তিনিচুকীয়াঃ “এজন অহংকাৰী ৰজা আৰু ৰাইজৰ যুঁজ ।২০২৬ চনৰ বিধান সভা নিৰ্বাচনত এই আকৰ্ষণীয় যুঁজখনেই দেখা পাব অসমৰ ৰাইজে”, এই মন্তব্যৰে অসমৰ সাম্প্ৰতিক ৰাজনীতি উত্তাল কৰি তুলিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে (Gaurav Gogoi Tinsukia Statement)।
তিনিচুকীয়াত অনুষ্ঠিত এখন সংবাদ মেলত গগৈয়ে কয়,” ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচন কেৱল দলৰ মাজতে সীমাবদ্ধ নাথাকে। ইয়াতকৈ এঢাপ আগুৱাই এই নিৰ্বাচনী যুঁজ হব এজন অহংকাৰী ৰজা আৰু ৰাইজৰ মাজত। এই যুঁজ হব অসমৰ জনসাধাৰণ বনাম স্বেচ্ছাচাৰী ৰজাৰ মাজত হব। এইবাৰ নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হব।
ৰাইজে অপশাসন ওফৰাবঃ গগৈঃ
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “মই যথেষ্ট উৎসাহৰে বাট চাইছো। বিভিন্ন ৰাজ্যত আলোচনা হৈছে। বিজেপি দলৰ ওচৰত টকা আছে, চৰকাৰী বিষয়াক কেপচাৰ কৰি লৈছে।আৰক্ষী প্ৰশাসন তেওঁলোকৰ লগত আছে। নিৰ্বাচন আয়োগক নিয়ন্ত্ৰণ কৰি নিৰ্বাচন জিকিবলৈ সক্ষম হয়। আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া নিৰপেক্ষ নহয়। কিন্তু অসমৰ ৰাইজে দেখুৱাব। ৰাইজ একত্ৰিত হ’লে কেনেদৰে ধনবল, বাহুবল, অপশাসনক ওফৰাব পাৰে অসমৰ জনসাধাৰণে ভাৰতক এই শিক্ষা দেখুৱাব।”
তেজপুৰ বিশ্ববিদ্যালয় প্ৰসংগত গগৈৰ মন্তব্যঃ
তেজপুৰ বিশ্ববিদ্যালয় প্ৰসংগত তেওঁ কয়,” এইয়া হৈছে আমাৰ বাস্তৱিক শিক্ষানুষ্ঠানৰ পৰিণতি। তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পূৰ্বতে পাটনা বিশ্ববিদ্যালয়ত থাকোতেই আৰ্থিক কেলেংকাৰী আছিল। বিহাৰৰ এন ডি এ চৰকাৰে তেওঁৰ ওপৰত আৰ্থিক কেলেংকাৰীৰ তদন্ত দিছিল। তেনেকুৱা এজন মানুহ তেজপুৰ বিশ্ববিদ্যালয়ত আহিল? ‘
“তেজপুৰ বিশ্ববিদ্যালয় কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত এচিয়াৰ টপ টেন বিশ্ববিদ্যালয়ৰ ভিতৰত আছিল। বিজেপি চৰকাৰে ছাত্র-ছাত্রীক মাহেকীয়া সাহায্য দিছে।কিন্তু অসমৰ।তথা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠান সমূহ ধ্বংস কৰিছে।”- গগৈৰ মন্তব্য।
ছয় জনগোষ্ঠীৰ প্ৰসংগত বিজেপিৰ প্ৰতাৰণাৰ অভিযোগঃ
” বিজেপিয়ে খিলঞ্জীয়া মানুহক প্ৰতাৰণা কৰি আহিছে। বিধান সভাত এখন প্ৰতিবেদন দাখিল কৰি ডাঙৰ কাম কৰিলে বুলি ভাবিলে। পিচত বিজেপিয়ে নিজেই কলে বিধান সভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহয়।”- গৌৰৱ গগৈয়ে কয়।
বিৰোধিতা মিত্ৰতাৰ ক্ষেত্ৰত আত্মবিশ্বাসী গগৈঃ
বিৰোধী মিত্ৰতাৰ প্ৰসংগত গৌৰৱ গগৈ কয়,” বিৰোধী দলৰ মিত্ৰতাৰ ক্ষেত্ৰত এশ শতাংশ আত্মবিশ্বাসী বুলি মন্তব্য কৰি সাংবাদিকক ওলোটাই সুধি কয় বিজেপিয়ে অগপক কেইখন আসন দিব। মই বুজি পোৱা নাই। আমাৰ চৰ্চা বেছি। কিন্তু তেওঁলোকৰ ঘৰত আমাতকৈ বেছি ভাঙোন। মুখ্যমন্ত্ৰী সকলোৰে পৰা দূৰত থাকে। আন সকলো তেওঁৰ পৰা দূৰত থাকে।”

