নামৰূপ: দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে দেওবাৰে (২১ ডিচেম্বৰ,২০২৫) অসমৰ বহু প্রতীক্ষিত নামৰূপ এম’নিয়া-ইউৰিয়া প্ৰকল্পৰ ভূমি পূজন কৰে(Namrup Ammonia Urea Project) । ভূমিপূজনৰ পিচত অনুষ্ঠিত সভাত প্ৰধানমন্ত্ৰীয়ে ভাষন দি কয়, ‘এই নামৰূপ সাৰকাৰখানাই বহু যুগ ধৰি সাৰ উৎপাদন কৰি আহিছে। এসময়ত ইয়াত উৎপাদিত সাৰে শস্যত শক্তি যোগাইছিল। কিন্তু পুৰণি কাৰখানাৰ টেকনলজি সময়ৰ লগে লগে পুৰণিহৈ গ’ল কংগ্ৰেছ চৰকাৰে কোনো গুৰুত্ব নিদিলে । ইয়াৰ ফলত নামৰূপ সাৰকাৰখানাৰ বহু ইউনিট বন্ধ হৈ পৰিল । গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কৃষক অসুবিধাৰ সন্মুখীন হয় । দেশৰ কৃষকৰো অসুবিধা হয়। উৎপাদনত সমস্যাৰ সৃষ্টি হয়। কিন্তু কংগ্ৰেছে এই সমস্যাৰ কোনো সমাধান নকৰিলে । বৰ্তমান আমাৰ ডবল ইঞ্জিন চৰকাৰে কংগ্ৰেছে উৎপন্ন কৰা সমস্যাৰো সমাধান কৰিছে (Namrup Fertilizer Plant Foundation Stone) ।’
কংগ্ৰেছৰ দিনত দেশৰ অন্য স্থানত সাৰ কাৰখানা বন্ধহৈ পৰিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীৰ মন্তব্য-‘ কংগ্ৰেছৰ দিনত ইউৰিয়াৰ বাবে কৃষকে শাৰী পাতিব লাগে । ইউৰিয়া সাৰৰ দোকানত আৰক্ষী মোতায়েন কৰিব লাগে । আৰক্ষীয়ে কৃষকৰ ওপৰত লাঠি চালনা কৰে । কংগ্ৰেছে যি পৰিস্থিতি বেয়া কৰিছিল বিজেপিয়ে সেই পৰিস্থিতি উন্নত কৰিবলৈ সৰ্বশক্তি লগাইছে। কংগ্ৰেছে ইমান বেয়া কাম কৰিলে ইয়াক সংশোধনৰ বাবে যে ১২ বছৰ কষ্ট কৰাৰ পিচতো বহুত কাম কৰিবলৈ বাকী আছে । কংগ্ৰেছৰ দিনত সাৰকাৰখানা বন্ধ হৈছিল। আমাৰ চৰকাৰে বিভিন্ন স্থানত সাৰকাৰখানা আৰম্ভ কৰিছে । ব্যক্তিগতখণ্ডকো আমন্ত্ৰণ কৰা হৈছে । সেয়ে ইউৰিয়া উৎপাদনৰ ক্ষেত্ৰত অনাগত সময়ত আমি আত্মনিৰ্ভৰশিল হম । ২০১৪ চনত দেশত দুশ ২৫ লাখ মেট্ৰিকটন ইউৰিয়া উৎপাদন হৈছিল । বৰ্তমান আমাক প্ৰতিবছৰে তিনিশ ৮০ লাখ মেট্ৰিকটন ইউৰিয়াৰ প্ৰয়োজন । আমি ৩০৬ লাখ মেট্ৰিকটনৰ ওচৰ চাপিছো(Urea Production in India) । ৭০-৮০ লাখ মেট্ৰিকটন আৰু উৎপাদন কৰিব লাগিব। কিন্তু মই প্ৰতিশ্ৰুতি দিছো আমি যিদৰে কষ্ট কৰিছো, আচনি প্ৰস্তুত কৰিছো, কৃষক সকলৰ আশীৰ্বাদ আছে এই দূৰত্ব আঁতৰাবলৈ সক্ষম হম।’ (PM Modi Assam Visit 2025)
ৰাষ্ট্ৰপতি পুটিনক অসমৰ ক’লা চাহ উপহাৰ মোডীৰঃ
ৰাষ্ট্ৰপতি পুটিনক গৌৰৱৰে অসমৰ ক’লা চাহ উপহাৰ দিয়াৰ কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰীৰ মন্তব্য- ‘চাহৰ সুগন্ধই অসমৰ প্ৰতি মোৰ এক পৃথক অনুভৱ আনি দিয়ে । নামৰূপ আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে আজি এক বৈচিত্ৰ্যপূৰ্ণ দিন ।আজি এই সমগ্ৰ অঞ্চলত প্ৰগতিৰ নতুন অধ্যায় আৰম্ভ হৈছে । অসমে প্ৰগতিৰ এক নতুন গতি লৈছে ।বৰ্তমান আপোনালোকে যি দেখিছে বা অনুভৱ কৰিছে এইয়া আৰম্ভণিহে আমি অসমক বহু আগলৈ নিব লাগিব। আপোনালোক সকলোকে লগতলৈ আগবাঢ়িব লাগিব । আহোম সাম্ৰাজ্যৰ সময়ত অসমৰ যি শক্তি আছিল বিকশিত ভাৰততো অসমে একেই শক্তি দেখুৱাব । নতুন বিকাশ, আধুনিক আন্তঃ গাঠনি, চেমি কণ্ডাক্টৰ, চাহবাগানৰ উন্নতি পৰ্যটনৰ উন্নতি অসম সকলো ক্ষেত্ৰতে আগবাঢ়ি গৈছে (Assam Industrial Development News)। দেশৰ কৃষক সকলক এই আধুনিক সাৰখানাৰ বাবে বহুত শুভকামনা । গুৱাহাটী বিমান বন্দৰৰ নতুন টাৰ্মিনেলৰ বাবেও ধন্যবাদ। বিজেপিৰ ডবল ইঞ্জিন চৰকাৰে উদ্যোগ আৰু সংযোগৰ যুগলবন্দী একেলগে সম্পূৰ্ণ কৰিছে । আমাৰ যুৱ প্ৰজন্মক । নতুন সপোন দেখাৰ বাবে অনুপ্ৰাণিত কৰিছে। বিকশিত ভাৰতত দেশৰ কৃষকৰ বহুত ডাঙৰ ভূমিকা আছে । সেয়ে বিজেপি চৰকাৰে কৃষকৰ উপকাৰ আগত ৰাখি দিনে ৰাতিয়ে কাম কৰিছে । এই সাৰখানাত যেতিয়া উৎপাদন হব তেতিয়া যোগান দ্ৰুত হব । নামৰূপৰৰ সাৰকাৰখানাই ৰোজগাৰৰ নতুন সুবিধা দিব। এই প্লান্ট আৰম্ভ হোৱাৰ লগে লগে বহুতে স্থায়ী চাকৰি পাব। স্থানীয় ব্যক্তি তথা নতুন প্ৰজন্ম নিযুক্তি লাভ কৰিব। বিজেপি চৰকাৰৰ অহাৰ পিচতহে কৃষকৰ উন্নয়ন হৈছে।’
দেশ তেতিয়াহে আগবাঢ়িব যদি কৃষক শক্তিশালী হব।
প্ৰধানমন্ত্ৰীয়ে লগতে কয়- ‘ দেশৰ উন্নতিৰ বাবে কৃষকক শক্তিশালী কৰিবলৈ সম্ভৱপৰ সকলো প্ৰচেষ্টা কৰা হব। যি ইউৰিয়া বিদেশৰ পৰা অধিক মূল্যত আনিব লাগে তাৰ বোজাও কৃষকৰ ওপৰত নিদিও। বিজেপি চৰকাৰে ৰাজসাহায্য দি সেই বোজা নিজেই বহন কৰে ।কৃষকে ইউৰিয়াৰ এক বেগৰ বিনিময়ত ৩০০ টকা দিব লাগে। কিন্তু চৰকাৰে বিদেশৰ পৰা ৩ হাজাৰ টকাত ক্ৰয় কৰে।’
মোডীয়ে লগতে কয় -‘কিন্তু আমি পৃথিৱী ভূমিক সুৰক্ষা দিব লাগিব। যদি সুৰক্ষা নিদিও যিমানেই ইউৰিয়া নিদিও কিয় কৃষি ভূমিয়ে আমাক একো নিদিয়ে।’ তেওঁ চাৰিলাখ কোটি টকা দেশৰ কৃষকৰ বেংক একাউন্টত দিয়াৰ কথাও উল্লেখ কৰে।
মই চাহৱালাঃ
প্ৰধানমন্ত্ৰী মোডীয়ে আজি নিজকে চাহৱালা বুলি উল্লেখ কৰে। তেওঁ কয় -‘ বিজেপি চৰকাৰৰ দিনত চাগবাগান এলেকাত ৰাস্তা,স্কুল,হস্পিতেল নিৰ্মাণৰ কৰা হৈছে। অসমৰ ৭ লাখ ৫০ হাজাৰ চাহ শ্ৰমিকৰ জন ধন বেংক একাউণ্ট আৰম্ভ কৰা হয়। কংগ্ৰেছে ইমান বছৰ ধৰি চাহজনগোষ্ঠীৰ লোক সকলক ভূমিৰ অধিকাৰ নিদিলে। কিন্তু বিজেপি চৰকাৰে তেওঁলোকক গৰিমা পূৰ্ণ জীৱন দিছে। ভূমিৰ অধিকাৰ দিছে। মই ‘চাহৱালা। গতিকে মই নকৰিলে কোনে কৰিব। বিজেপি চৰকাৰৰ দিনত দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। অসমৰ সন্মান আৰু পৰিচয় ৰক্ষাৰ বাবে বিজেপি শক্তিশালী ভাবে থিয়হৈ আছে।’-BJP Double Engine Government Assam
অসমত অস্তিত্ব ৰক্ষাৰ মহাৰণঃ হিমন্ত বিশ্ব শৰ্মা
এফালে জাতি মাটি ভেটি ৰক্ষাৰ অটল আনন্দ আৰু আনফালে বিকাশ । এফালে অস্তিত্ব ৰক্ষাৰ মহাৰণ । আমি আমাৰ ৰাজ্যখনক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাৰ চেষ্টা কৰিছো । তাৰ লগতে আমাৰ ৰাজ্যখন ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিবলৈ মোডী ডাঙৰীয়াৰ নেতৃত্বত কাম কৰিছো।- মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।
তেওঁ কয়-‘ কংগ্ৰেছৰ দিনত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক ৰাজ্যসভালৈ পঠিয়াইছিলো । প্ৰধানমন্ত্ৰী কৰিছিলো কিন্তু তেওঁৰ দিনত চেমী কণ্ডাক্টৰ, সাৰকাৰখানাৰ নতুন প্ৰকল্প নহল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমাৰ আবেগক সন্মান জনাই, বিকাশত সহযোগিতা আগবঢ়াই অসমীয়া যুৱকে নতুন দিগন্ত চুব এই বাবে সহযোগিতা আগবঢ়াইছে । চৰাইদেউক বিশ্ব ঐতিহ্য কৰা তথা অসমীয়া ভাষাক ধ্ৰুপদী ভাষা কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰা সহায়ৰ কথাও তেওঁ শ্ৰদ্ধাৰে উল্লেখ কৰে । লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি তথা নতুন প্ৰকল্প মোডীৰ নেতৃত্বত আৰম্ভ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে ।
নৰেন্দ্ৰ মোডী বিশ্বৰ বুকুত সবাতোকৈ জনপ্ৰিয় নেতাঃ সৰ্বানন্দ সোনোৱাল
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী বিশ্বৰ বুকুত সবাতোকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে । তেওঁ শক্তিশালী পদক্ষেপৰে ভাৰতক বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সফল হৈছে ।- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মন্তব্য। তেওঁ কয়-‘ নামৰূপবাসী ৰাইজে প্ৰায় চল্লিছ বছৰ ধৰি নামৰূপত চতুৰ্থটো সাৰকাৰখানা পাবলৈ আবেদন জনাই আহিছিল । সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, নামৰূপ সাৰকাৰখানাৰ শ্ৰমিক সকলেও আবেদন জনাইছিল । কিন্তু কংগ্ৰেছে দীৰ্ঘদিন ধৰি ৰাজত্ব কৰাৰ পিচতো খেতিয়কৰ স্পৰ্শকাতৰ বিষয়টো আওকাণ কৰি থাকিল । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খেতিয়কৰ কথা আন্তৰিকতাৰে উপলব্ধি কৰি চতুৰ্থটো সাৰকাৰখানাৰ গোটৰ আধাৰশিলা স্থাপন কৰিবলৈ আহিছে ।
লগতে পঢ়ক: Viksit Assam Viksit Bharat: বিকশিত অসমেই বিকশিত ভাৰতৰ পথ প্ৰদৰ্শক হ’ব: নৰেন্দ্ৰ মোডী

