Rajen Gohain Sonowal Himanta Statement:: সোণোৱালৰ প্ৰশংসা,হিমন্তক তুলাধূনা ৰাজেন গোহাঁইৰ

নিউজ ডেস্কঃ সংবাদ মাধ্যমৰ সন্মুখত পুনৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰা বিজেপিৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ অসম জাতীয় পৰিষদৰ নেতা ৰাজেন গোহাঁইৰ মুখত এইবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰশংসা (Rajen Gohain on Sonowal Himanta)। ‘সৰ্বানন্দ সোণোৱালক দেখুৱাবলৈহৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিছিল। ইয়াৰ দ্বাৰা আমাৰ কোনো জাত পাত নাই বুলি জনসাধাৰণক বিপথে পৰিচালিত কৰিব বিচাৰিছিল’- সংবাদ মাধ্যমৰ আগত এনেদৰে বিস্ফোৰক মন্তব্য কৰে এসময়ৰ ৰাজ্যিক বিজেপিৰ সভাপতি, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্তমান অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁইৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গোহাঁইয়ে কয় যে- সৰ্বানন্দ সোণোৱালৰ কোনোধৰণৰ বদনাম নাছিল, কোনোধৰণৰ দুৰ্নীতি নাছিল। তথাপিও তেওঁক মুখ্যমন্ত্ৰী পদৰ পৰা আতৰালে কিয় ? আনকি সৰ্বানন্দ সোণোৱালৰ সপক্ষে কোৱাৰ বাবে তেওঁ হাগ্ৰামা মহিলাৰীকো আঁতৰাই দিছিল (Assam Politics News)। এতিয়া বিপথত পৰি পুনৰ হাগ্ৰামাৰ শৰণাপন্ন হৈছে। সৰ্বানন্দ সোণোৱালে যদি মাত মাতিলেহেতেন তেন্তে লাখ লাখ মানুহ তেওঁৰ পিচত দৌৰিলেহেঁতেন। তেওঁ যদি প্ৰতিবাদ কৰিলেহেতেন তেন্তে ভ্ৰষ্টাচাৰী জনে শাসন কৰিব নোৱাৰিলেহেতেন (Sarbananda Sonowal)।

২০২৬ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ প্ৰসংগত গোহাঁইৰ মন্তব্যঃ

২০২৬ চনৰ বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্পৰ্কত গোহাঁইয়ে কয়-‘দলে বিচাৰিলে চিন্তা কৰিম।’ তেওঁ কয়-‘ ৰাষ্ট্ৰীয় দলৰ সপক্ষে থাকিলে ৰাজ্যখন দিল্লীৰ হাতত গটাই দিব লাগিব। বিগত ১০ টা বছৰত অসমৰ যুৱক-যুৱতীয়ে কোনো এটা ব্যৱসায়-বাণিজ্য কৰাৰ সুযোগ নাপালে। লোক নিৰ্মাণ বিভাগকে ধৰি বিভিন্ন ঠিকা ডাঙৰ ডাঙৰ ঠিকাদাৰক দিলে। ৬ জনগোষ্ঠীৰ প্ৰসংগলৈও আমাক মূৰ্খ বনাই আছে। চাহ জনগোষ্ঠীকো ভূমি দানৰ নামত প্ৰতাৰণাৰ অভিযোগ কৰে গোহাঁইয়ে ((Rajen Gohain Statement)।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস নকৰিবলৈ আহ্বান গোহাঁইৰঃ

সকলোকে বিশ্বাস কৰিলেও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও বিশ্বাস নকৰিব- এই আহ্বান অজাপৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ। গোহাঁইৰ মন্তব্য- যি সকলে গালত চুমা খাই দিয়ে তেওঁলোকক ধিক্কাৰ দিছো। তেওঁলোকে মানুহ চিনি নাপায়।

কোনো জানে তেওঁক ধৰি ৰাখিব পৰা নাই

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বিৰুদ্ধে ব্যৱহাৰ হোৱা সকলো জাল ফালি ওলাই আহিছিল বুলি মন্তব্য কৰে গোহাঁইয়ে। লুইছ বাৰ্জাৰ, সাৰদা কেলেংকাৰী আদিৰ জাল ফালি তেওঁ ওলাই আহিছিল (Political Controversy Assam)।

লগতে পঢ়কঃ Assam Congress seat sharing 2026: ১০০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে, ২৬ খন এৰিব মিত্ৰদললৈ


Advertisement