতিয়া বিশিষ্ট শিল্পীজনে Pass অৰ্থাৎ প্ৰৱেশ পত্ৰ লাভ নাই পোৱা বুলি মন্তব্য কৰিছিল। অৱশ্যে ইয়াক লৈ শিল্পীজনে আক্ষেপ কৰা নাই বুলিও জনায়।

কিন্তু শিল্পীজনে আক্ষেপ নকৰিলেও এনে এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানলৈ গুৰু আসনৰ চিত্ৰ তথা অন্য ভাস্কৰৰ্য নিৰ্মাণ কৰা অসমৰ পৰিচিত কলা নিৰ্দেশক জনে আমন্ত্ৰণ নোপোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৎপৰ্যপূৰ্ণ যে যিটো অনুষ্ঠানলৈ চৰকাৰখনৰ মন্ত্ৰী-বিধায়ক, প্ৰশাসনৰ আমোলা-বিষয়া তথা স্থানীয় বিশিষ্ট ব্যক্তিকে ধৰি সাধাৰণ নাগৰিকো আমন্ত্ৰিত হৈছে তেনে এটা অনুষ্ঠানলৈ নুৰুদ্দিন আহমেদে কিয় আমন্ত্ৰণ তথা অনুষ্ঠানৰ প্ৰৱেশ পত্ৰ লাভ নকৰিলে সেইটো প্ৰশ্নৰ বিষয় হিচাপে ব্যাপক চৰ্চা আৰম্ভ হৈছে।

উল্লেখযোগ্য যে, নুৰুদ্দিন আহমেদ তথা তেওঁৰ দুই পুত্ৰ ৰাজ আহমেদ আৰু দ্বীপ আহমেদে ভাগৱত, কীৰ্তন, চিত্ৰ ভাগৱত অধ্যয়নৰ লগতে বিভিন্নজনৰ দিশা পৰামৰ্শ গ্ৰহণ কৰি গুৰু আসন, কৃষ্ণ লীলাকে ধৰি অন্য ভাস্কৰ্য নিৰ্মাণ তথা চিত্ৰ অংকন কৰিছে। আহমেদ আৰু তেওঁৰ পুত্ৰদ্বয়ে বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পত ভগৱান বিষ্ণুৰ দশাৱতাৰ, শ্ৰীকৃষ্ণৰ ৰাসলীলা মূৰ্তি আদি চিত্ৰায়িত কৰিছে ।

তদুপৰি ভগৱান শ্ৰীৰামৰ মূল ভক্ত হনুমান , গড়ুড় পক্ষীও তেওঁলোকে নিৰ্মাণ কৰিছে। দ্যা নিউজ চৰ্ছৰ আগত তেওঁ কয়- ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি ৰাজীক বাস্তৱৰূপ দিয়াটো কঠিন কাম। কিন্তু তথাপিও যিমান পাৰো চেষ্টা কৰিছো।’ বটদ্ৰৱা প্ৰকল্প স্থলীত জনগোষ্ঠীয় সংস্কৃতি প্ৰতিফলিত কৰা চিত্ৰ-ভাস্কৰ্য আহমেদ আৰু তেওঁৰ পুত্ৰদ্বয়ে প্ৰস্তুত কৰিছে।

তাৎপৰ্যপূৰ্ণ যে, যি সময়ত অসমত সন্দেহ তথা সাম্প্ৰদায়িকতাৰ বাতাবৰণে বিৰাজ কৰিছে সেই সময়ত নুৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই পুত্ৰই অসমীয়াৰ স্বাভিমান জড়িত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ গুৰু আসন তথা অন্য ভাস্কৰ্য নিৰ্মাণ কৰা কাৰ্যই গুৰুজনাৰ বৰ অসম গঢ়া তথা সাতামপুৰুষীয়া সম্প্ৰীতিৰ আদৰ্শকে প্ৰতিফলিত কৰিছে।

লগতে পঢ়কঃ Batadrava Project Inauguration: বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ


Advertisement