নগাঁওঃ আগন্তক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰকমুহূৰ্ত এটা মাহৰ ভিতৰত দুবাৰকৈ অসম ভ্ৰমণলৈ আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Narendra Modi Assam Visit)। ডিচেম্বৰ দুদিনীয়া ভ্ৰমনসূচীৰে অসমলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চর্চা, অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগয়ে নামৰূপ সাৰ কাৰখানাৰ ভূমি পূজন কৰাৰ উপৰিও কেবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ এটা মাহৰ ভিতৰত পুনৰ দুদিনীয়া ভ্ৰমনসূচীৰে শনিবাৰে গুৱাহাটীত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
শনিবাৰে গুৱাহাটীত বিশ্ব অভিলেখ গঢ়াৰ বাবে অনুষ্ঠিত হোৱা বড়ো জনগোষ্ঠীয়ে নৃত্য বাগুৰুম্বা দহৌ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত দেওবাৰে কাজিৰঙাৰ এলিভেটেড কৰিডৰ ভূমি পূজন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
কলিয়াবৰৰ মৌচন্দা পথাৰৰ পৰাই কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰি এক বিশাল জনসভাও সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
এলিভেটেড কৰিডৰৰ সবিশেষ:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা পথৰ ওপৰেৰে যাতায়ত কৰা যান বাহনৰ খুন্দাত মৃত্যু হোৱাৰ পৰা বন্য জীৱকুলক সুৰক্ষা দিয়াৰ লগতে লিমিটেড গতিৰে পাৰ পাৰ হ’বলগীয়া যান বাহনৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰেৰে উৰণ সেঁতু (এলিভেটেড কৰিডৰ) নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। কলিয়াবৰৰ পৰা বোকাখাটলৈকে ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰৰ দেওবাৰে আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যেই ৬,৯৫৭ কোটি অনুনোদন দিছে। এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিবিদা প্ৰক্রিয়াও চূড়ান্ত কৰা বুলিও জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
দেওবাৰে কাজিৰঙা এলিভেটেড কৰিডৰ আধাৰশিলা স্থাপন কৰি কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হোৱা বিশাল জনসভা সম্বোধন কৰি বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত হোৱা উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে।
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰীসকলো উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কলিয়াবৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় মন্ত্ৰী কেশৱ মহন্তৰ লগতে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, আৰক্ষী অধীক্ষক স্ৱপ্ননীল ডেকাই।
লগতে পঢ়কঃ ২০২৬ ত চৰকাৰ গঠন কৰি উপহাৰ দিয়া হ’ব প্ৰধানমন্ত্ৰীকঃ হিমন্ত বিশ্ব শৰ্মা
