pobitora wildlife sanctuary migratory birds mayong assamPobitora Wildlife Sanctuary migratory birds: মায়ঙৰ পবিতৰা অভয়াৰণ্যলৈ বিৰল প্ৰজাতিৰ পৰিভ্ৰমী জলচৰ পক্ষীৰ আগমন

প্ৰণৱ কুমাৰ ভট্টাচাৰ্য, মৰিগাঁওঃ শীতৰ আগমনৰ লগে লগে মৰিগাঁও জিলাৰ মায়ঙৰ পবিতৰা অভয়াৰণ্যলৈ দেশী বিদেশী সহস্ৰাধিক জলচৰ আৰু স্থলচৰ চৰাই চিৰিকটিৰ আগমন ঘটিছে। এটা খর্গযুক্ত গঁড়ৰ অবাধ বিচৰণভূমি হিচাপে বিশেষভাবে চিহ্নিত পবিতৰা অভয়াৰণ্যৰ বিল, খাল আৰু জলাশয়বোৰলৈ প্ৰতিবছৰৰ দৰে এইবাৰো দেশ-বিদেশৰ জাক জাক পৰিভ্ৰমী জলচৰ পক্ষীৰ আগমন ঘটিছে। এই পক্ষীকূলৰ নান্দনিক জলকেলি আৰু কলকাকলিৰে মুখৰ হৈ থকা দেখা গৈছে পবিতৰাৰ অভ্যন্তৰৰ জলাশয়বোৰ (Pobitora Wildlife Sanctuary migratory birds) ।

জৈৱবৈচিত্ৰৰে ভৰপূৰ অভয়াৰণ্যখনৰ মনোমোহা প্রাকৃতিক সৌন্দর্য উপভোগ কৰিবলৈ অহা দর্শনার্থীসকলে অভয়াৰণ্যখনৰ জলাশয়বোৰত নিতৌ পুৱা-গধূলি বিভিন্ন প্রজাতিৰ জলচৰ পক্ষীৰ মুক্ত বিচৰণ দেখি আপ্লুত হোৱা পৰিলক্ষিত হৈছে (Pobitora bird sanctuary)। প্ৰণিধানযোগ্য যে, পবিতৰা অভয়াৰণ্য আৰু নিকটৱৰ্তী জীৱ-বৈচিত্র্যৰে ভৰপূৰ নৈ, বিল, জলাশয় বোৰলৈ বিভিন্ন কাৰণত পূৰ্বৰ তুলনাত বিশেষকৈ পৰিভ্ৰমী চৰাইৰ আগমন যথেষ্ট হ্রাস পোৱাও পৰিলক্ষিত হৈছে।

অভয়াৰণ্যখনত এই জলচৰ পক্ষীবোৰ ক্ৰমাৎ হ্রাস পোৱাৰ প্ৰধান কাৰণ হিচাপে বিবেচিত হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ পৰা হোৱা বানপানীৰ বিশেষ প্ৰভাৱ নপৰাটো। ইয়াৰ ফলত খাদ্যৰ কৃত্ৰিম নাটনিৰ সৃষ্টি হৈছে জলচৰ পক্ষীকূলক মাজত (rare birds in Pobitora) । তদুপৰি অভয়াৰণ্যখনৰ মাজেদি পাৰ হৈ যোৱা মায়ং-কমাৰপুৰ-চামতা সংযোগী ব্যস্ত পথটোৰে প্রতি মুহূর্তত ইটা, বালি কঢ়িয়াই থকা গধুৰ আৰু সৰু-সুৰা যান-বাহনৰ চলাচল বৃদ্ধি আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা শব্দ প্ৰদূষণ।

ইয়াৰ ফলত বিশেষ ভাবে তামুলীডোভা আৰু হাডুক বিল এলেকাত পক্ষীৰ আগমন যথেষ্ট হ্রাস পাইছে। পকৰীয়া নৈখনতো আগৰ বছৰবোৰত যথেষ্ট পৰিমাণৰ জলচৰ পক্ষীৰ বিচৰণ দেখা পোৱা গৈছিল। পিচে যোৱা দুবছৰ ধৰি নৈখনৰ পাৰত ভূ-মাফিয়াই বিলৰ মহলদাৰৰ লগ লাগি অবৈধভাৱে জে চি বি লগাই মাটি খননকার্য চলাই থকাৰ বাবে পকৰীয়াৰ মানচিত্র বাৰুকৈয়ে সলনি হৈ গৈছে। জধে-মধে নৈখনত খননকার্য চলাই থকা কাৰ্যই মাছ, কাছৰ উপৰি জলচৰ পক্ষীৰ প্ৰতি তীব্র ভাবুকি কঢ়িয়াই আনিছে (wetland conservation Assam)।

ইয়াৰ মাজতেই পবিতৰা অভয়াৰণ্য চাবলৈ অহা দর্শনার্থীৰ বাবে আহিছে এটা ভাল খবৰ। পবিতৰা কৰ্তৃপক্ষ তথা বন বিভাগৰ পৰা জানিব পৰা মতে অভয়াৰণ্যখনত অতি শেহতীয়াকৈ দেখা পোৱা গৈছে কেইবাটাও বিৰল প্রজাতিৰ পৰিভ্ৰমী জলচৰ পক্ষীৰ অৱস্থিতি। এইসমূহ ক্ৰমে হোৱাইট ফ্রন্টেড হাঁহ, পাইড এভ’চেট, ফেলকেটেড ডাক, ফেকজিনাছ পচার্ড, নৰ্দান পিনটেইল, গ্রেট ক্রেষ্টেড, গ্রেব, কমন পচার্ড ইত্যাদি।
অভয়াৰণ্যখনৰ তিনিখন গুৰুত্বপূর্ণ বিল ক্ৰমে তামুলীডোভা, পাগলাডোভা আৰু হাঁহচৰা বিলত উল্লেখিত প্রজাতিৰ চৰাইবোৰ দেখা পোৱা গৈছে। ডাঃ উদয়ন বৰঠাকুৰ, বিনোদ ডেকা, দেৱজিৎ নাথ, প্রসন্ন কলিতা, উমেশ ডেকা, নৰোত্তম ডেকা প্ৰমুখ্যে বন বিভাগৰ কৰ্মচাৰী আৰু স্থানীয় প্ৰকৃতিপ্ৰেমী স্বেচ্ছাসেৱী সংগঠনৰ একাংশ লোকে এইকথা পর্যবেক্ষণ কৰিছে।

উল্লেখ্য যে প্রখ্যাত এন জি অ’, ফটোগ্ৰাফাৰ আৰু পক্ষী গণনাত জড়িত বিশেষজ্ঞসকলৰ দ্বাৰা বার্ডলাইফ ইন্টাৰনেচনেলে আই বি এ হিচাপে চিনাক্ত কৰা অভয়াৰণ্যখনত অতি সোনকালে পক্ষীৰ প্রজাতিৰ মুঠ সংখ্যা, ইয়াৰ জনসংখ্যা চিনাক্ত আৰু গণনাৰ বাবে জৰীপ চলাব বুলি পবিতৰাৰ বনাঞ্চলিক বিষয়া প্রাঞ্জল বৰুৱাৰ পৰা জানিব পৰা গৈছে।

লগতে পঢ়কঃ মাজুলীৰ জৈৱ বৈচিত্ৰ্যলৈ ভয়ংকৰ সংকট


Advertisement