গুৱাহাটীঃ বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ উৰুকাৰ দিনা পৰলোকপ্ৰাপ্তি হোৱাৰ খবৰে সমগ্ৰ অসমবাসীকে শোকাচ্ছন্ন কৰি ৰখাৰ সময়তে অসমৰ সমাজ জীৱনৰ দ্বিতীয়টো অপূৰণীয় ক্ষতি সংঘটিত হ’ল (Pradip Barua Death)। যশস্বী সাংবাদিক, সাহিত্যিক প্ৰদীপ বৰুৱাৰ ৮৭ বছৰ বয়সত বুধবাৰে ভোগালী বিহুৰ দিনাই পৰলোক প্ৰাপ্তি ঘটে।
১৯৮১ চনৰ পৰা প্ৰকাশহৈ থকা অসমৰ জনপ্ৰিয় তথা সৰ্বাধিক প্ৰচলিত পষেকীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল প্ৰদীপ বৰুৱা (Assamese Journalist Death)। আলোচনীখনৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ভৱেন্দ্ৰ নাথ শইকীয়াৰ মৃত্যুৰ পিচত আলোচনীখনৰ জৰিয়তে বৌদ্ধিক নেতৃত্ব প্ৰদান কৰিছিল প্ৰদীপ বৰুৱাই। প্ৰগতিবাদী চিন্তা চৰ্চাৰ বাহক হিচাপে প্ৰান্তিকে অসমৰ সাহিত্য তথা সমাজ জীৱনত বিগত ৪৪ বছৰে এক সুকীয়া স্থান দখল কৰি আহিছে। ই সম্ভৱ হৈছে ভৱেন্দ্ৰ নাথ শইকীয়া আৰু পৰৱৰ্তী সময়ত প্ৰদীপ বৰুৱাৰ নেতৃত্বতেই (Pradip Barua Death News)।
উল্লেখযোগ্য যে, ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল প্ৰদীপ বৰুৱাই। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ তিনিপুত্ৰৰ কনিষ্ঠ আছিল প্ৰদীপ বৰুৱা (Pradip Barua Biography)। ২০১২ চনত তেওঁৰ জ্যেষ্ঠ ভাতৃ তুলসী গোবিন্দ বৰুৱাৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন জ্যেষ্ঠ ভাতৃ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বিগত বৰ্ষৰ ১৪ ডিচেম্বৰত পৰলোক প্ৰাপ্তি ঘটিছিল।
২০১৮ চনত তেওঁৰ আত্মজীৱনী স্বগতোক্তি প্ৰকাশ পাইছিল।
মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ
বিশিষ্ট সাংবাদিক জনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এক শোকবাৰ্তাত তেওঁ উল্লেখ কৰে,” আজি মাঘৰ বিহুৰ দিনটোতে প্ৰতিগৰাকী অসমবাসীক মৰ্মাহত কৰা স্বনামধন্য প্ৰদীপ বৰুৱা ডাঙৰীয়াৰ দেহাৱসানৰ খবৰ শুনি গভীৰভাৱে ম্ৰিয়মাণ হ’লোঁ৷ অসমীয়া পষেকীয়া ব্যতিক্ৰমী আলোচনী ‘প্ৰান্তিক’ৰ জৰিয়তে তেখেতে সাহিত্য-চৰ্চাৰ এক সুকীয়া যুগৰ সূচনা কৰাই নহয়, অসমৰ সংবাদ জগতখনকো অনন্য সমৃদ্ধি প্ৰদান কৰিছিল৷ তেখেতৰ অবৰ্তমান আমাৰ বাবে এক পূৰাব নোৱৰা শূন্যতা৷ নিশ্চিতকৈ তেখেতৰ অৱদান প্ৰতি অসমীয়াই চিৰদিন স্মৰণ কৰিব৷ প্ৰভু ভগৱন্তই প্ৰদীপ বৰুৱা ডাঙৰীয়াৰ স্বৰ্গগামী আত্মাক চিৰশান্তি প্ৰদান কৰক৷ এই শোকাৰ্ত মুহূৰ্তত প্ৰসিদ্ধ সম্পাদক, সাহিত্যিকগৰাকীৰ পৰিয়ালবৰ্গ, প্ৰান্তিক পৰিয়াল তথা অজস্ৰ গুণমুগ্ধলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ৷”
সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট সাংবাদিক জনৰ মৃত্যুত শোকপ্ৰকাশ কৰি উল্লেখ কৰে এনেদৰে ,” প্ৰসিদ্ধ সাংবাদিক, ‘প্ৰান্তিক’ আলোচনীৰ সম্পাদক প্ৰদীপ বৰুৱাদেৱৰ দেহাৱসানৰ খবৰটি পাই মৰ্মাহত হৈছোঁ। ‘প্ৰান্তিক’ আলোচনীৰ সৈতে অসমবাসীৰ এক মধুৰ সম্পৰ্ক আছিল। তেখেতৰ পৰলোকপ্ৰাপ্তি অসমৰ সংবাদ জগত তথা সাহিত্য ক্ষেত্ৰৰ বাবে এক বৃহৎ ক্ষতি। বৰুৱাদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ, গুণমুগ্ধলৈ সমবেদনা জনালোঁ।”
লুৰীণজ্যোতি গগৈৰ শোক প্ৰকাশ
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও ‘প্ৰান্তিক’ৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰে । এক শোক বাৰ্তাত তেওঁ উল্লেখ কৰে, “‘প্ৰান্তিক’ৰ সম্পাদক প্ৰদীপ বৰুৱা দেৱৰ বিয়োগৰ লগে লগে এটা যুগৰ অন্ত পৰিল। অসমৰ প্ৰতিঘৰৰে এগৰাকী আপোন সদস্যৰ দৰে হৈ পৰা আলোচনীখনৰ জৰিয়তে বৰুৱা দেৱে সমকালীন সাহিত্য, সমাজ-ৰাজনৈতিক বিষয়ত বলিষ্ঠ বক্তব্য ৰাখি আহিছিল। বিশেষকৈ অসম আন্দোলনৰ সময়ছোৱাতেই জন্ম হোৱা ‘প্ৰান্তিক’এ অসম আন্দোলনৰ সময়ত
লগতে ৰীণজ্যোতি গগৈয়ে উল্লেখ কৰে, “সংবাদ আৰু সাহিত্যৰ মাজেৰে দিক-নিৰ্দেশনা প্ৰদান কৰিছিল।” এগৰাকী ৰুচিশীল, অমায়িক আৰু যথাৰ্থতে ভদ্ৰ অসমীয়া প্ৰদীপ বৰুৱাৰ জীৱনাৱসান অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব। এগৰাকী সম্পাদক হিচাপে অসমীয়া সাহিত্য আৰু সাংবাদিকতালৈ আগবঢ়োৱা তেখেতৰ অৱদান যুগে-যুগে স্মৰণীয় হৈ ৰ’ব। নিৰলস সাধনাৰে এখন আলোচনীক সবল নেতৃত্ব দি বৰুৱা দেৱ নীৰৱে গুচি গ’লগৈ। তেখেতৰ অনুপস্থিতি আমি বাৰুকৈয়ে অনুভৱ কৰিম।
প্ৰদীপ বৰুৱা দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলোঁ। লগতে, শোকাকুল পৰিয়াল, ‘প্ৰান্তিক’ৰ সমূহ সদস্য-পঢ়ুৱৈ আৰু তেখেতৰ গুণমুগ্ধসকললৈ আমাৰ সমবেদনা জনাইছোঁ।”
অখিল গগৈৰ শোক প্ৰকাশ
ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বৰুৱাৰ মৃত্যুত শোক প্ৰকাশ কৰি এক শোক বাৰ্তাত এনেদৰে উল্লেখ কৰে, “প্ৰসিদ্ধ লেখক আৰু সাংবাদিক প্ৰদীপ বৰুৱা দেৱৰ মৃত্যুৰ খবৰে ব্যথিত কৰিলে। ‘প্ৰান্তিক’ ৰ সম্পাদক আৰু প্ৰকাশক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিল। প্ৰদীপ বৰুৱা দেৱৰ মৃত্যু অসমৰ সংবাদ আৰু সাহিত্য জগতৰ বাবে অপূৰণীয় ক্ষতি। তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ জনালোঁ গভীৰ সমবেদনা।”
লগতে পঢ়কঃ সংবাদ জগতৰ মহীৰূহ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মহাপ্ৰয়ান
