Parthajit Barua World Book Fair 2026World Book Fair 2026 ৰ আলোচনা চক্ৰলৈ পাৰ্থজিৎ বৰুৱাক আমন্ত্ৰণ

নগাঁওঃ নিউ দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ-২০২৬ লৈ প্ৰসিদ্ধ চলচ্চিত্ৰ ইতিহাসবিদ আৰু চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাক “ইউনিফৰ্ম অন স্ক্ৰিন : পট্ৰায়েল অফ ইণ্ডিয়ান মিলিটেৰী ইন চিনেমা” শীৰ্ষক বিষয়ত বক্তৃতা দিয়াৰ বাবে আমন্ত্ৰণ জনাইছে (Parthajit Barua World Book Fair 2026) ৷

এই অনুষ্ঠানটো ২০২৬ চনৰ ১৬ জানুৱাৰী তাৰিখে দিনৰ ১২ বজাত, নিউ দিল্লীৰ বৰ্ল্ড বুক ফেয়াৰৰ ভাৰত মণ্ডপম কমপ্লেক্সত অনুষ্ঠিত হ’ব ৷ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ অধীনত ভাৰতৰ আগশাৰীৰ পাব্লিকেশ্বন ‘নেশ্বনেল বুক ট্ৰাষ্টে’ এই অনুষ্ঠানৰ আয়োজন কৰিছে (Indian Military in Cinema) ৷

ভাৰত চৰকাৰে ২০২৬ চনৰ ১০ৰ পৰা ১৮ জানুৱাৰীলৈকে নিউ দিল্লীৰ ভাৰত মণ্ডপম কমপ্লেক্সত “নিউ দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ [এন ডি ডব্লিউ বি এফ] -২০২৬” আয়োজন কৰিছে (World Book Fair 2026 New Delhi) ৷

বিশ্বৰ আটাইতকৈ ডাঙৰ ‘বি টু চি’ বুক ফেয়াৰ হিচাপে পৰিগণিত ‘এন ডি ডব্লিউ বি এফ’, ইয়াৰ বৃহৎ সংখ্যক দৰ্শক, বিভিন্ন শাখা, ভাষা আৰু দেশৰ অগণন কিতাপ আৰু মনোমোহা সাহিত্যিক তথা সাংস্কৃতিক অনুষ্ঠানৰ বাবে জনাজাত৷ এই বছৰ ৫৩তম বুক ফেয়াৰৰ থীম হৈছে “ইণ্ডিয়ান মিলিটেৰী হিষ্টৰি : ভেলৰ এণ্ড উইছডম@৭৫৷

বিশেষভাৱে সাজ-পোছাক কৰা থীম পেভিলিয়নত, ভাৰতৰ বিভিন্ন ৰাজ্যৰ উৎকৃষ্ট চিন্তাবিদসকলে ভাৰতীয় সেনাৰ গৌৰৱময় ইতিহাস উন্মোচন কৰিব (National Book Trust India)৷

এই পৰিপ্ৰেক্ষিতত পাৰ্থজিৎ বৰুৱাক ২০২৬ চনৰ ১৬ জানুৱাৰী তাৰিখে দিনৰ ১২ বজাত “ইউনিফৰ্ম অন স্ক্ৰিন : পট্ৰায়েল অফ ইণ্ডিয়ান মিলিটেৰী ইন চিনেমা” শীৰ্ষক এক অডিঅ’-ভিজুৱেল প্ৰেজেন্টেশ‍্যনৰ বাবে ভাৰত মণ্ডপম কমপ্লেক্সত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনোৱাটো অসমৰ বাবে এটা ভাল খবৰ (Assam Film Historian)৷

পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থঃ

এগৰাকী চলচ্চিত্ৰ সমালোচক হিচাপেও খ্যাতি থকা পাৰ্থজিৎ বৰুৱাৰ গ্ৰন্থ সমূহ হৈছে
এ হিষ্ট্ৰী অৱ ইণ্ডিয়াজ নৰ্থ ইষ্ট চিনেমা, ফেচ টু ফেচ, দ্যা চিনেমা অৱ আদুৰ গোপাল কৃষ্ণণ, জ্যোতিপ্ৰসাদ, জয়মতী, ইন্দ্ৰমালতী এণ্ড বিয়ণ্ড (ক্ৰান্তিকাল প্ৰকাশন)

বৰুৱাৰ পূৰ্ণ দৈৰ্ঘ্যৰ ছবিঃ

পাৰ্থজিৎ বৰুৱাই ২০২৪ চনত নেলী কাণ্ডৰ ওপৰত গৱেষণামূলক ভাবে এখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰিছে। তেওঁ পৰিচালনা তথা প্ৰযোজনা কৰা চলচ্চিত্ৰখন হৈছে নেলীৰ কথা

পাৰ্থজিৎ বৰুৱাই পৰিচালনা কৰা তথ্য চিত্ৰ সমূহ:

পাৰ্থজিৎ বৰুৱাই ধেমাজিৰ আলফাৰ বোমা বিস্ফোৰণ ঘটনাক আলমলৈ দ্যা ধেমাজি ট্ৰেজেডী নামৰ এখন তথ্য চিত্ৰ নিৰ্মাণ কৰিছিল।

তদুপৰি ৰীমা পাংগিং, লক্ষ্মী ওৰাংঃ ৰাইজিং ফ্ৰম দ্যা গ্ৰেভ, নগাঁওঃ এ লেণ্ড অৱ ডাইভাৰছিটি, এ এফ ৰেলৱেঃ লাইফ লাইন অৱ এন ই পিপল, ডিনাম উইথ বিবেক, কিয়াৰ’স্কুৰ, ব্ৰেকিং দ্যা চাইলেন্স, দ্যা চিলড্ৰেন অৱ গড, ইন চাৰ্ছ অৱ জ্যোতি ককাইদেউ আদি তেওঁৰ উল্লেখযোগ্য তথ্য চিত্ৰ । এই তথ্য চিত্ৰ সমূহে বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত অংশগ্ৰহণ কৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক: বর্ডাৰ 2: এক ৰাষ্ট্ৰ, এক অনুভৱ, এক প্ৰশ্ন—घर कब आओगे


Advertisement