নেশ্যনেল ডেস্ক: বিশ্বৰ বিভিন্ন প্ৰান্তত ভাৰতীয় মহাকাব্য ৰামায়ণৰ প্ৰভাৱ কিমান গভীৰ, তাৰ এক জ্বলন্ত উদাহৰণ হ’ল প্ৰভু ৰামচন্দ্ৰক লৈ প্ৰকাশ কৰা ডাক টিকট (Ramayana Postage Stamps)। মধ্যপ্ৰদেশৰ জবলপুৰত অনুষ্ঠিত বিশ্ব ৰামায়ণ সন্মিলনত বিশ্বৰ কমেও ২০খন দেশত প্ৰভু ৰামচন্দ্ৰ আৰু ৰামায়ণ বিষয়ক ডাক টিকট মুকলি কৰাৰ তথ্য প্ৰকাশ পাইছে।
এই সন্মিলনত অংশ লোৱা ডাক টিকট সংগ্ৰাহকসকলৰ মতে, এই ডাক টিকটসমূহত কেৱল প্ৰভু ৰামচন্দ্ৰ আৰু সীতাৰে নহয়, ৰাৱণ, মেঘনাদ, হনুমান আদি চৰিত্ৰসমূহো চিত্ৰিত কৰা হৈছে (World Ramayana Conference)। এই ডাক টিকটসমূহ কেৱল ধৰ্মীয় ভাৱেই নহয়, ই এক সাংস্কৃতিক পৰিচয়ৰ প্ৰতীক হিচাপে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে।
জবলপুৰৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সতীশ কুমাৰ শ্ৰীবাস্তৱে অৱসৰৰ পিছত নিজকে ৰামায়ণ বিষয়ক ডাক টিকট সংগ্ৰহত উৎসৰ্গা কৰিছে। প্ৰথমে ভাৰতীয় ডাক টিকট সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি পিছলৈ তেওঁ বিশ্বৰ বিভিন্ন দেশৰ ডাক টিকট সংগ্ৰহ আৰু সেইসমূহৰ অধ্যয়ন (Philately) কৰিবলৈ আৰম্ভ কৰে ।
তেওঁৰ অনুসন্ধানত পোৱা তথ্য অনুসৰি, ভাৰতৰ বাহিৰেও নেপাল, ভুটান, শ্ৰীলংকা, থাইলেণ্ড, ইণ্ডোনেছিয়া আদি দেশত ৰামায়ণ মহাকাব্যখন স্থানীয় নৃত্য, নাটক আৰু সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত। মৰিচিয়াছতো ৰামায়ণৰ সৈতে এক গভীৰ সাংস্কৃতিক সম্পৰ্ক দেখা যায়।
শ্ৰীবাস্তৱে কয়, “নেপালে শ্ৰৱণ কুমাৰৰ ওপৰত ডাক টিকট প্ৰকাশ কৰিছে। চেণ্ট ভিনচেণ্ট এণ্ড গ্ৰেনাডিনছত প্ৰভু ৰামচন্দ্ৰ, বিষ্ণুৰ অৱতাৰ আৰু ৰাৱণৰ ওপৰত টিকট আছে। এনটিগুৱা এণ্ড বাৰবুডাতো ৰামায়ণৰ বহু চৰিত্ৰক লৈ টিকট প্ৰকাশ পাইছে।”
ইণ্ডোনেছিয়াত অশোক বনিকা সীতা আৰু হনুমানৰ চিত্ৰ থকা টিকট, বালীত সঞ্জীৱনী পৰ্বত তুলি থকা হনুমানৰ টিকট প্ৰকাশ কৰা হৈছে। উগাণ্ডা আৰু কম্বোডিয়াতো হনুমানক লৈ ডাক টিকট প্ৰকাশ পাইছে, যিয়ে ৰামায়ণৰ বৈশ্বিক প্ৰভাৱ (Global Ramayana Influence) স্পষ্ট কৰি তোলে।
তেওঁ কয়, বিদেশৰ পৰা ডাক টিকট সংগ্ৰহ কৰাটো ব্যয়বহুল, কাৰণ এটা টিকট নহয়, সম্পূৰ্ণ ছিৰিজ কিনিব লাগে। তথাপিও ৰামায়ণৰ প্ৰতি থকা ভালপোৱাৰ বাবেই এই কাম অব্যাহত ৰাখিছে।
ডাক টিকট সংগ্ৰাহক শ্যাম নাৰায়ণ তিৱাৰীয়ে কয়, “এটা বিশেষ ডাক টিকট আছে যিটো প্ৰথমে ভাৰতত প্ৰকাশ হ’ব লাগিছিল, কিন্তু লাওছে প্ৰকাশ কৰে। সেইটো অযোধ্যাৰ ৰামলালা মূৰ্তিৰ ওপৰত আধাৰিত (Ramlala Postage Stamp)।”
উল্লেখযোগ্য যে, ২০২৪ চনত লাওছৰ ৰাজধানী ভিয়েনতিয়ানত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে এই বিশেষ ডাক টিকট উন্মোচন কৰিছিল। তেতিয়া তেওঁ কৈছিল যে, এই টিকটে ৰামায়ণ আৰু বৌদ্ধ ধৰ্মৰ সৈতে ভাৰত-লাওছৰ যৌথ সাংস্কৃতিক ঐতিহ্য উদযাপন কৰে । লাওছেই বিশ্বৰ প্ৰথম দেশ হিচাপে ৰামচন্দ্ৰক লৈ ডাক টিকট প্ৰকাশ কৰে।
ৰামায়নৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা এইসমূহ (Ramayana Postage Stamps) কেৱল মাথো ডাক টিকটেই নহয়, ই বিশ্বজুৰি ৰামায়ণৰ সাংস্কৃতিক যাত্ৰাৰ এক শক্তিশালী সাক্ষ্য হিচাপে স্বিকৃতি লাভ কৰিছে।
লগতে পঢ়ক: Batadrava Project Inauguration: বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

