ৰহা: শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Prime Minister Narendra Modi)। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল উদ্বোধন কৰি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যালয়ত উপস্থিত হয় নৰেন্দ্ৰ মোদী। কিন্তু নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ সময়তে নগাঁৱৰ ৰহাত সাব্যস্ত হয় প্ৰতিবাদ। সন্ধিয়া হাতে হাতে জোঁৰ লৈ সাব্যস্ত কৰে বৃহৎ প্ৰতিবাদ (Protest during Prime Minister Assam Visit)।
তিৱা স্বায়ত্ত্ব পৰিষদক(Tiwa Autonomous Council) সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা(Sixth Schedule Demand), তিৱা ভাষা শিক্ষক নিযুক্তি দিয়া, ট্ৰাইবেল বেল্ট ব্লকৰ মাটি বেদখল মুক্ত কৰা, কাৰ্বি আংলঙৰ তিৱাসকলৰ বাবে আঞ্চলিক পৰিষদ গঠন কৰা, জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰত স্থানীয় জনজাতীয় যুৱক যুৱতীক নিয়োগ কৰা আদিৰ দাবীত শনিবাৰে সন্ধিয়া সদৌ তিৱা ছাত্ৰ সন্থাই উলিয়ায় এই বৃহৎ জোঁৰ সমদল (All Tiwa Students Union)৷
সদৌ তিৱা ছাত্ৰ সন্থাৰ ৰহা আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই জোঁৰ সমদলে ৰহা চহৰ পৰিভ্ৰমণ কৰি তিৱা স্বায়ত্ত্ব পৰিষদক ষষ্ঠ অনুসূচী প্ৰদান কৰক, তিৱা ভাষা শিক্ষক নিযুক্তি দিয়ক, আমাৰ দাবী মানিবই লাগিব আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰহা চহৰ(All Tiwa Students Union) ৷
লগতে চৰকাৰে তিৱা জনগোষ্ঠীক বাৰে বাৰে প্ৰতাৰণা কৰি অহা বুলি চৰকাৰক কঠোৰ সমালোচনা কৰে আৰু ডিচেম্বৰৰ ভিতৰত তিৱা ছাত্ৰ সন্থাৰ লগত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী তোলে ৷ অন্যথা অধিক গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ লগতে আগন্তুক নিৰ্বাচনত তিৱা ৰাইজে বিজেপিক উচিত শিক্ষা দিব বুলিও সকীয়াই দিয়ে ৷
লগতে পঢ়ক: Viksit Assam Viksit Bharat: বিকশিত অসমেই বিকশিত ভাৰতৰ পথ প্ৰদৰ্শক হ’ব: নৰেন্দ্ৰ মোডী

