Spring Festival Celebrated at Rabindranath Tagore University with Colourful Cultural Performancesৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত বসন্ত মিলন উৎসৱ উদযাপন

হোজাইঃ হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু সংখ্যালঘু ভাষিক উন্নয়ন পৰিষদৰ উদ্যোগত শনিবাৰে বিশ্ববিদ্যালয়খনৰ শ্ৰীমন্ত শংকৰদেৱ চৌহদৰ বটানিকেল উদ্যানৰ মুক্তমঞ্চত প্ৰতিবছৰৰ দৰে এইবাৰো “বসন্ত মিলন উৎসৱ” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানটি উলহ-মালহেৰে উদযাপন কৰা হয় (Rabindranath Tagore University Spring Festival)।

অনুষ্ঠানটোৰ শুভাৰম্ভ হয় বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মানৱেন্দ্ৰ দত্ত চৌধুৰী আৰু সংখ্যালঘু ভাষিক উন্নয়ন পৰিষদৰ অধ্যক্ষ শিলাদিত্য দেৱৰ বন্তি প্ৰজ্বলনৰে। ইয়াৰ ঠিক পিছতে আৰম্ভ হয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ।

অনুষ্ঠানৰ আৰম্ভণিতে সুজন দাস আৰু আশীৰ্বাণী কৰৰ কণ্ঠত হৰি গীত পৰিৱেশন কৰা হয়। ইয়াৰ পিছতেই ক্ৰমে বকুল বৰাৰ দলৰ দ্বাৰা ভোৰ তাল নৃত্য, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ব্ৰজৰ হোলী, বৰপেটীয়া হোলী নৃত্য, মণিপুৰী নৃত্য, ডিমাচা নৃত্য, কাৰ্বি নৃত্য আৰু সত্ৰীয়া নৃত্য আদিবোৰে প্ৰদৰ্শন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰে। গুৱাহাটীৰ মাল্যশ্ৰী নৃত্য বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে, হোজাইৰ তাৰাংগিনী নৃত্যালয়ৰ শিল্পীসকলেও অনুষ্ঠানটিত মনোমোহা নৃত্য পৰিৱেশন কৰে। শিল্পী সুপৰ্ণা বনিকৰ সুৰীয়া কণ্ঠত গীত পৰিৱেশন, লামডিং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন আদিয়েও অনুষ্ঠানটোক আৰু অধিক মনোৰম কৰি তোলে।

ইয়াৰোপৰি মণিপুৰী মহিলা আৰু সাংস্কৃতিক সংগঠনৰ শিল্পীসকলৰ দ্বাৰা মণিপুৰী হোলী দলীয় নৃত্য পৰিৱেশন, জনজাতি সাংস্কৃতিক মহাসভাৰ শিল্পীসকলৰ দ্বাৰা বাগুৰুম্বা নৃত্য প্ৰদৰ্শন, লংকাৰ কলা-কৌশলীসকলৰ দ্বাৰা ধামাইল নৃত্য পৰিৱেশন কৰা হয়। অনুষ্ঠানটি সুচাৰুভাৱে পৰিচালনা কৰে বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক ড° পৰিস্মিতা হাজৰিকাই। বিভিন্ন জনগোষ্ঠীৰ সংস্কৃতি, সংগীত আৰু নৃত্যৰ মনোমোহা সমাহাৰেৰে অনুষ্ঠিত এই বসন্ত মিলন উৎসৱে উপস্থিত দৰ্শকক এক আনন্দময় পৰিৱেশ উপহাৰ দিয়ে বুলি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা লেখক গৌতম শৰ্মাই সংবাদ মাধ্যমক অৱগত কৰিছে।

লগতে পঢ়কঃ আন্তৰ্জাতিক নাৰী দিৱসৰ বিশেষ লেখা আন্তৰ্জাতিক নাৰী দিৱসঃ পটভূমি আৰু অগ্ৰগতি


Advertisement