নগাঁওঃ নগাঁৱৰ জীয়ৰী পিংগলিকা বৰকটকীলৈ তেওঁৰ গ্ৰন্থ Loneliness: A Matter of Choice ৰ বাবে মানসিক স্বাস্থ্য শিতানত শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে চিহ্নিত কৰি প্ৰতিষ্ঠিত সাহিত্য সংগঠন স্পৰ্শই ‘সাহিত্য বঁটা ‘স্পৰ্শ’-৩ প্ৰদান কৰিছে (Sparsha-3 Literary Award)। এই বঁটা দেশৰ স্বীকৃত আৰু সন্মানীয় সাহিত্য প্ৰতিষ্ঠান সাহিত্য স্পৰ্শ সংগঠনৰ দ্বাৰা ঘোষণা কৰা হয় । এই সংগঠনটোৱে বিভিন্ন শাখাত উৎকৃষ্ট সাহিত্যিক অৱদানক স্বীকৃতি প্ৰদান কৰি আহিছে।
পিংগলিকা বৰকটকীৰ গ্ৰন্থখন মানসিক স্বাস্থ্য শিতানৰ শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে স্বীকৃতি দিয়া হৈছে। বঁটা ঘোষণা কৰাৰ সময়ত বিচাৰক মণ্ডলীয়ে উল্লেখ কৰে যে, এই সন্মান লেখিকাৰ অসাধাৰণ সাহিত্যিক অৱদান, অবিচল নিষ্ঠা আৰু সমকালীন বিশ্ব সাহিত্যত তেখেতৰ গভীৰ প্ৰভাৱৰ স্বীকৃতি স্বৰূপ (Assamese writer won literary award)। নিঃসঙ্গতা আৰু মানসিক স্বাস্থ্যৰ দৰে সংবেদনশীল বিষয়ক গভীৰ সহানুভূতি আৰু সূক্ষ্ম বিশ্লেষণৰ সৈতে উপস্থাপন কৰি শ্ৰীমতী বৰকটকীয়ে সাহিত্য জগতক সমৃদ্ধ কৰাৰ লগতে সমাজত প্ৰায়ে অৱহেলিত এটা গুৰুত্বপূৰ্ণ বিষয়ক পাঠকৰ সন্মুখলৈ লৈ আহিছে (Mental health book India)।
বঁটা প্ৰশস্তি-পত্ৰত আৰু কোৱা হৈছে যে Loneliness: A Matter of Choice গ্ৰন্থখনে বিশ্বৰ অসংখ্য পাঠকক অনুপ্ৰাণিত কৰিছে আৰু মানসিক সুস্থতাৰ ক্ষেত্ৰত সহানুভূতি আৰু এক নতুন দৃষ্টিভংগী আগবঢ়াইছে । চিন্তাশীল বৰ্ণনা, বিশ্লেষণৰ গভীৰতা আৰু মানৱিক দৃষ্টিভংগীৰ বাবে এই গ্ৰন্থখন মানসিক স্বাস্থ্য সাহিত্যত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে বিবেচিত হৈছে।
এই সন্মানে পিংগলিকা বৰকটকীৰ সাহিত্যিক জীৱনত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱাৰ লগতে নগাঁও আৰু সমগ্ৰ অসমৰ সাহিত্য সমাজলৈও গৌৰৱ কঢ়িয়াই আনিছে। সাহিত্য মহল আৰু পাঠক সমাজে এই স্বীকৃতিক সাহিত্যিক উৎকৃষ্টতা আৰু সামাজিক প্ৰাসংগিকতাৰ এক যোগ্য সন্মান বুলি আদৰণি জনাইছে(Nagaon writer news) ।
লগতে পঢ়ক: নদীৰ পাৰতে প্ৰাচীন সভ্যতা গঢ় লৈ উঠিছিল -ড : শৰৎ বৰকটকী

