ইন্টাৰনেশ্যনেল ডেস্কঃ বিগত কিছুদিন ধৰি বাংলাদেশৰ ৰাজনীতি তথা সমাজ জীৱনত তোলপাৰ লগাই থকা দেশখনৰ কট্টৰপন্থী নেতা ওচমান হাদিৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ফয়ছল কৰিম মোচাড আৰু আলমগিৰ শেখক পলায়নত সহযোগ কৰা দুজন লোকক মেঘালয় আৰক্ষীয়ে আটক কৰিছে(Osman Hadi murder case) । দেওবাৰে ঢাকা মহানগৰ আৰক্ষী (DMP)ৰ অতিৰিক্ত আয়ুক্ত মঃ নজৰুল ইছলামে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে।
দেওবাৰে (২৮ ডিচেম্বৰ) ৰাজধানীৰ মিন্টো ৰোডত হাদি হত্যা গোচৰৰ তদন্তৰ অগ্ৰগতি সম্পৰ্কে দিয়া মন্তব্যত তেওঁ এই তথ্য প্ৰকাশ কৰে । ঢাকা মহানগৰ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়াজনে উল্লেখ কৰা মতে- হাদি হত্যা গোচৰৰ মূল অভিযুক্ত ফয়ছল কৰিম মোচাদ ভাৰতৰ মেঘালয়লৈ পলাই গৈছে (Osman Hadi killing)। অনানুষ্ঠানিক সূত্ৰৰ পৰা পোৱা খবৰ মতে মেঘালয় আৰক্ষীয়ে তেওঁক সহায় কৰা দুজন লোকক ইতিমধ্যে আটক কৰিছে । দ্যা ডেইলি ষ্টাৰ ( The Daily Star) নামৰ সংবাদ পত্ৰত ইছলামৰ উদ্ধৃতিৰে উল্লেখ কৰিছে এনেদৰে- তথ্য অনুসাৰে, সন্দেহযুক্ত অভিযুক্ত কেইজন হালুয়াঘাট সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল । সীমান্ত পাৰ হোৱাৰ পাছত প্ৰথমে ‘পুৰ্তি’ নামৰ এজন ব্যক্তিয়ে তেওঁলোকক গ্ৰহণ কৰে । তাৰ পিছত ‘ছামি’ নামৰ এজন টেক্সি চালকে তেওঁলোকক মেঘালয়ৰ তুৰা চহৰলৈ লৈ যায় ।
সংবাদ পত্ৰখনত শীৰ্ষ আৰক্ষী বিষয়াজনৰ উদ্ধৃতিৰে লগতে উল্লেখ কৰিছে যে – ‘পলাই থকা সন্দেহজনক অভিযুক্ত কেইজনক সহায় কৰা পুৰ্তি আৰু ছামি নামৰ লোকদুজনক ভাৰতৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে বুলি ঢাকা আৰক্ষীয়ে অনানুষ্ঠানিকভাবে জানিব পাৰিছে । তেওঁ কয় যে- সমগ্ৰ বিষয়টোৰ সম্পৰ্কত ভাৰতীয় কৰ্তৃপক্ষৰ সৈতে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা মাধ্যমৰ জৰিয়তে যোগাযোগ অব্যাহত ৰখা হৈছে । শীৰ্ষ আৰক্ষী বিষয়াজনে উল্লেখ কৰে যে, “গোচৰটোৰ তদন্ত প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছো । আশা কৰিছোঁ, আগন্তুক ১০ দিনৰ ভিতৰত আমি অভিযোগনামা (চাৰ্জশ্বিট) দাখিল কৰিবলৈ সক্ষম হ’ম।”
তেওঁ হত্যাকাণ্ডৰ মূল কাৰণ আৰু পৰিকল্পনাকাৰীসকলৰ বিষয়ে কোনো স্পষ্ট তথ্য তেওঁ প্ৰকাশ কৰিব নোৱাৰিলে(Bangladesh political murder)। আৰক্ষী বিষয়াজনে কয় যে, যিহেতু মূল অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা হোৱা নাই । সেয়েহে হত্যাৰ উদ্দেশ্য (মোটিভ) এতিয়াও নিশ্চিত কৰা হোৱা নাই । অৱশ্যে ভাৰতলৈ হাদিৰ হত্যাকাৰী পলাই যোৱা বা পলায়নত সহায় কৰা সহযোগীক আটক কৰা বুলি বাংলাদেশ আৰক্ষীৰ শীৰ্ষ বিষয়াজনে কৰা মন্তব্যক সত্যতা স্বীকাৰ কৰা নাই মেঘালয় আৰক্ষীয়ে। বৰঞ্চ এই বাতৰিক অস্বীকাৰ কৰিছে মেঘালয় আৰক্ষীৰ শীৰ্ষ বিষয়া তথা সীমা সুৰক্ষা বল (BSF)এ।
মেঘালয়ৰ আৰক্ষী মহানিৰ্দেশকে (ডিজিপি) সংবাদ মাধ্যমক কোনো ধৰণৰ লোকক আটক কৰা নাই বুলি মন্তব্য কৰে । একেদৰে সীমান্ত সুৰক্ষা বলে (BSF)-এই খবৰটো ভুৱা বুলি উল্লেখ কৰিছে(India Bangladesh border issue)।
উল্লেখযোগ্য যে, যোৱা ১২ ডিচেম্বৰত ওচমান হাদিক দুৰ্বৃত্তই গুলী কৰি আহত কৰিছিল। প্ৰথমে তেওঁক ঢাকা মেডিকেল কলেজ হাস্পতাললৈ লৈ নিয়া হয় । অৱস্থাৰ উন্নতি নোহোৱাত পাছত তেওঁক ৰাজধানীৰ এভাৰকেয়াৰ হাস্পতাললৈ স্থানান্তৰ কৰা হয় । তাৰ পাছত অধিক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সযোগে চিংগাপুৰলৈ পঠিওৱা হয় । কিন্তু ১৮ ডিচেম্বৰৰ নিশা চিঙ্গাপুৰ জেনেৰেল হাস্পতালত তেওঁৰ মৃত্যু হয়। তাৎপৰ্যপূৰ্ণ যে ওচমান হাদি হৈছে বাংলাদেশী সংগঠন ইনকিলাব মঞ্চৰ নেতা । ২০২৪ চনৰ জুলাই মাহত সংঘটিত বাংলাদেশ অভ্যুত্থানত এই সংগঠনে নেতৃত্ব লৈছিল ।
বাংলাদেশৰ জলাকাথি জিলাত জন্মগ্ৰহণ কৰা ওচমান হাদিয়ে ২০২৬ চনৰ বাংলাদেশ নিৰ্বাচনত ঢাকা-৮ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল । ওচমান হাদিৰ হত্যাৰ সম্পৰ্কত আৰক্ষীয়ে ফয়ছল কৰিম মোচাড আৰু আলমগিৰ শেখ নামৰ দুজন হত্যাকাৰীক চিনাক্ত কৰিছিল । তেওঁলোক দুজনে নিজকে আৱামী লীগৰ বুলি পৰিচয় দিছিল । হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি বাংলাদেশত গণ অভ্যুত্থানৰ সৃষ্টি হয় । আনকি কট্টৰপন্থী একাংশ বাংলাদেশী নেতাই ভাৰত বিদ্বেষী মন্তব্য কৰাৰ লগতে দুজনকৈ হিন্দু লোককো হত্যা কৰিছিল । ভাৰততো কট্টৰপন্থী বাংলাদেশী নেতাৰ এনে দুস্কাৰ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছিল । বৰ্তমানেও ভাৰতবৰ্ষত কট্টৰপন্থী বাংলাদেশী নেতাৰ ভাৰতবিৰোধী মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।
লগতে পঢ়ক: India Bangladesh border security: ভাৰত-বাংলাদেশ সীমান্তৰ প্ৰতি ভাৰতীয় সেনাৰ সতৰ্ক দৃষ্টি

