Rajdhani Express Elephant Death:ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হাতী পোৱালীটোৰো মৃত্যু ঘটিল

নগাঁও: চিকিৎসকৰ উন্নত চিকিৎসায়ো জীয়াই ৰাখিব নোৱাৰিলে ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত আহত হাতী পোৱালীটোক। চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিল হাতী পোৱালীটোৰ। দেওবাৰে পুৱা ১০.৪৫ মান বজাত কাজিৰঙা বন্যপ্ৰাণী পুনঃসংস্থাপন কেন্দ্ৰত মৃত্যু হয় হাতী পোৱালীটোৰ (Rajdhani Express Elephant Death)।

শনিবাৰে পুৱতি নিশা প্ৰায় ২.২০ মান বজাত দ্ৰুতবেগৰে দিল্লী অভিমুখে গৈ থকা ২০৫০৭ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত থিতাতে মৃত্যু ঘটিছিল সাতটাকৈ বনৰীয়া হাতীৰ। এটা গৰ্ভৱতী হাতীসহ মুঠ সাতটাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আহত হৈছিল এমহৰো কম বয়সৰ এটা হাতী পোৱালী। নিশাই দুর্ঘটনাস্থলীত উপস্থিত হোৱা কামপুৰ আঞ্চলিক বন বিষয়াসহ বনকৰ্মীৰ দলে হাতী পোৱালীটোক উদ্ধাৰ কৰি জীৱন ৰক্ষাৰ চেষ্টা কৰে(Assam elephant train accident)।

ৰেলৰ খুন্দাত গুৰতৰভাৱে আহত হোৱা হাতী পোৱালীটোক উন্নত চিকিৎসাৰ বাবে কাজিৰঙাস্থিত বন্যপ্ৰাণী পুনৰসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা কৰে। কাজিৰঙা বন্যপ্ৰাণী পুনৰসংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ দলে শনিবাৰে পুৱাৰ পৰাই বিৰামহীন চিকিৎসা প্ৰদান কৰে যদিও দেওবাৰে পুৱা ১০.৪৫ বজাত হাতী পোৱালীটোৰ মৃত্যু হয়। কম বয়সীয়া হাতী পোৱালীটোৰ মৃত্যু হোৱাত কামপুৰৰ চাংজুৰাইত ৰেলৰ খুন্দাত নিহত হাতীৰ সংখ্যা আঠ টালৈ বৃদ্ধি হয়(Kaziranga Wildlife Rehabilitation Centre)।

উল্লেখযোগ্য যে, শনিবাৰে পুৱতি নিশা দিল্লী অভিমুখী ৰাজধনী এক্সপ্ৰেছৰ খুন্দাত সাতটাকৈ হাতীৰ থিতাতে কৰুণ মৃত্যু হোৱাৰ পাছত চিকিৎসাধীন অৱস্থাত আৰু এটা হাতী পোৱালীসহ মুঠ আঠটাকৈ হাতীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে(Elephant train collision Assam)।

বৃহত্তৰ কামপুৰ অঞ্চলত বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ বিষয়ে নিশাই কামপুৰ ৰেল ষ্টেচনক অৱগত কৰোৱাৰ পাছতো ৰেলখনৰ গতি হ্ৰাস নকৰাৰ ফলত ঘন কুঁৱলীৰ মাজত সংঘটিত হয় শোকাৱহ দুর্ঘটনাটো।

লগতে পঢ়ক: কিলোমিটাৰ দূৰত্বত ৯ বছৰত ১৫ টা বন্যহস্তীৰ মৃত্যু


Advertisement